অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কেঁচা সোণ

কেঁচা সোণ (Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি। চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি.

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৩ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

কেঁচা সোণ (Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমৰ চলচ্চিত্ৰ।১ চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি. তেজপুৰ শাখাৰ উদ্যোগত এই ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই প্ৰযোজনা কৰিছিল। 'কেঁচা সোণ'ৰ সংলাপত বহুলাংশে চাহ-বনুৱাৰ ভাষা ব্যৱহাৰ কৰা হৈছিল।২ ছবিখনক অসম চৰকাৰে আমোদ কৰ ৰেহাই দিছিল। আমোদ কৰ ৰেহাই পোৱা এইখন প্ৰথম অসমীয়া কথাছবি।১

কাহিনী

কেঁচা সোণৰ কাহিনী 'এটি কলি দুটি পাতৰ' কাহিনী অসমৰ হেজাৰ চাহবাগিছাৰ হেজাৰ বনুৱাৰ কাহিনী। সিহঁতৰ কপালৰ কেঁচা ঘামেৰে জীপ পাই উঠা মাইল জোৰা সেউজীয়া চাহপাতৰ আঁৰত লুকাই থাকে বনুৱাসকলৰ সাতাম পুৰুষীয়া নানান কুসংস্কাৰ, শিক্ষাৰ পোহৰ নোপোৱা বনুৱাৰ নানানবিধ কুঅভ্যাস। বাহুত হেজাৰ হাতীৰ বল থাকিলেও সদায় পদদলিত অৱহেলিত হৈ থকা বনুৱা শ্ৰেণীক মানুহ হিচাপে সমাজত ঠাই দিবলৈ এচাম মানুহ কিন্তু সদায়েই উৎসাহেৰে আগবাঢ়ি আহে। এইবোৰ কথাকে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছিল কেঁচা সোণ বোলছবিত।২

তেতিয়াও দেশ স্বাধীন হোৱা নাই। ৰংদৈ বাগিছাৰ ২য় বৰমহৰী জগন্নাথে বনুৱাসকলৰ মাজত সোমাই কল্যাণমূলক কামত জড়িত হয়। সেইবাবে তেওঁক বনুৱাসকলেও ভাল পায়। এদিন বাগিছাৰ ডাক্তৰৰ সৈতে বাগানৰ হাস্পাতালত বিশেষ দৰব-পাতি নথকাক কেন্দ্ৰ কৰি কথাৰ কটাকটি হোৱাত চাকৰিটো হেৰুৱাবলগীয়া হয়।

অভিনয় শিল্পী

*চন্দ্ৰধৰ গোস্বামী *ইভা আচাও *ৰেবেকা আচাও *মনোমতী গগৈ *তিলক দুৱৰা *গোপাল শৰ্মা*আজিত সিংহ *গগণ বৰুৱা *বিভূতি কলিতা *ভৰক বৰপূজাৰী *স্বাগতা চক্ৰৱৰ্তী (কলকাতাৰ শিল্পী) *প্ৰীতিধাৰা (কলকাতাৰ শিল্পী)১২

সঙ্গীত

সঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখনত পৰম্পৰাগত মজদুৰ গীতো দুটা অন্তৰ্ভূক্ত কৰা হৈছে।৩

ক্ৰমিক নংগীতৰ শীৰ্ষকগীতিকাৰকণ্ঠ
১অ' আমাৰ গাঁও, আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁজ্যোতিপ্ৰসাদ আগৰৱালাভূপেন হাজৰিকা, মণ্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস কৌৰ, বিৰাজ দাস
২নতুন নতুন সাহ, আহিল নতুন নতুন সাহ আমাৰ বহল বুকুতেভূপেন হাজৰিকাভূপেন হাজৰিকা, মণ্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস কৌৰ, বিৰাজ দাস
৩হামাৰা গুৱালা জাতি নদী তিৰে বসতিপৰম্পৰাগত মজদুৰ গীত
৪পাতা তুৰে গেলে মায়া আহে ডুমুৰ কনা হায়ৰেপৰম্পৰাগত মজদুৰ গীত
৫ৰিমঝিম ৰিমঝিম বৰষুণে নুপুৰ বজায় ক'তভূপেন হাজৰিকাভূপেন হাজৰিকা, মণ্টু ঘোষ, ইলা চক্ৰৱৰ্তী, গুণদা দাস কৌৰ, বিৰাজ দাস

তথ্যসূত্ৰ

  1. ↑ অৰুণলোচন দাস. (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৯৪). শশী শিশু প্ৰকাশন, গুৱাহাটী
  2. ↑ মঞ্চলেখা, পৃষ্ঠা ৩১৯, ((অতুলচন্দ্ৰ হাজৰিকা)), লয়াৰ্চ বুক ষ্টল, ((গুৱাহাটী)), ১৯৬৭
  3. ↑ বাবুল দাস. (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন. বাণী মন্দিৰ, ডিব্ৰুগড়. পৃ. ৬১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৫৯ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেঁচা সোণ” প্ৰবন্ধৰ সংশোধন ৩৭৭৫৭৬ (১০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।