আলু (ইংৰাজী: Potato) এবিধ আমেৰিকাৰ স্থানীয় স্বেতসাৰ যুক্ত মাটিৰ তলত হোৱা পাচলি৷ বিশ্বৰ বহু ঠাইত প্ৰধান খাদ্য হিচাপে আলু খোৱা হয়। আলুৰ বৈজ্ঞানিক নাম Solanum tuberosum। মাটিৰ তলত গছৰ শিপাত ইয়াৰ উৎপাদন হয়। আলুৰ খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন কৰা হয় কাৰণ আলুৰ চাহিদা অতি বেছি। আলু প্ৰথম দক্ষিণ আমেৰিকাৰ পেৰু আৰু বলিভিয়াৰ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিছিল। সেই ঠাইত বাস কৰা স্থানীয় লোকসকলে প্ৰচুৰ আলু খেতি কৰিছিল। ১৫৭০ চনত স্পেইনৰ অভিযাত্ৰীসকলে ইউৰোপত আলুৰ প্ৰচলন আৰম্ভ কৰে। বৰ্তমান পৃথিৱীৰ সকলো দেশতে আলুৰ খেতি কৰা হয়। আলু উৎপাদনত শীৰ্ষ স্থানত আছে ৰাছিয়া, তাৰ পাছতে আছে পোলেণ্ড, চীন, জাৰ্মানী আদি।
বিৱৰণ
আলু গছ এবিধ ঘাঁহজাতীয় বহুবৰ্ষজীৱী উদ্ভিদ৷ আলুৰ গছ প্ৰায় ১ মিটাৰলৈকে (৩.৩ ফুট) ওখ হয়। ইয়াৰ কাণ্ড নোমযুক্ত। পাতবোৰত চাৰিযোৰ উপ-পত্ৰিকা থাকে। ফুলবোৰৰ ৰং বগা বা গুলপীয়াৰ পৰা নীলা বা বেঙুনীয়া হ’ব পাৰে৷ আলু পোক-পৰুৱাৰ দ্বাৰা পৰাগযোগ হয়।১
প্ৰকাৰ
বিশ্বজুৰি প্ৰায় ৫,০০০ প্ৰকাৰৰ আলুৰ জাত পোৱা যায়, ইয়াৰে ৩,০০০ টা কেৱল এণ্ডিজত — মূলতঃ পেৰু, বলিভিয়া, ইকুৱেডৰ, চিলি আৰু কলম্বিয়াত পোৱা যায়। কোনো এটা উপত্যকাত প্ৰায় ১০০ টাতকৈও অধিক জাত পোৱা যাব পাৰে আৰু ডজন বা তাতকৈ অধিক জাত এটা কৃষি পৰিয়ালে ৰক্ষণাবেক্ষণ কৰিব পাৰে।২৩ ব্ৰিটেইনত প্ৰায় ৮০ প্ৰকাৰৰ আলু বাণিজ্যিকভাৱে উপলভ্য।৪
পোষক দ্ৰব্য
১০০ গ্ৰাম (৩.৫ অ’জ) ৰেফাৰেন্স পৰিমাণত বাকলিৰ সৈতে এটা সিজোৱা আলুয়ে ৮৭ কেলৰি শক্তিৰ যোগান ধৰে আৰু ইয়াত ৭৭% পানী, ২০% কাৰ্বহাইড্ৰেট (বাকলি আৰু মাংসত ২% পোষক তন্তুকে ধৰি), ২% প্ৰটিন থাকে আৰু ইয়াত নগণ্য পৰিমাণৰ চৰ্বি থাকে। প্ৰটিনৰ পৰিমাণ অন্যান্য ষ্টাৰচিযুক্ত শাক-পাচলিৰ লগতে শস্যৰ সৈতে তুলনামূলকভাবে সমান।৫
সিজোৱা আলুত যথেষ্ট পৰিমাণৰ ভিটামিন বি ৬ (২৩% ডিভি) আৰু ইয়াত মধ্যমীয়া পৰিমাণৰ ভিটামিন চি (১৬% ডিভি) আৰু অন্য বি ভিটামিন, যেনে থাইয়ামিন, নিয়াচিন, আৰু পেণ্টোথেনিক এচিড (১০% ডিভি প্ৰতিটো) থাকে। সিজোৱা আলুয়ে খাদ্যত যথেষ্ট পৰিমাণৰ খনিজ পদাৰ্থ যোগান ধৰিব নোৱাৰে।
তথ্যসূত্ৰ
- ↑ Solanum tuberosum: Potato. Royal Botanic Gardens Kew
- ↑ Theisen, K. (1 January 2007). History and overview. World Potato Atlas: Peru. International Potato Center
- ↑ (2017). Solanum tuberosum L.. Plants of the World Online. Royal Botanic Gardens, Kew
- ↑ Potato Council. Potato Varieties. Agriculture & Horticulture Development Board
- ↑ Beals, Katherine A. (2019). Potatoes, Nutrition and Health. American Journal of Potato Research. পৃ. 102–110
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলু (পাচলি)” প্ৰবন্ধৰ সংশোধন ৫৭৬৮০১ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।