নীলগিৰি পৰ্বতমালা (Nilgiri Mountains) দক্ষিণ ভাৰতৰ পূৰ্ব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালাৰ সংযোগস্থলত অৱস্থিত এক পৰ্বতমালা। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈকে বিস্তৃত। এই পৰ্বতমালাই এক ৫৬ কিলোমিটাৰ দীঘল আৰু ৩২ কিলোমিটাৰ বহল মালভূমি গঠন কৰিছে। ইয়াৰ উত্তৰে ময়াৰ নদী, পশ্চিমে ৱায়ানাদ মালভূমি, পূবে কইম্বাটুৰ সমভূমি আৰু দক্ষিণে ভৱানী নদী তথা পালক্কাড গিৰিপথ অৱস্থিত। এই পৰ্বতমালাৰ গড় উচ্চতা প্ৰায় ২০০০ মিটাৰ। ২৬৩৭ মিটাৰ উচ্চতাৰ দোদাবেট্টা ইয়াৰ সৰ্বোচ্চ শৃংগ। ইয়াৰপৰা কেইবাখনো নদী আৰু জুৰি বৈ গৈছে। এই নদীসমূহে বিভিন্ন স্থানত জলপ্ৰপাতৰ সৃষ্টি কৰিছে।
সংস্কৃত ভাষাত নীলগিৰি শব্দৰ অৰ্থ হ’ল ‘নীলা পৰ্বত’। এই নামটো কুৰিঞ্জী ফুলৰ সৈতে জড়িত। এই ফুলে এসময়ত পাহাৰবোৰক এক নীলা আভা প্ৰদান কৰিছিল। পুৰাতাত্ত্বিক প্ৰমাণ অনুসৰি এই অঞ্চলত প্ৰাগঐতিহাসিক কালৰেপৰা মানুহে বসবাস কৰি আহিছে। নীলগিৰি অঞ্চলটো বহু পুৰণি সময়ৰেপৰা বাডাগা, টোডা, কোটা, ইৰুলা আৰু কুৰুম্বা আদি থলুৱা জনজাতীয় সম্প্ৰদায়ৰ বাসস্থান আছিল। যদিও এই অঞ্চলটো দক্ষিণ ভাৰত শাসন কৰা কেইবাটাও ৰাজবংশৰ প্ৰভাৱলৈ আহিছিল, তথাপি অষ্টাদশ শতিকালৈকে ই মূল ভূ-খণ্ডৰপৰা একপ্ৰকাৰ বিচ্ছিন্ন হৈ আছিল। পৰৱৰ্তী সময়ত ই মহীশূৰ সাম্ৰাজ্যৰ অংশ হয় আৰু পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়। ঊনবিংশ শতিকাত ব্ৰিটিছসকলে ইয়াত আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰে। উটী ইয়াৰ এক প্ৰধান পাহাৰীয়া চহৰ। পিছলৈ ই মাদ্ৰাজ প্ৰেছিডেন্সীৰ গ্ৰীষ্মকালীন মুখ্য কাৰ্যালয় হৈ পৰে। ১৮৯৯ চনত নীলগিৰি মাউণ্টেন ৰেলৱেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত যোগাযোগ ব্যৱস্থাৰ অধিক উন্নতি হয়। ১৮৬৮ চনত এই অঞ্চলটোৰ প্ৰশাসন পৰিচালনাৰ বাবে নীলগিৰি জিলা গঠন কৰা হয়।
বিংশ শতিকাত নীলগিৰি পৰ্বতমালাত সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ ফলত কেইবাখনো সুৰক্ষিত বনাঞ্চল স্থাপন কৰা হয়। ই দেশৰ প্ৰথমটো বায়’স্ফিয়াৰ ৰিজাৰ্ভ অৰ্থাৎ ‘নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত অঞ্চল’ৰ এক অংশ। ইয়াৰ জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিক গুৰুত্বৰ বাবে ২০০০ চনত ইয়াক ইউনেস্ক’ৰ বিশ্ব বায়’স্ফিয়াৰ ৰিজাৰ্ভ নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰা হয়। এই পৰ্বতমালাৰ জলবায়ু মৃদু সমভাবাপন্ন আৰু ই বিভিন্ন ধৰণৰ উদ্ভিদৰ বাসস্থান। ইয়াৰ পশ্চিম ঢালত ক্ৰান্তীয় চিৰসেউজ অৰণ্য আৰু পূব ঢালৰ নিম্ন উচ্চতাত পৰ্ণপাতী অৰণ্য পোৱা যায়। ইয়াৰ প্ৰাকৃতিক উদ্ভিদসমূহৰ ভিতৰত ঘাঁহনি আৰু ওখ ঠাইত থকা ‘শোলা’ অৰণ্য অন্যতম। ঊনবিংশ শতিকাত ইয়াত নতুন প্ৰজাতিৰ গছৰ ৰোপণ আৰু বাগিছা আদি স্থাপন কৰাৰ বাবে এই প্ৰাকৃতিক পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছিল। এই অঞ্চলত বহু প্ৰজাতিৰ জীৱ-জন্তু আৰু চৰাই পোৱা যায়, যাৰ ভিতৰত কিছুমান কেৱল এই অঞ্চলতে পোৱা থলুৱা প্ৰজাতি।
ব্যুৎপত্তি
নীলগিৰি শব্দটো সংস্কৃত ভাষাৰ ‘নীল’ (নীলা) আৰু ‘গিৰি’ (পৰ্বত) শব্দৰপৰা উদ্ভৱ হৈছে।১২৩ এই নামটো কুৰিঞ্জী ফুলৰ বাবে দিয়া হৈছে। এই ফুলে পৰ্বতৰ ঢালবোৰক এক নীলা ৰং প্ৰদান কৰে।৪৫৬৭
ইতিহাস

পুৰাতাত্ত্বিক প্ৰমাণ অনুসৰি নীলগিৰি পৰ্বতমালাত প্ৰাগঐতিহাসিক কালৰেপৰা মানুহৰ বাসস্থান আছিল। এনে কেইবাটাও ঐতিহাসিক সমল ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।৮৯ পৰৱৰ্তী সময়ৰ খন্দা কাৰ্যত নীলগিৰি মালভূমিৰ ওখ পাহাৰীয়া স্থানসমূহত কেইবাটাও সমাধিস্তম্ভ আৰু ডলমেন (dolmens) উদ্ধাৰ কৰা হৈছে।১০ নামনি অঞ্চল আৰু পাহাৰীয়া গিৰিপথসমূহত বিভিন্ন খোদিত কৰা বীৰ-শিল (hero stones) উদ্ধাৰ হৈছে, যিবোৰ সম্ভৱতঃ এক পৃথক যুগৰ আছিল।
নীলগিৰি পৰ্বতমালাৰ আটাইতকয়ে পুৰণি সাহিত্যিক উল্লেখ পঞ্চম বা ষষ্ঠ শতিকাৰ তামিল সংগম মহাকাব্য চিলপ্পাটিকাৰম-ত পোৱা যায়।৬ নীলগিৰি পৰ্বতমালা পৰম্পৰাগতভাৱে বাডাগা, টোডা, কোটা, ইৰুলা আৰু কুৰুম্বা আদি বিভিন্ন পাহাৰীয়া জনগোষ্ঠীৰ বাসস্থান আছিল।১১১২ বিভিন্ন সময়ত এই অঞ্চলটো চেৰা, চোল আৰু পাণ্ড্য— এই তিনিওটা তামিল ৰাজবংশৰদ্বাৰা শাসিত হৈছিল।১৩ পৰৱৰ্তী সময়ত ই পল্লৱ, সাতবাহন, পশ্চিম গংগা, কদম্ব, ৰাষ্ট্ৰকূট, হোয়চলা আৰু বিজয়নগৰ সাম্ৰাজ্যৰ দৰে বিভিন্ন ৰাজবংশৰ অধীনস্থ আছিল।১৪ অৱশ্যে অষ্টাদশ শতিকালৈকে এই অঞ্চলটো একপ্ৰকাৰ বিচ্ছিন্ন হৈ আছিল। ইয়াৰ পিছত ই মহীশূৰ সাম্ৰাজ্যৰ প্ৰভাৱলৈ আহে।১৫ ব্ৰিটিছ-মহীশূৰ যুদ্ধৰ অন্তত নীলগিৰি অঞ্চলটো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ যায়। পিছলৈ ইয়াক মাদ্ৰাজ প্ৰেছিডেন্সীৰ কইম্বাটুৰ জিলাৰ অন্তৰ্ভুক্ত কৰা হয়।১৬১৭

ঊনবিংশ শতিকাৰ আৰম্ভণিতে ইয়াৰ শীতল জলবায়ু আৰু স্বাস্থ্যনিবাস হিচাপে থকা উপযোগিতাৰ বাবে নীলগিৰিৰ প্ৰতি ব্ৰিটিছসকলৰ আগ্ৰহ বৃদ্ধি পায়। ১৮১৪ চনত গ্ৰেট ট্ৰিগ’নমেট্ৰিকেল ছাৰ্ভেৰ অংশ হিচাপে এটা অন্বেষণকাৰী দলে এই অঞ্চলৰ এক বিস্তৃত মানচিত্ৰ প্ৰস্তুত কৰে।১৮ ১৮১৯ চনত কইম্বাটুৰৰ তদানীন্তন জিলাধিপতি জন চুলিভানে এই পাহাৰীয়া অঞ্চল ভ্ৰমণ কৰে আৰু ইয়াক ইউৰোপীয় উপনিৱেশ হিচাপে গঢ়ি তুলিবলৈ উন্নয়নমূলক কাম-কাজৰ প্ৰসাৰ ঘটায়। ব্ৰিটিছসকলে উটী চহৰখন গঢ়ি তোলে আৰু পথ তথা প্ৰশাসনিক ভৱনসমূহ নিৰ্মাণ কৰি ইয়াক এখন পাহাৰীয়া চহৰলৈ ৰূপান্তৰিত কৰে।১৯২০ পৰৱৰ্তী সময়ত ১৮৭০ চনত উটী মাদ্ৰাজ চৰকাৰৰ গ্ৰীষ্মকালীন মুখ্য কাৰ্যালয়ত পৰিণত হয়।২১ ঊনবিংশ শতিকাৰ শেষৰফালে ব্ৰিটিছসকলে নীলগিৰিত ব্যাৱসায়িক চাহ খেতিৰ পাতনি মেলে।২২ এদগাৰ থাৰ্ষ্টনৰ মতে, ঊনবিংশ শতিকাৰ মাজভাগত ব্ৰিটিছসকলে ‘ষ্ট্ৰেইটছ চেল্টমেণ্টছ’ৰ চীনা কয়েদীসকলক ভাৰতৰ কাৰাগাৰত বন্দী কৰিবলৈ আনিছিল। এই কয়েদীসকলে পৰৱৰ্তী সময়ত নীলগিৰি পৰ্বতমালাত বসতি স্থাপন কৰে।২৩ ১৮৬৮ চনৰ আগষ্ট মাহত এই পাহাৰীয়া অঞ্চলসমূহ সামৰি তদানীন্তন কইম্বাটুৰ জিলাৰপৰা নীলগিৰি জিলা পৃথক কৰা হয়।৬ ১৮৯৯ চনত নীলগিৰি মাউণ্টেন ৰেলৱেৰ নিৰ্মাণ সম্পূৰ্ণ হয়।২৪
বিংশ শতিকাত নীলগিৰি পৰ্বতমালাত সংৰক্ষণমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ ফলত কেইবাখনো সুৰক্ষিত বনাঞ্চল স্থাপন কৰা হয়।৭ ১৯৪০ চনত স্থাপিত মুদুমলাই বন্যপ্ৰাণী অভয়াৰণ্য দেশৰ প্ৰথম পৰ্যায়ৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ভিতৰত অন্যতম।২৫ ১৯৮৬ চনত ভাৰত চৰকাৰে দেশৰ প্ৰথমটো জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপ নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত অঞ্চল স্থাপন কৰে। ইয়াৰ জৈৱ-বৈচিত্ৰ্য আৰু পাৰিপাৰ্শ্বিক গুৰুত্বৰ বাবে ২০০০ চনত ইয়াক ইউনেস্ক’ৰ বিশ্ব বায়’স্ফিয়াৰ ৰিজাৰ্ভ নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰা হয়।২৬
ভূগোল

নীলগিৰি পৰ্বতমালা এক ওখ মালভূমিৰ অংশ। ই পূব ঘাট আৰু পশ্চিম ঘাট পৰ্বতমালাৰ সংযোগস্থলত অৱস্থিত। এই মালভূমিভাগ ৩৫ মাইল দীঘল আৰু ২০ মাইল বহল। ই ভাৰতৰ তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈ বিস্তৃত।২৭ ইয়াৰ দক্ষিণে ভৱানী নদী আৰু পালক্কাড গিৰিপথ আছে। এইসমূহে ইয়াক আনাইমালাই আৰু পালানি পাহাৰৰপৰা পৃথক কৰিছে। ইয়াৰ উত্তৰে ময়াৰ নদী আছে। এই নদীয়ে ইয়াক কৰ্ণাটক মালভূমিৰপৰা পৃথক কৰিছে।২৮২৯ ৱায়ানাদ মালভূমি ইয়াৰ পশ্চিম দিশত আছে। এই মালভূমিভাগ কৰ্ণাটক মালভূমিৰেই এটা অংশ। ইয়াৰ পূব দিশত কইম্বাটুৰৰ সমভূমি অঞ্চল অৱস্থিত।৩০
পৰম্পৰাগতভাৱে এই মালভূমিক চাৰিটা ভাগত ভগাই থোৱা হৈছিল। সেইসমূহ হ’ল— পূবে পেৰংগনাড, উত্তৰে টোডানাড, পশ্চিমে মেৰ্কুনাড আৰু দক্ষিণ-পশ্চিমত কুণ্ডা পৰ্বতমালা।৩১ এই পাহাৰবোৰ সমভূমিৰপৰা থিয়কৈ ওপৰলৈ উঠি গৈছে। ইয়াৰ গড় উচ্চতা প্ৰায় ৬৫০০ ফুট। এই পৰ্বতমালা উত্তৰ-দক্ষিণ দিশত বিস্তৃত। ইয়াত কেইবাটাও পাহাৰীয়া শৃংগ আছে। ইয়াৰ ভিতৰত আটাইতকয়ে ওখ শৃংগটো হ’ল দোদাবেত্তা। ইয়াৰ উচ্চতা ৮৬৪০ ফুট।৩২৩৩ দোদাবেত্তা, ক্লাব হিল, এল্ক হিল আৰু স্নোডেন শৃংগই উটী উপত্যকাক বেঢ়ি ৰাখিছে। পূব দিশলৈ ইয়াৰ উচ্চতা লাহে লাহে কমি গৈছে। পূবৰ প্ৰধান শৃংগটো হ’ল দেৱাশোলা। ইয়াৰ উচ্চতা ৭৪১৭ ফুট। পশ্চিম দিশৰ পাহাৰবোৰৰ উচ্চতা বেছি। ইয়াত কুডিকাডু আৰু কোলাৰীবেত্তা শৃংগ আছে। এই দুটা হ’ল নীলগিৰিৰ দ্বিতীয় আৰু তৃতীয় সৰ্বোচ্চ শৃংগ।৩৪
জলবিজ্ঞান আৰু জলবায়ু

নীলগিৰি পৰ্বতমালাৰপৰা কেইবাখনো নদী আৰু জুৰি বৈ গৈছে।৩৫৩৬ এই সৰু জুৰিবোৰৰ পানী ভৱানী নদী বা ময়াৰ নদীত পৰে।৩৭ পাইকাৰা নদীখন মুকুৰ্থী শৃংগৰপৰা ওলাইছে। এই নদীখন কেইবাটাও খোপ খোপ জলপ্ৰপাতেৰে বৈ গৈছে। ইয়াৰ শেষৰ দুটা জলপ্ৰপাত ৫৫ মিটাৰ আৰু ৬১ মিটাৰ ওখ। এই দুটাকে পাইকাৰা জলপ্ৰপাত বুলি কোৱা হয়। তাৰ পিছত এই নদীখন ময়াৰ নদীৰ সৈতে মিলি যায়।৩৮৩৯ চিগুৰ নদীখন উটীৰ ওপৰৰ পাহাৰৰপৰা ওলাইছে। এই নদীখনে ১৭০ ফুট ওখ কালহাট্টী জলপ্ৰপাতৰ সৃষ্টি কৰিছে।৪০
গাথাডা হুল্লা নামৰ জুৰিয়ে ২৫০ ফুট ওখ কেথেৰিন জলপ্ৰপাতৰ সৃষ্টি কৰিছে। ইয়াৰ পিছত এই পানী কুন্নুৰ নদীত পৰে। কাৰ্টেৰী নদীখনো কুন্নুৰ নদীৰ সৈতে মিলি যায়। শেষত এই পানী কাল্লাৰ নদীত পৰে। কাল্লাৰ নদীখন ভৱানী নদীৰ এখন উপনদী। কুণ্ডা আৰু কুলাকাম্বী হ’ল ইয়াৰ আন দুখন ডাঙৰ নদী। এই নদী দুখন নীলগিৰিৰ নামনিত ভৱানী নদীৰ সৈতে মিলিছে। কুলাকাম্বী নদীখনে ৪০০ ফুট ওখ কুলাকাম্বী জলপ্ৰপাতৰ সৃষ্টি কৰিছে। এইটো নীলগিৰিৰ আটাইতকয়ে ওখ জলপ্ৰপাত।৪১৪২ উটী হ্ৰদটো মানুহে সজা এটা কৃত্ৰিম হ্ৰদ। ই ৬৫ একৰ মাটি আবৃত কৰিছে। এই হ্ৰদটো ১৮২৪ চনত নিৰ্মাণ কৰা হৈছিল।৪৩ এমৰেল্ড হ্ৰদ আৰু এভালাঞ্চ হ্ৰদ এই অঞ্চলৰ আন দুটা গুৰুত্বপূৰ্ণ হ্ৰদ।৪৪৪৩
এই অঞ্চলটো বিষুৱৰেখাৰ ওচৰত অৱস্থিত। কিন্তু অধিক উচ্চতাৰ বাবে ইয়াৰ জলবায়ু মৃদু সমভাবাপন্ন।৪৫৪৬ ডিচেম্বৰৰপৰা ফেব্ৰুৱাৰী মাহলৈকে বতৰ ঠাণ্ডা আৰু শুকান থাকে। জানুৱাৰী মাহটো আটাইতকয়ে ঠাণ্ডা মাহ। মাৰ্চ মাহৰপৰা উষ্ণতা বাঢ়িবলৈ ধৰে। এপ্ৰিল আৰু মে’ মাহ দুটা আটাইতকয়ে গৰম মাহ। এই সময়ত কম পৰিমাণে বৰষুণ হয়। ইয়াৰ ফলত নতুন উদ্ভিদ গজি উঠে। জুনৰপৰা আগষ্ট মাহলৈকে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ বাবে বৰষুণ হয়। অক্টোবৰ আৰু নৱেম্বৰ মাহত উত্তৰ-পূব মৌচুমী বায়ুৰ বাবে বৰষুণ হয়। ছেপ্টেম্বৰ মাহটো সাধাৰণতে শুকান থাকে।৪৭৪৮ নীলগিৰিৰ জলবায়ু বৰ সুন্দৰ। ইয়াত গৰম আৰু ঠাণ্ডাৰ পাৰ্থক্য তেনেই কম। এপ্ৰিল মাহৰ বাৰ্ষিক ন্যূনতম উষ্ণতা জানুৱাৰী মাহৰ তুলনাত ৯ ডিগ্ৰী বেছি। একেদৰে জানুৱাৰী মাহৰ সৰ্বোচ্চ উষ্ণতা এপ্ৰিল মাহৰ তুলনাত ৭ ডিগ্ৰী কম হয়।৪৯৫০
উদ্ভিদকুল আৰু প্ৰাণীকুল

নীলগিৰি পৰ্বতমালা ১৯৮৬ চনত স্থাপিত হোৱা নীলগিৰি বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ এক গুৰুত্বপূৰ্ণ অংশ।৫১ ইয়াৰ পশ্চিম ঢালত প্ৰচুৰ বৰষুণ হয়। গতিকে এই অংশটো ঘন চিৰসেউজ অৰণ্যৰে আবৃত।৫২ এই আৰ্দ্ৰ অৰণ্যসমূহ ৩০০০-৪০০০ ফুট উচ্চতাত অৱস্থিত। ইয়াত ২০০-২৫০ ফুট পৰ্যন্ত ওখ গছ পোৱা যায়। এই গছবোৰ লাইকেন, মছ আৰু এপিফাইট বা পৰাশ্ৰয়ী উদ্ভিদৰদ্বাৰা আবৃত থাকে।৫৩৫৪ ইয়াৰ তুলনামূলকভাৱে শুকান পূব ঢাল আৰু নামনি অঞ্চলবোৰ পৰ্ণপাতী অৰণ্যৰে আবৃত।৫৫ ওখ পাহাৰীয়া স্থানসমূহৰ প্ৰাকৃতিক উদ্ভিদৰ ভিতৰত ঘাঁহনি অঞ্চল আৰু উপত্যকাবোৰত থকা ‘শোলা’ (shola) অৰণ্য অন্যতম। শোলা হ’ল এক বিশেষপ্ৰকাৰৰ চাপৰ চিৰসেউজ অৰণ্য।৫৬৫৭ ঊনবিংশ শতিকাত ব্ৰিটিছসকলে ইয়াত পাইন), ৱাটল আৰু ইউক্যালিপটাছ (eucalyptus) আদি বিদেশী প্ৰজাতিৰ গছৰ ৰোপণ কৰিছিল। লগতে ইয়াত চাহবাগিছাও স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই প্ৰজাতিবোৰে থলুৱা উদ্ভিদসমূহৰ স্থান লৈ এই পৰ্বতমালাৰ প্ৰধান উদ্ভিদ হৈ পৰে।৫৮ নীলগিৰি অঞ্চলটো দক্ষিণ-পশ্চিম ঘাট পৰ্বতমালাৰ পাৰ্বত্য বৰ্ষাৰণ্য পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত।৫৯
নীলগিৰি বায়’স্ফিয়াৰ ৰিজাৰ্ভত ঔষধি উদ্ভিদকে ধৰি প্ৰায় ৩৭০০প্ৰকাৰৰ গছ-লতা পোৱা যায়।৫১ ইয়াৰ ভিতৰত কেইবাটাও বিলুপ্তপ্ৰায় আৰু থলুৱা প্ৰজাতি আছে। সেইসমূহ হ’ল— Youngia nilgiriensis, Impatiens neo-barnesii, Impatiens nilagirica, Euonymus angulatus আৰু Euonymus serratifolius।৬০
]]
এই নীলগিৰি বায়’স্ফিয়াৰত ৬৮৪টা প্ৰজাতিৰ মেৰুদণ্ডী প্ৰাণী বাস কৰে। ইয়াৰে ১৫৬টা কেৱল এই অঞ্চলতে পোৱা থলুৱা প্ৰজাতি (endemic)।৫১ এই অঞ্চলত ভাৰতৰ ভিতৰতে অন্যতম বৃহৎসংখ্যক ঢেঁকীয়াপতীয়া বাঘ পোৱা যায়।৬১ নীলগিৰিৰ সুৰক্ষিত বনাঞ্চলসমূহ ‘প্ৰজেক্ট টাইগাৰ’ আঁচনিৰ অন্তৰ্ভুক্ত।৬২ ভাৰতীয় হাতী এই অঞ্চলৰ আটাইতকয়ে ডাঙৰ স্তন্যপায়ী প্ৰাণী।৬৩ ইয়াত ‘প্ৰজেক্ট এলিফেণ্ট’ আঁচনিৰ কেইবাটাও হাতী কৰিডৰ বা চলাচল কৰা পথ চিনাক্ত কৰা হৈছে।৬৪৬৫৬৬ ‘নীলগিৰি তহৰ’ এবিধ বিলুপ্তপ্ৰায় পৰ্বতীয় ছাগলী জাতীয় প্ৰাণী। এইটো তামিলনাডুৰ ৰাজ্যিক পশু। ইয়াত নাহৰফুটুকী বাঘ, ফুটুকী হৰিণ, মেথোন, শৰপহু, বনৰীয়া গাহৰি, ভলুক আৰু চাৰিটা শিং থকা এণ্টিলপ আদি স্তন্যপায়ী প্ৰাণী পোৱা যায়।৬৭ বান্দৰ জাতীয় প্ৰাণীৰ ভিতৰত থলুৱা সিংহ-নেজীয়া বান্দৰ আৰু নীলগিৰি লেংগুৰ অন্যতম।৬৮৬৯
ইয়াত কেইবাশ প্ৰজাতিৰ চৰাই পোৱা যায়। তাৰ ভিতৰত ধনেশ চৰাই (hornbills), ভাটৌ, বুলবুলি, মাছৰোকা, বাবলৰ, চাতক, পাৰ চৰাই আৰু চিকাৰী চৰাই যেনে— শগুন, চিলনী তথা শেন চৰাই অন্যতম।৭০৭১ এই বায়’স্ফিয়াৰ ৰিজাৰ্ভত প্ৰায় ৩০০ প্ৰজাতিৰ পখিলা, ৬০ প্ৰজাতিৰ সৰীসৃপ, ৩১ প্ৰজাতিৰ উভচৰ আৰু ৩০ প্ৰজাতিৰ মাছ পোৱা যায়।৫১
লগতে চাওক
সূত্ৰসমূহ
গ্ৰন্থপঞ্জী
- Burton, Richard Francis. (1851). Goa, and the Blue Mountains. Richard Bentley
- Eagan, J. S. C. (1916). The Nilgiri Guide and Directory: A Handbook of General Information Upon the Nilgiris for Visitors and Residents. University of Wisconsin
- Francis, Walter. (1908). The Nilgiris. Madras District Gazetteers. Superintendent, Government Press
- Hockings, Paul. (1989). Blue Mountains: The Ethnography and Biogeography of a South Indian Region. Oxford University Press. ISBN 978-0-195-62177-8
তথ্যসূত্ৰ
- ↑ Eagan 1916, পৃ. 5
- ↑ Lengerke, Hans J. von. (1977). The Nilgiris: Weather and Climate of a Mountain Area in South India. Steiner. পৃ. 5. ISBN 978-3-515-02640-6
- ↑ (1886). The Missionary Herald of the Baptist Missionary Society. Baptist Mission House. পৃ. 398
- ↑ Eagan 1916, পৃ. 5
- ↑ Francis 1908, পৃ. 2
- ↑ Nilgiris history. Government of Tamil Nadu
- ↑ Wildlife Sanctuaries, National Wildlife Database Cell. ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান
- ↑ Collection search: Nilgiri Hills. British Museum
- ↑ Hockings 1989, পৃ. 115-122
- ↑ Francis 1908, পৃ. 96-98
- ↑ Eagan 1916, পৃ. 172
- ↑ Francis 1908, পৃ. 128
- ↑ Senapati, Nilamani; Sahu, N. K. (1955). Gazetteers of India: Nilgiris District. Orissa District Gazetteers. Government Press. পৃ. 199
- ↑ Sagar, Ravi. Decoding the Nilgiris. India Brand Equity Foundation. পৃ. 53
- ↑ Francis 1908, পৃ. 101-102
- ↑ Francis 1908, পৃ. 101
- ↑ Nilgiris district. Government of Tamil Nadu
- ↑ Burton 1851, পৃ. 271
- ↑ Francis 1908, পৃ. 108-109
- ↑ Eagan 1916, পৃ. 64-67
- ↑ Francis 1908, পৃ. 357
- ↑ Francis 1908, পৃ. 178
- ↑ Sarat Chandra Roy. (1959). Man in India, Volume 39. A. K. Bose. পৃ. 309
- ↑ Nilgiri Mountain railway. ভাৰতীয় ৰে’ল
- ↑ Wildlife Sanctuaries. Government of Tamil Nadu
- ↑ Nilgiri Biosphere Reserve. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
- ↑ Nilgiris. Tamil Nadu Tourism
- ↑ Francis 1908, পৃ. 2
- ↑ Nilgiri Hills. Encyclopædia Britannica
- ↑ Francis 1908, পৃ. 2
- ↑ Francis 1908, পৃ. 2
- ↑ Francis 1908, পৃ. 1-4
- ↑ Doddabetta. Peakvisor
- ↑ Francis 1908, পৃ. 5-6
- ↑ Eagan 1916, পৃ. 35
- ↑ Francis 1908, পৃ. 7
- ↑ Francis 1908, পৃ. 7
- ↑ Eagan 1916, পৃ. 35
- ↑ Pykara. Government of Tamil Nadu
- ↑ Francis 1908, পৃ. 7
- ↑ Francis 1908, পৃ. 8
- ↑ Eagan 1916, পৃ. 38
- ↑ Ooty Lake. Government of Tamil Nadu
- ↑ Avalanche. Government of Tamil Nadu
- ↑ Eagan 1916, পৃ. 53-54
- ↑ Francis 1908, পৃ. 248
- ↑ Eagan 1916, পৃ. 53-56
- ↑ Francis 1908, পৃ. 249
- ↑ Eagan 1916, পৃ. 53-54
- ↑ Francis 1908, পৃ. 248
- ↑ Ranjit Daniels, R.J.; Vijayan, V.S. (1996). The Nilgiri Biosphere Reserve: A Review of Conservation Status with Recommendations for a Wholistic Approach to Management. Working Paper No. 16. UNESCO South-South Co-operation Programme for Environmentally Sound Socio-Economic Development in the Humid Tropics
- ↑ Francis 1908, পৃ. 19
- ↑ Francis 1908, পৃ. 21
- ↑ Eagan 1916, পৃ. 212
- ↑ Francis 1908, পৃ. 20
- ↑ Eagan 1916, পৃ. 212
- ↑ Francis 1908, পৃ. 23-24
- ↑ (19 September 2019). Invasive species may soon wipe out Shola vegetation from Nilgiris: Report. Down to Earth
- ↑ Wikramanayake, Eric D. (2002). Terrestrial ecoregions of the Indo-Pacific: a Conservation Assessment. Island Press. পৃ. 284–285. ISBN 978-1-5596-3923-1
- ↑ M.P. Nayar; A.R.K. Sastry. (1987). Red Data Book, Plants of India. Botanical Survey of India
- ↑ Kalle, R.; Ramesh, T.; Qureshi, Q. (2011). Density of tiger and leopard in a tropical deciduous forest of Mudumalai Tiger Reserve, southern India, as estimated using photographic capture–recapture sampling. Acta Theriologica. পৃ. 335–342
- ↑ (25 March 2023). Tiger Reserve List. ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ
- ↑ Baskaran, N.; Udhayan, A.; Desai, A.A. (2010). Status of the Asian Elephant population in Mudumalai Wildlife Sanctuary, southern India. Gajah. পৃ. 6–13
- ↑ Sukumar, R. (1993). The Asian Elephant: Ecology and Management. Cambridge University Press. ISBN 978-0-521-43758-5
- ↑ Elephant Corridors of India
- ↑ Project Elephant. Ministry of Environment, Forest and Climate Change, Government of India. Government of India
- ↑ Francis 1908, পৃ. 31-33
- ↑ Francis 1908, পৃ. 31-33
- ↑ Eagan 1916, পৃ. 227
- ↑ Francis 1908, পৃ. 36-37
- ↑ Eagan 1916, পৃ. 223-224
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলগিৰি” প্ৰবন্ধৰ সংশোধন ৬৩১৩৩৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।