অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰাট্টুপুঝা পূৰম

আৰাট্টুপুঝা পূৰম প্ৰতি বছৰে সাত দিন ধৰি ত্ৰিচুৰৰ আৰাট্টুপুঝা মন্দিৰত অনুষ্ঠিত হয়, যি কেৰালাৰ আটাইতকৈ পুৰণি পূৰম (মন্দিৰৰ উৎসৱ)। ভক্তসকলৰ বিশ্বাস যে এই সমাৱেশত পূৰমৰ সময়ছোৱাত সকলো দেৱ-দেৱী একত্ৰিত হয়। উৎসৱৰ দিনকেইটাত ওচৰ-পাজৰৰ আৰু দূৰ-দূৰণিৰপৰা দৰ্শনাৰ্থীসকল আৰাট্টুপুঝা গাঁৱত উপস্থিত হয়হি।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

আৰাট্টুপুঝা পূৰম প্ৰতি বছৰে সাত দিন ধৰি ত্ৰিচুৰৰ আৰাট্টুপুঝা মন্দিৰত অনুষ্ঠিত হয়, যি কেৰালাৰ আটাইতকৈ পুৰণি পূৰম (মন্দিৰৰ উৎসৱ)। ভক্তসকলৰ বিশ্বাস যে এই সমাৱেশত পূৰমৰ সময়ছোৱাত সকলো দেৱ-দেৱী একত্ৰিত হয়। উৎসৱৰ দিনকেইটাত ওচৰ-পাজৰৰ আৰু দূৰ-দূৰণিৰপৰা দৰ্শনাৰ্থীসকল আৰাট্টুপুঝা গাঁৱত উপস্থিত হয়হি। এই সাতদিনীয়া উৎসৱৰ শেষৰ দুটা দিন হৈছে মূল আকৰ্ষণ। উৎসৱৰ অন্তিম দিনটোৰ পূৰ্বৰ সন্ধিয়া হাতী সজাই তোলা হয় আৰু শাস্তাৱিন্তে মেলম নামৰ অনুষ্ঠানৰ অংশ হিচাপে বাদ্যযন্ত্ৰ পৰিৱেশন কৰা হয়। আৰাট্টুপুঝা শাস্তাৱুৰ পঞ্চাৰীমেলম হৈছে আন যিকোনো নৈশ পূৰমৰ তুলনাত বাদ্যযন্ত্ৰ শিল্পীসকলৰ আটাইতকেই ডাঙৰ সমাৱেশ। শাস্তাৱিন্তে মেলমত ২০০তকৈও অধিক শিল্পীয়ে কলা প্ৰদৰ্শন কৰে। আৰাট্টুপুঝা পূৰমৰ উপৰি এই দৃশ্য কেৱল ত্ৰিপুণীথুৰাৰ শ্ৰী পূৰ্ণত্ৰয়ীস মন্দিৰতহে দেখিবলৈ পোৱা যায়।

এই পূৰমক দেৱমেলা বুলিও জনা যায় (ইয়াক ‘সকলো পূৰমৰ মাতৃ’ বুলি কোৱা হয়, ইয়াৰ উৎসৱসমূহ কেৰালাত দেখা আটাইতকেই সুন্দৰ উৎসৱসমূহৰ অন্যতম, কিয়নো ই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহুতো পৰম্পৰাক প্ৰতিনিধিত্ব কৰে।১) ওচৰ-চুবুৰীয়া মণ্ডপসমূহৰপৰা বহু দেৱ-দেৱীৰ আগমন ঘটাৰ বাবে ই দেৱতাৰ এক সন্মিলন স্বৰূপ। এসময়ত ত্ৰিচুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ১০৮টা মন্দিৰৰ দেৱ-দেৱীয়ে এই পূৰমত অংশগ্ৰহণ কৰিছিল। কিন্তু বৰ্তমান কেৱল ২৩ গৰাকী দেৱ-দেৱীয়েহে এই পূৰমত অংশ লয়। ইয়াক ভাৰতীয় উপমহাদেশৰ আটাইতকেই পুৰণি মন্দিৰ উৎসৱ হিচাপে গণ্য কৰা হয়। আৰাট্টুপুঝা পূৰমত অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ দেৱ-দেৱীসকলৰ ভিতৰত উৰাকাথাম্মা থিৰুৱাদি, চেৰ্পু ভগৱতী আৰু ত্ৰিপ্ৰায়াৰ থেৱাৰ অন্যতম।২৩৪৫

আৰাট্টুপুঝা পূৰম উৎসৱৰ উদ্‌যাপন
আৰাট্টুপুঝা পূৰম উৎসৱৰ উদ্‌যাপনছবি: KGsivan · CC BY-SA 4.0

বাহ্যিক সংযোগ

  1. www.keralatourism.org/event/arattupuzha-pooram/3
  2. www.arattupuzhasreesasthatemple.com/pages/home.h

তথ্যসূত্ৰ

  1. ↑ Arattupuzha Pooram - Oldest of all Poorams · Festivals of Kerala. Kerala Tourism
  2. ↑ (30 March 2012). Arattupuzha Pooram festivities begin. The Hindu
  3. ↑ (25 March 2007). Arattupuzha Pooram festivities begin today. The Hindu
  4. ↑ (26 March 2013). Arattupuzha Pooram celebrated. The Hindu
  5. ↑ (4 March 2011). Arattupuzha Pooram from March 10. The Hindu

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ উৎসৱহিন্দু ধৰ্মীয় প্ৰথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাট্টুপুঝা পূৰম” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৭৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।