ৰেৱতী পট্টথানম (ইংৰাজী ভাষা: Revathi Pattathanam) হৈছে প্ৰাচীন কালৰেপৰা ভাৰতৰ কেৰালাৰ কোঝিকোডত অনুষ্ঠিত হৈ অহা পণ্ডিতসকলৰ এক বাৰ্ষিক সমাৱেশ। পৰম্পৰাগতভাৱে এইটো এটা সাতদিনীয়া অনুষ্ঠান। কোঝিকোডৰ জামৰিনৰ পৃষ্ঠপোষকতাত এই উৎসৱ অনুষ্ঠিত হৈছিল। এই সমাৱেশৰ প্ৰধান অনুষ্ঠানটো হৈছে নিৰ্বাচিত পণ্ডিতসকলক ভট্ট উপাধি প্ৰদান কৰাৰ লগতে এটা পনাকিঝি (ধনৰ মোনা) আগবঢ়োৱা। পট্টথানম শব্দটো ভট্টদানম শব্দৰপৰা উদ্ভৱ হৈছে, যাৰ মালয়ালম ভাষাত অৰ্থ হৈছে "ভট্ট উপাধি প্ৰদান কৰা।" এই সমাৱেশ ৰেৱতী নক্ষত্ৰৰদিনা আৰম্ভ হৈছিল, আৰু সেই বাবেই ইয়াৰ নাম ৰেৱতী পট্টথানম ৰখা হৈছে।১
কেলিকট গ্ৰন্থৱৰী (কেলিকট বংশাৱলী)ত উল্লেখ আছে যে পূৰ্বতে এৰ্নাডৰ নডুৱাঝি (মুখিয়াল) হৈ থকাৰ সময়ত জামৰিন ৰজাই তালি শিৱ মন্দিৰ বাজেয়াপ্ত কৰিছিল আৰু ষাঠিজন শৈৱ ব্ৰাহ্মণ ন্যাসৰক্ষীক জোৰকৈ আঁতৰাই দিছিল। প্ৰতিৰোধ কৰা কেইগৰাকীমান ন্যাসৰক্ষীক মৃত্যুদণ্ড দিয়া হৈছিল। পৰম্পৰাগত বিশ্বাস অনুসৰি, এই ব্ৰাহ্মণহত্যাৰ (ব্ৰাহ্মণ হত্যা, যাক ধৰ্মশাস্ত্ৰত পাঁচটা মহাপাপৰ অন্যতম বুলি বৰ্ণনা কৰা হৈছে) বাবে এক প্ৰায়শ্চিত্ত হিচাপে চতুৰ্দশ শতিকাত পণ্ডিতসকলৰ মাজত এক প্ৰতিযোগিতা ৰেৱতী পট্টথানমৰ আয়োজন কৰা হৈছিল।২ মন্দিৰটো দখল কৰাৰ পাছত উত্তৰাধিকাৰীৰ অভাৱত ৰাজপৰিয়ালটো বিলুপ্তিৰ পথলৈ আহিছিল। ইয়াক ব্ৰাহ্মণৰ অভিশাপৰ পৰিণাম বুলি ব্যাখ্যা কৰা হৈছিল। এই অভিশাপ দূৰ কৰিবলৈ ত্ৰয়োদশ শতিকাৰ শেষৰফালে কবি ৰাঘৱানন্দৰ সমসাময়িক শৈৱ সন্ত কোলকুন্নাট্টু সাৱনকলে জামৰিনক প্ৰতি বছৰে তেওঁৰ জন্ম নক্ষত্ৰ ৰেৱতীৰদিনা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিছিল। এই প্ৰতিযোগিতাখন বাৰ্ষিকভাবে অনুষ্ঠিত কৰা হৈছিল আৰু জ্ঞানৰ চাৰিটা ক্ষেত্ৰ ক্ৰমে— তৰ্কশাস্ত্ৰ, ব্যাকৰণ, মীমাংসা আৰু বেদান্তৰ বিজয়ীসকলৰ মাজত উপহাৰ বিতৰণ কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত ইয়াত আৰু অধিক বিষয় অন্তৰ্ভুক্ত কৰা হয়।
মধ্যযুগীয় সময়ছোৱাত এই প্ৰতিযোগিতাখন দক্ষিণ ভাৰতৰ এক অন্যতম ডাঙৰ অনুষ্ঠান আছিল। তামিলনাডুৰ বিখ্যাত উদ্দণ্ড শাস্ত্ৰী, যি কোকিল সন্দেশ আৰু মল্লিকা মাৰুতৰ ৰচক আছিল, তেওঁ এই ভট্টস্থান (ভট্টৰ আসন) প্ৰতিযোগিতাৰ এজন প্ৰধান অংশগ্ৰহণকাৰী আছিল। অৱশেষত কক্কশৈৰী ভট্টৰিপাদৰ হাতত তেওঁ পৰাজিত হয়।৩ এই ঘটনাটো মালয়ালম ধ্ৰুপদী সাহিত্য আইতিহ্য কথাকল বা আইতিহ্যমালাত বৰ্ণনা কৰা হৈছে।৪
তুলাম মাহৰ ৰেৱতী নক্ষত্ৰৰপৰা আৰম্ভ কৰি তালি মন্দিৰৰ ৱাটিলমদম (প্ৰৱেশদ্বাৰ)ৰ দুয়োপিনে থকা দুখন মণ্ডপত (বেদী) সাত দিন ধৰি এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। পূৰ্বৰ বছৰবোৰত স্থানম লাভ কৰা প্ৰাপ্তকৰ্তাসকলৰ মাজৰপৰা বাছনি কৰা বিচাৰকসকলৰ তীক্ষ্ণ দৃষ্টিৰ অধীনত এই প্ৰতিযোগিতা পৰিচালিত হৈছিল, যাৰ নাম আছিল পুৰণি সভা। ৰজা নিজে দক্ষিণ দিশৰ দীঘলীয়া হলঘৰৰ দক্ষিণ প্ৰান্তত বহিয়েই এই দৃশ্য উপভোগ কৰিছিল। ভট্ট মীমাংসা, প্ৰভাকৰ মীমাংসা, ব্যাকৰণ আৰু বেদান্তক মঞ্চৰ বিভিন্ন স্থানত জ্বলি থকা চাকিৰে প্ৰতিনিধিত্ব কৰা হৈছিল। বাদ-বিবাদসমূহ অতি গুৰুত্বপূৰ্ণ আছিল আৰু উচ্চ স্তৰৰ যোগ্যতা আৰু পাণ্ডিত্যৰে পৰিচালিত হৈছিল। এই ক্ষেত্ৰত উল্লেখযোগ্য যে নাৰায়ণী ওম আৰু প্ৰক্ৰিয়া সৰ্বস্বমৰ ৰচক মেলপাথুৰ নাৰায়ণ ভট্টথিৰিৰ দৰে মহান পণ্ডিতৰ প্ৰাৰ্থিত্বকো পুৰণি সভাই ছয়বাৰকৈ নাকচ কৰিছিল।
এই পট্টথানম কেৰালাৰ চেভিয়ানুৰ আৰু কোটামংগলমৰ ব্ৰাহ্মণ পণ্ডিতসকলৰ দুটা গুৰুত্বপূৰ্ণ যোগলৈ নিমন্ত্ৰণ প্ৰেৰণ কৰাৰ জৰিয়তে আৰম্ভ হয়। অন্তিম দিনা মাংগাট আচনে বিচাৰকসকলে প্ৰস্তুত কৰা বিজয়ীসকলৰ তালিকা ঘোষণা কৰে। ৰজাই বিজয়ীসকলৰ আশীৰ্বাদ ল’বলৈ তেওঁলোকৰ সন্মুখত সাষ্টাংগে প্ৰণিপাত কৰিছিল আৰু এশগৰাকী স্মাৰ্তক (যিসকল স্মৃতিশাস্ত্ৰত পাৰদৰ্শী) ১০১ পনমকৈ থকা একোখনকৈ কিঝি (মোনা) বিতৰণ কৰিছিল।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Calicut, Namboothiri Websites. Pattathaanam and the role of Namboothiris. www.www.namboothiri.com
- ↑ Revathi Pattathanam - A historic perspective. historicalleys.blogspot.in
- ↑ Kakkassery Bhattadri Saint of Kerala Aithihyamala. www.columbuslost.com
- ↑ ‘Aithihyamala’ in English
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেৱতী পট্টথানম” প্ৰবন্ধৰ সংশোধন ৬২৫২৪২ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।