অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চাল কোমোৰা

চাল কোমোৰা (ইংৰাজী: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ। এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চাল কোমোৰা (ইংৰাজী ভাষা: White gourd; বৈজ্ঞানিক নাম: Benincasa cerifera; ৰাভা: মেৰাও; কাৰবি: পাৰক বংহম; বড়ো: খুমব্ৰা; টাই-আহোম: ফাক-পাক) ফাক-পাক এবিধ লতা জাতীয় উদ্ভিদ। এই উদ্ভিদ অসমত পাচলি হিচাপে খোৱা হয়।১

বিৱৰণ

চাল কোমোৰা লতাডাল ডাঙৰ আৰু কোমল হয়। উপৰিভাগৰ বৰণ সেউজীয়া। মাজে মাজে গাঁঠি থাকে। পাত ওলাই অহা ঠাইবোৰত এই গাঁঠিবিলাকৰ উৎপত্তি হয়।

পাতবিলাকৰ আকাৰ ডাঙৰ আৰু তলৰফালে গুৰিত ঠাৰিডাল থাকে। পাতখিলাৰ গুৰিভাগত উৎপত্তি হোৱা ঠাৰিডাল তিনিভাগত ভাগ হৈ এডাল ওপৰলৈ আৰু বাকী দুডাল দুয়ো কাষৰ ফালে যায়। উপ-সিৰাবিলাকৰে সৈতে পাতখিলাৰ গঠন এখিলা পাণৰ দৰে হৈ পৰে। পাতৰ ঠাৰিডাল আৰু উপৰিভাগত সৰু সৰু নোম থাকে।১

প্ৰজনন

চাল কোমোৰাৰ ফুলবোৰ হালধীয়া আৰু ইয়াৰ পুংপুষ্প আৰু স্ত্ৰীপুষ্প বেলেগ বেলেগ হয়। ইয়াৰ ফল আকাৰত ডাৱৰ আৰু দীঘল চানেকীয়া হয়।১

ব্যৱহাৰ

চাল কোমোৰাৰ ফল অসমত মানুহে তৰকাৰি কৰি খায়।১

তথ্যসূত্ৰ

  1. ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭

সম্পৰ্কিত শ্ৰেণী

লতাপাচলিঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাল কোমোৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৫৬০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।