অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰঙা পুলিচ

ৰঙা পুলিচ (Ronga Police) ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা বিংশতম অসমীয়া কথাছবি আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ৩৫৬ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ৰঙা পুলিচ (Ronga Police) ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰা বিংশতম অসমীয়া কথাছবি আৰু ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি। মিলিত শিল্পী চিনে প্ৰডাকচনচ প্ৰাইভেট লিমিটেডে প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছিল নিপ বৰুৱাই। ৰমেশ শৰ্মাৰ একে নামৰ মঞ্চনাট এখনৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।১

নিৰ্মাণৰ আঁৰৰ কাহিনী

১৯৫৩ চনত যোৰহাটত 'মিলিত শিল্পী সমাজ' নামৰ নামৰ এটা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠে। নাট্যাচাৰ্য্য ইন্দ্ৰেশ্বৰ বৰঠাকুৰে এই সমাজৰ গুৰি ধৰিছিল। সাধাৰণ সম্পাদক আছিল ভুবন ৰঞ্জন বৰঠাকুৰ আৰু সাংস্কৃতিক সম্পাদক আছিল আব্দুল মজিদ। অসমৰ কেবাগৰাকীও শিল্পী এই 'মিলিত শিল্পী সমাজ'ৰপৰাই ওলাই আহিছিল। 'মিলিত শিল্পী সমাজে' সেই বছৰ নিবেদন কৰিছিল ৰমেশ শৰ্মাই ৰচনা কৰা 'ৰঙা পুলিচ' নামৰ নাটখন। নাটখনৰ প্ৰদৰ্শনত উপস্থিত আছিল নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱা। নাটখন চাই তেওঁলোকে সেইখন চলচ্চিত্ৰ ৰূপ দিবলৈ কয়। 'মিলিত শিল্পী সমাজে' চলচ্চিত্ৰ এখন নিৰ্মাণৰ বাবে ইতিমধ্যে সাজু হৈছিল। তেওঁলোকে চৈয়দ আব্দুল মালিকৰ 'মাটিৰ চাকি' নামৰ উপন্যাসখনক চিত্ৰৰূপ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু নিপ বৰুৱা আৰু ব্ৰজেন বৰুৱাই দিয়া পৰামৰ্শ অনুসৰি 'ৰঙা পুলিচ' নাটখনকে চলচ্চিত্ৰ ৰূপ দিবলৈ স্থিৰ কৰে।১২৩

১৯৫৭ চনত 'মিলিত শিল্পী চিনে প্ৰডাক্‌চনচ্‌' নামেৰে কোম্পানী এটা ৰেজিষ্ট্ৰেচন কৰি ছবি নিৰ্মাণৰ বাবে নিপ বৰুৱাৰ হাততে দায়িত্ব অৰ্পণ কৰা হয়। 'মিলিত শিল্পী সমাজে' সমজুৱা ভাবে টকা সংগ্ৰহ কৰি ছবিখন নিৰ্মাণ কৰিছিল।১

ছবিখনৰ কাহিনী

এগৰাকী পত্নীহাৰা শিক্ষকৰ চাৰি গৰাকী সন্তান। ডাঙৰজন হাকিম, মাজুজন পুলিচৰ কনিষ্টবল, তাৰ তলত এজনী বিধবা ছোৱলী আৰু বেয়া পথত ভৰি দিয়া সৰু পুত্ৰ। মাজু পুত্ৰ ঘৰৰ বাহিৰত পুলিচ বেৰেকত থাকে, বাকী কেইজন থাকে একেটা পৰিয়ালত। সৰু পুত্ৰই বিভিন্ন সমস্যা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এদিন ডকাইতি কৰিবলৈ গৈ মানুহ এজনক হত্যা কৰ। পুৰস্কাৰ প্ৰাপ্ত কনিষ্টবল মাজু পুত্ৰই সৰু ভায়েকক গ্ৰেপ্তাৰ কৰিবলগীয়া হয়।৩৪

ৰাইজৰ সঁহাৰি

১৯৫৮ চনৰ জানুৱাৰী মাহত 'ৰঙা পুলিচ' মুক্তি দিয়া হয়। 'মাদাৰ ইণ্ডিয়া' নামৰ ছবিখনৰ লগে লগে 'ৰঙা পুলিচ' মুক্তি দিয়া হৈছিল। ছবিখন প্ৰথমে যোৰহাটৰ আচকৰণ জালান নামৰ ব্যক্তি এজনে পৰিবেশন কৰিছিল। পাছলৈ নিপ বৰুৱাই কিছু বছৰ ধৰি ছবিখন চলাইছিল।১

পুৰস্কাৰ

ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া কথাছবি আছিল ৰঙা পুলিচ। ইয়াৰ আগতে ফণী শৰ্মা পৰিচালিত পিয়লী ফুকন (১৯৫৫), নিপ বৰুৱা পৰিচালিত মাক আৰু মৰম (চলচ্চিত্ৰ) (১৯৫৭) আৰু তেজীমলা নামৰ ছবি তিনিখনে 'চাৰ্টিফিকেট অৱ মেৰিট' লাভ কৰিছিল।৩১

অভিনয়ত

কলা-কুশলী

(তথ্যছকত উল্লেখ নথকা)

  • সহকাৰী পৰিচালক: নুৰুল হক
  • আলোক চিত্ৰশিল্পী: নলিন দুৱৰা
  • সহকাৰী: সুজিত সিন্‌হা
  • কলা নিৰ্দেশনা: বিজয় বসু
  • ৰূপসজ্জা: দেবী হালদাৰ, অনিল দাস
  • শব্দগ্ৰহণ: বাণী দত্ত
  • গীতিকাৰ: নুৰুল হক৪

সংগীত

ৰঙা পুলিচৰ সংগীত পৰিচালক আছিল নিজামুদ্দিন আহমদ হাজৰিকা। নামটো চুটিকৈ 'নিজাম' বুলি ছবিত উল্লেখ আছে। গীতত কণ্ঠ দিছিল ৰাণু ভট্টাচাৰ্য (ফুকন) আৰু মুহিবুদ্দিন আহমদে (তগৰ)। গীতিকাৰ আছিল নুৰুল হক।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 'এবাৰ উভতি চাওঁ', অৰুণলোচন দাস, শিশুসাৰথি প্ৰকাশন, গুৱাহাটী, ২০০১
  2. ↑ (১৯৯৫). মঞ্চলেখা, পৃঃ ৩১৬-৩১৭, অতুল চন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী
  3. ↑ (২৮-৪-১৯৫৯). ৬ষ্ট ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
  4. ↑ ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত, পৃঃ৮৬-৮৯, অৰুণলোচন দাস, শশী-শিশু প্ৰকাশ, গুৱাহাটী, ২০১৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫৮ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙা পুলিচ” প্ৰবন্ধৰ সংশোধন ৪৪৬১৫৮ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।