অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হীৰা

হীৰা বা হীৰক হল এবিধ অতি মূল্যবান ৰত্ন। গহনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। বৰ্ণহীন এক ৰত্ন। ই বিশুদ্ধ উপাদান কাৰ্বনৰ পৰা সৃষ্টি হয়। প্ৰকৃততে হীৰা কাৰ্বনৰ এক বিশেষ ৰূপ মাত্ৰ। পৃথিৱীত প্ৰতি বছৰ প্ৰায় ২৬০০০ কে.জি. খনিজ হীৰা উত্তোলিত হয় যাৰ মূল্য প্ৰায় ৯ বিলিয়ন ডলাৰ।

হালনাগাদ: ১১ জুন ২০২০ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

হীৰা বা হীৰক হল এবিধ অতি মূল্যবান ৰত্ন। গহনা তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। বৰ্ণহীন এক ৰত্ন। ই বিশুদ্ধ উপাদান কাৰ্বনৰ পৰা সৃষ্টি হয়। প্ৰকৃততে হীৰা কাৰ্বনৰ এক বিশেষ ৰূপ মাত্ৰ। পৃথিৱীত প্ৰতি বছৰ প্ৰায় ২৬০০০ কে.জি. খনিজ হীৰা উত্তোলিত হয় যাৰ মূল্য প্ৰায় ৯ বিলিয়ন ডলাৰ। কথিত আছে, হীৰক সৰ্বপ্ৰথম ভাৰতবৰ্ষত মূল্যবান ৰত্ন হিচাপে খনিৰ পৰা উত্তোলন আৰু ব্যৱহাৰ কৰা আৰম্ভ হয়। হীৰা ভাৰতবৰ্ষৰ মানুহৰ বাবে কমপক্ষে ৩ৰ পৰা ৬ হাজাৰ বছৰ ধৰি পৰিচিত বুলি অনুমান কৰা হয়। মানুহৰ জ্ঞাত সকলো প্ৰাকৃতিক পদাৰ্থতকৈ হীৰা অনেক গুনে বেছি কঠিন আৰু ই অতি উচ্চতম তাপমাত্ৰাটো কাৰ্যক্ষম হৈ থাকে। হীৰাক আদৰ্শ হিচাপে লৈ তৈয়াৰ কৰা খনিজৰ কাঠিন্য মাপ কৰাৰ মোহ স্কেলৰ ১-১০ একক মতে হীৰাৰ কাঠিন্য হৈছে ১০। ভূ-অভ্যন্তৰৰ প্ৰায় ১৪০ৰ পৰা ১৯০ কি.মি. তলত পৃথিৱীৰ কেন্দ্ৰ আৰু পৃথিৱীৰ আৱৰণৰ মাজত প্ৰচণ্ড তাপ আৰু চাপৰ কাৰণে হীৰা গঠিন হবলৈ প্ৰায় ১ৰ পৰা ৩.৩ বিলিয়ন বছৰ সময় লাগে বুলি বৈজ্ঞানিকসকলে ধাৰণা কৰে। গৱেষকৰ মতে, সকলো হীৰা পৃথিৱীতেই তৈয়াৰী হোৱা নাই; পৃথিৱীত পৃথিৱীৰ বাহিৰত সৃষ্টি হোৱা অনেক হীৰা পোৱা গৈছে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰা” প্ৰবন্ধৰ সংশোধন ২৩৭৬১৪ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।