অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নলিন দুৱৰা

নলিন দুৱৰা (Nalin Duwara) অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত (বৰ্তমানৰ গোলাঘাট জিলা) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

নলিন দুৱৰা (Nalin Duwara) অসমৰ চলচ্চিত্ৰৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত (বৰ্তমানৰ গোলাঘাট জিলা) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা। দেউতাক সৰ্বানন্দ দুৱৰা অভয়জান আৰু শাওতলী বাগিছাৰ স্বত্বাধিকাৰ আছিল। গোলাঘাট বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শ্বিলঙৰ চেইণ্ট এন্থনিজ্ এণ্ড চেইণ্ট এডমণ্ডছ্ কলেজত উচ্চশিক্ষা গ্ৰহণ কৰে।১

১৯৪৭ত দুৱৰাই মুম্বাইৰ আব্দুল্লা ফজলভাই ইঞ্চটিটিউট অৱ চেইণ্ট জেভিয়াৰ্ছৰ পৰা মোচন পিকচাৰ্চ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। ডিপ্লোমা লোৱাৰ পিছত তেওঁ কলিকতাৰ ইন্দ্ৰলোক ষ্টুডিঅ' আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কামত সোমায়। এইখিনি সময়তে তেওঁ প্ৰখ্যাত পৰিচালক হৃষিকেশ মুখাৰ্জী, বিমল ৰয় আদি পৰিচালকৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিল।১

চলচ্চিত্ৰপঞ্জী

পৰিচালনা

চিত্ৰগ্ৰহণ

তথ্যসূত্ৰ

  1. ↑ Nolin Duwora
  2. ↑ Arunlochan Das. (2013). 100 Asomiya Chalachchitror kahini Aru Geet. Sashi-Sishu Prakashan, গুৱাহাটী

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ চিত্ৰগ্ৰহণকাৰীঅসমৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলিন দুৱৰা” প্ৰবন্ধৰ সংশোধন ৩৯২৮৯৬ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।