অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ(Guinness World Records) পূৰ্বৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ (২০০০ চনলৈকে) বিশ্বৰ বিভিন্ন আশ্চৰ্যকৰ, ৰোমাঞ্চকৰ অভিলেখ সন্নিৱিষ্ট বছৰেকীয়া ভাৱে প্ৰকাশিত বিশ্ববিখ্যাত গ্ৰন্থ।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ৩৯১ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ(Guinness World Records) পূৰ্বৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচ (২০০০ চনলৈকে) বিশ্বৰ বিভিন্ন আশ্চৰ্যকৰ, ৰোমাঞ্চকৰ অভিলেখ সন্নিৱিষ্ট বছৰেকীয়া ভাৱে প্ৰকাশিত বিশ্ববিখ্যাত কিতাপ। ইংলেণ্ডৰ প্ৰখ্যাত প্ৰকাশন সংস্থা 'গিনিছ পাব্লিছিং লিমিটেড'ৰ পৰিচালন সঞ্চালক ছাৰ হিউ বিভাৰৰ (Sir Hugh Beaver) উদ্যোগত ১৯৫৫ চনৰ আগষ্ট মাহত ১৯৭ পৃষ্ঠাৰে কিতাপখনৰ প্ৰথমটো সংস্কৰণ প্ৰকাশ হয়। আচৰিতভাৱে সেই বছৰৰে বৰদিনৰ সময়লৈ এই কিতাপখনে সৰ্বাধিক বিক্ৰী গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰে, সেয়াই আৰম্ভণি। তেতিয়াৰে পৰা কিতাপখন প্ৰতি বছৰে নতুন নতুন আচহুৱা যেন লগা অভিলেখসূচক তথ্যৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ হৈ আহিছে আৰু আচৰিতভাৱে প্ৰতিবছৰে কিতাপখনে সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে, - যিটো এক ৰেকৰ্ড। অৱশ্যে ১৯৫৭ আৰু ১৯৫৮ চনৰ বছৰ দুটাত কিতাপখন প্ৰকাশ হোৱা নাছিল।

বৰ্তমান প্ৰতিবছৰে ৩৫ টাতকৈ অধিক ভাষাত এই কিতাপখন প্ৰকাশ হয়। সৰ্বাধিক বিক্ৰী ৰেকৰ্ডৰ বাবে ১৯৭৪ চনৰ পৰা কিতাপখনৰ 'সৰ্বাধিক বিক্ৰীৰ গ্ৰন্থ' (Best-Selling) শিতানত ইয়াৰ নিজৰ নামো সংযোজিত হৈছে। প্ৰকাশনৰ ইতিহাসত আজি এইখন কিতাপ পৰম বিস্ময়। জনপ্ৰিয়তাৰ দিশৰ পৰা এইখন কিতাপে যে কিমান বৈশিষ্ট্য লাভ কৰিছে তাৰ প্ৰমাণ পোৱা যায় ইয়াৰ মুদ্ৰণ সংখ্যাৰ পৰা। ইয়াৰ প্ৰতিটো সংখ্যাই প্ৰায় ৬০ নিযুত বিক্ৰী হয় আৰু প্ৰতিটো সংখ্যাৰে বিক্ৰী সৰ্বাধিক। এইখিনি একেলগে ১৬৮টা থাকত থিয় কৰালে প্ৰতিটো থাকৰ উচ্চতা হ'বগৈ পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টতকৈও (উচ্চতা ৮,৮৭২ মিটাৰ; ২৯,১১৮ ফুট বেছি! এই মুদ্ৰণ সংখ্যাৰ পৰাই কিতাপখনৰ অসামান্য চাহিদা সহজে অনুমান কৰিব পাৰি।

গ্ৰন্থ বিৱৰণ

পৃথিৱীৰ আটাইতকৈ শকত মানুহজনৰ নাম কি, কোন মহিলাৰ মূৰৰ চুলি আটাইতকৈ দীঘল, বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামটো ক'ত আছে - কিমান মানুহ ধৰে সেইটো ষ্টেডিয়ামত, মূৰত গাখীৰৰ বটল লৈ খোজকাঢ়ি কোনে বিশ্বৰেকৰ্ড কৰিছে, কোনে খাইছিল দহখন চাইকেল, সাতবাৰ বজ্ৰপাত পৰিও বাচি আছে কোন, মুখেৰে ৰছী টানি কোনে উৰাজাহাজ এখনো চোঁচৰাই নিব পাৰে ইত্যাদি অনেক অদ্ভুত যেন লগা আশ্চৰ্যকৰ ৰেকৰ্ডৰ বাতৰি এইখন কিতাপৰ পাতে পাতে। ইয়াৰ প্ৰতিটো সংস্কৰণ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰেকৰ্ডৰ পুংখানুপুংখ তথা নিখুঁত বিৱৰণ আৰু সুন্দৰ সুন্দৰ মনোমোহা ছবিৰে ভৰপূৰ। গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে দেখিবলৈ পোৱা যায় বিশ্বৰ শ্ৰেষ্ঠ চমক লগোৱা ঘটনা আৰু কীৰ্তিসমূহৰ শেহতীয়া নিৰ্ভুল সংবাদ। কিতাপখন পঢ়িলে ভাব হয় এই মুহূৰ্ততেই যেন পৃথিৱীৰ কোনো প্ৰান্তত ঘটিছে এটাৰ পিচত এটা বিস্ময়কৰ ঘটনা, অবিশ্বাস্য ৰেকৰ্ড। হিন্দী, বাংলাকে ধৰি একাধিক ভাৰতীয় ভাষাতো গিনিছ বুকৰ অনূদিত সংস্কৰণ প্ৰকাশ হৈছে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ” প্ৰবন্ধৰ সংশোধন ৬৩৮৫০২ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।