অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হৃষিকেশ মুখাৰ্জী

হৃষিকেশ মুখাৰ্জী (( Hrishikesh Mukherjee; ৩০ ছেপ্টেম্বৰ ১৯২২ – ২৭ আগষ্ট ২০০৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, সম্পাদক আৰু লেখক। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৬৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হৃষিকেশ মুখাৰ্জী (( Hrishikesh Mukherjee; ৩০ ছেপ্টেম্বৰ ১৯২২ – ২৭ আগষ্ট ২০০৬) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, সম্পাদক আৰু লেখক। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়। জনপ্ৰিয়ভাৱে হৃষিদা নামেৰে পৰিচিত মুখাৰ্জীয়ে চাৰি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত ৪২খন ছবি পৰিচালনা কৰিছিল। তেওঁক ভাৰতৰ ‘মধ্যমপন্থী চলচ্চিত্ৰ’ৰ পথ প্ৰদৰ্শক হিচাপে স্বীকৃতি দিয়া হয়। পৰিৱৰ্তনশীল মধ্যবিত্তীয় জীৱন-ধাৰাক প্ৰতিফলিত কৰা সামাজিক ছবিৰ বাবে বিখ্যাত মুখাৰ্জীয়ে "মূলসুঁতিৰ চলচ্চিত্ৰ"ৰ অতিৰিক্ততা বা অবাস্তৱতা আৰু সমান্তৰাল চলচ্চিত্ৰৰ তীব্ৰ বাস্তৱবাদৰ মাজত এটা মধ্যম পথ খোদিত কৰিছিল"।১২৩৪

আনাৰী, সত্যকাম, চুপকে চুপকে, অনুপমা, অনুৰাধা, আনন্দ, অভিমান, গুড্ডি, গোলমাল, মঝলি দিদি, চৈতালী, আশীৰ্বাদ, বাৱৰ্চী, খুবচুৰত, কিছি সে না কেহনা, নমকহৰাম আদি তেওঁৰ কেইখনমান উল্লেখযোগ্য ছবি।

তেওঁ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ড (CBFC) আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) অধ্যক্ষৰ দায়িত্বত আছিল।[5] ভাৰত চৰকাৰে তেওঁক ১৯৯৯ চনত দাদাচাহেব ফাল্কে বঁটা আৰু ২০০১ চনত পদ্মবিভূষণেৰে সন্মানিত কৰে। ২০০১ চনত তেওঁ অন্ধ্ৰপ্ৰদেশ চৰকাৰে প্ৰদান কৰা এন টি আৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে আঠটা ফিল্মফেয়াৰ বঁটাও লাভ কৰে।

কৰ্মজীৱন

মুখাৰ্জীয়ে ১৯৪০-ৰ দশকৰ শেষৰ ফালে কলিকতাৰ বীৰেন্দ্ৰনাথ চৰকাৰৰ নিউ থিয়েটাৰত কেমেৰামেন হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পিছলৈ তেওঁ চলচ্চিত্ৰ সম্পাদক হিচাপে কাম কৰিবলৈ লয়। তেওঁ সেই সময়ৰ সুপৰিচিত সম্পাদক সুবোধ মিত্ৰৰ (কেঁচিদা) পৰা কাম শিকিছিল। [7] ১৯৫১ চনৰ পৰা বিমল ৰায়ৰ সৈতে মুম্বাইত চলচ্চিত্ৰ সম্পাদক আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰে।[8] তেওঁ ৰায়ৰ যুগান্তকাৰী ছবি দো বিঘা জমিন (১৯৫৩) আৰু দেৱদাসত (১৯৫৫) জড়িত হৈছিল।

তেওঁৰ প্ৰথম পৰিচালনা মুছাফিৰ (১৯৫৭) সফল নহ'ল। ১৯৫৯ চনত তেওঁৰ দ্বিতীয়খন ছবি আনাড়ী প্ৰশংসিত হয়। ছবিখনে পাঁচটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে। আনাড়ীৰ বাবে অৱশ্যে মুখাৰ্জীয়ে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ মনোনয়ন পাইছিল যদিও তেওঁৰ গুৰু বিমল ৰায়ৰ ওচৰত পৰাজিত হয়।

ইয়াৰ পিছৰ বছৰবোৰত তেওঁ অসংখ্য ছবি নিৰ্মাণ কৰিছিল। তাৰে কিছুমান উল্লেখযোগ্য ছবি হ’ল- অনুৰাধা (১৯৬০),ছায়া (১৯৬১),আচলি-নকলি (১৯৬২), অনুপমা (১৯৬৬), আশীৰ্বাদ (১৯৬৮), সত্যকাম (১৯৬৯), গুড্ডি (১৯৭১), আনন্দ (১৯৭১), বাৱৰ্চি (১৯৭২), অভিমান (১৯৭৩), নমকহাৰাম (১৯৭৩), মিলি (১৯৭৫), চুপকে চুপকে (১৯৭৫), আলাপ (১৯৭৭), গোলমাল (১৯৭৯), খুবছুৰত (১৯৮০) আৰু বেমিছাল (১৯৮২)। তেওঁ ধৰ্মেন্দ্ৰক চুপকে চুপকেৰ জৰিয়তে প্ৰথমবাৰৰ বাবে কমেডী চৰিত্ৰত চিনাকি কৰাই দিছিল আৰু ১৯৭০ চনত অমিতাভ বচ্চনক আনন্দৰ যোগেদি তেওঁক এটা ডাঙৰ সুযোগ দিছিল। গুড্ডিৰ যোগেদি জয়া বচ্চনকো হিন্দী চলচ্চিত্ৰলৈ লৈ আনিছিল, য’ত ভাদুৰীয়ে ৰাজেশ খান্নাৰ নায়িকা হৈছিল।[5] তেওঁৰ গুৰু বিমল ৰায়ৰ মধুমতীৰ দৰে ছবিত সম্পাদক হিচাপে কাম কৰাৰ বাবে সম্পাদক হিচাপেও তেওঁক বহুতে বিচাৰিছিল।[9]

বঁটা

অসামৰিক সন্মান

ফিল্মফেয়াৰ বঁটা

  • ১৯৫৬: শ্ৰেষ্ঠ সম্পাদনাৰ ফিল্মফেয়াৰ বঁটা: নৌকৰি
  • ১৯৫৯: শ্ৰেষ্ঠ সম্পাদনাৰ ফিল্মফেয়াৰ বঁটা: মধুমতী
  • ১৯৭০: শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ফিল্মফেয়াৰ বঁটা: ''অনোখি ৰাত৫
  • ১৯৭২: শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা: আনন্দ (ৰমেশ চিপ্পিৰ সৈতে যুটীয়াভাবে)
  • ১৯৭২: শ্ৰেষ্ঠ সম্পাদনাৰ ফিল্মফেয়াৰ বঁটা: আনন্দ
  • ১৯৭২: শ্ৰেষ্ঠ কাহিনীৰ ফিল্মফেয়াৰ বঁটা: আনন্দ
  • ১৯৮১: শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা: খুবচুৰত (এন চি চিপ্পিৰ সৈতে যুটীয়াভাবে)
  • ১৯৯৪: ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা- দক্ষিণ৬

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • ১৯৫৭- ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: তৃতীয় শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট- মুচাফিৰ৭
  • ১৯৫৯- ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- আনাড়ী৮
  • ১৯৬০- ৮ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ সৰ্বভাৰতীয় পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক- অনুৰাধা৯
  • ১৯৬৬- ১৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- অনুপমা
  • ১৯৬৮- ১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- আশীৰ্বাদ
  • ১৯৬৯- ১৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- সত্যকাম
  • ১৯৭০- ১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ হিন্দী পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক- ''আনন্দ
  • ১৯৯৯- ৪৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: দাদাচাহেব ফাল্কে বঁটা

অধিক জানিবলৈ পঢ়ক

  • Great Masters of Indian Cinema: The Dadasaheb Phalke Award Winners, by D. P. Mishra, Publications Division, Ministry of Information and Broadcasting, Govt. of India, 2006. . page 122.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gulzar; Nihalani, Govind; Chatterjee, Saibal. (2003). Encyclopaedia of Hindi Cinema. Encyclopædia Britannica (India) Pvt Ltd. পৃ. 592. ISBN 81-7991-066-0
  2. ↑ The common man lure of Hrishikesh Mukherjee's films Rediff.com
  3. ↑ Hrishikesh Mukherjee's best films Special Photo feature, Rediff.com, 28 August 2006
  4. ↑ Duara, Ajit. (3 September 2006). A touch of realism. দ্য হিন্দু
  5. ↑ Best Screenplay Award. Filmfare Award Official Listings, Indiatimes
  6. ↑ Lifetime Achievement Award (South) winners down the years..
  7. ↑ 5th National Film Awards. Directorate of Film Festivals
  8. ↑ 7th National Film Awards. Directorate of Film Festivals
  9. ↑ 8th National Film Awards. International Film Festival of India

সম্পৰ্কিত শ্ৰেণী

বঙালী ব্যক্তিবঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজকচিত্ৰনাট্য লেখকপদ্মশ্ৰী বঁটা বিজয়ীপদ্মবিভূষণ বঁটা বিজয়ীদাদাচাহেব ফাল্কে বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৃষিকেশ মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৬৩১৩১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।