অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নৰকাসুৰ (চলচ্চিত্ৰ)

নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।

হালনাগাদ: ২৪ জুলাই ২০২০ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুল চন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণাসুৰৰ কথাও আছে।

'নৰকাসুৰ'ৰ এটা প্ৰিণ্ট ছবি পৰিবেশক সদা চৌধুৰীৰ লগত আছে, কিন্তু ছবিখনৰ দুটা জনপ্ৰিয় গীত সেই প্ৰিণ্টটোত নাই। এই প্ৰিণ্টটোকে গুৱাহাটী দূৰদৰ্শনত দেখুওৱা হৈছিল।১

অভিনয়ত

*ফণী শৰ্মা (নৰকাসুৰ) *জ্ঞানদা কাকতি (নৰকাসুৰৰ মাতৃ বসুমতী) *ইভা আচাও (নৰকৰ ৰাণী মায়া) *তৰুণ চৌধুৰী (সৰুকালৰ নৰকাসুৰ) *ধৰণীধৰ চৌধুৰী (বিশ্বকৰ্মা) *হৰেণ দাস *নৰহৰি শইকীয়া *বীণা দাস মান্না*ব্ৰজেন বৰুৱা (শ্ৰী কৃষ্ণ) *অমলেন্দু বাগ্চী *চিত্ৰা দাস *ধৰণী বৰ্মন *আব্দুল আজিজ *পীৰবক্স *আতোৱাৰ ৰহমান (ঘটোৎকচ) আদি।১

গীত

'নৰকাসুৰ'ৰ সংগীত পৰিচালনা আছিল ব্ৰজেন বৰুৱাৰ।২ কণ্ঠদান কৰিছিল ব্ৰজেন বৰুৱা, তৰুলতা দাস, মিনু দাস, মীৰা চেতাৰ্জী আৰু বহুতে।

বাহ্যিক সংযোগ

ইউটিউৱত নৰকাসুৰ ছবি

তথ্যসূত্ৰ

  1. ↑ দাস, অৰুণলোচন. (২০০১). বাৰ উভতি চাওঁ. শিশুসাৰথি প্ৰকাশন, গুৱাহাটী
  2. ↑ Babul Das. (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃ. 85

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰকাসুৰ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ২৪২১০২ (২৪ জুলাই ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।