অসমৰ চিত্ৰগ্ৰহণকাৰী
৫ প্ৰবন্ধ
-
ৰীমা দাস
ৰীমা দাস এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ ২০১৭ চনত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ বাবে বিশেষ ভাবে জনাজাত। তেওঁৰ এই বোলছবি খনে প্ৰায় ৮০খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে আৰু ৪৪টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে।
-
নলিন দুৱৰা
নলিন দুৱৰা (Nalin Duwara) অসমীয়া কথাছবিৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী বা চিনেমেটোগ্ৰাফাৰ আছিল। তেওঁৰ জন্ম ১৯২৮ চনৰ ২২ জুনত তেতিয়াৰ ব্ৰিটিছ শাসিত অসমৰ শিৱসাগৰ জিলাত (বৰ্তমানৰ গোলাঘাট জিলা) হয়। তেওঁৰ মাকৰ নাম আছিল মনোৰমা দুৱৰা।
-
জাংদাও বডোচা
জাংদাও বডোচা (Jwngdao Bodosa) এগৰাকী বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক। তেওঁ চলচ্চিত্ৰ পৰিচালনা বিষয়ত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (FTII) ডিপ্লোমাধাৰী।
-
মৃণাল কান্তি দাস
মৃণাল কান্তি দাস (Mrinal Kanti Das, ৩০ অক্টোবৰ, ১৯৬৫ - ৩ ছেপ্টেম্বৰ ২০০৪) এগৰাকী চিত্ৰগ্ৰহণকাৰী আৰু চলচ্চিত্ৰ পৰিচালক। পুণে ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ স্নাতক মৃণাল কান্তি দাসে কেবাখনো অসমীয়া ছবিৰ চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰাৰ লগতে দূৰদৰ্শন ধাৰাবাহিকৰ পৰিচালক হিচাপেও কাম কৰিছিল।
-
ৰীমা বৰা
ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা। ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।