ভেঁকুৰ (Fungus) ক বহুবচনত fungi বোলে। 'fungi' শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হ'ল "বেংছতা"(mushroom)। বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইক'ল'জি (mycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক মাইক'ল'জিষ্ট (mycologist) বোলে। মাইক'ল'জিৰ প্ৰতিষ্ঠাপক হ'ল -ইটালীৰ উদ্ভিদ বিজ্ঞানী পিয়েৰ এণ্টনিঅ' মাইকেলি(১৭২৯ চনত)। ভেঁকুৰ হ'ল উদ্ভিদৰ অন্তৰ্গত ক্লৰ'ফিলবিহীন আৰু প্ৰকৃত কোষকেন্দ্ৰযুক্ত সৰল প্ৰকৃতিৰ জীৱ। ভেঁকুৰৰ দেহটো উচ্চশ্ৰেণীৰ উদ্ভিদৰ দৰে কাণ্ড,পাত আৰু মূলত বিভক্ত নহয়। ইহঁতৰ দেহটোক সমকায় (thallus) বোলে। ১।
[[চিত্ৰ:HYPHAE.png|Fungal Hyphae Cells 1- Hyphal wall 2- Septum 3- Mitochondrion 4- Vacuole 5- Ergosterol crystal 6- Ribosome 7- Nucleus 8- Endoplasmic reticulum 9- Lipid body 10- Plasma membrane 11- Spitzenkörper 12- Golgi apparatus]]
বাসস্থান
ভেঁকুৰ পৃথিৱীৰ সকলো ঠাইতে সকলো পৰিবেশত পোৱা যায়,অৰ্থাৎ ভেঁকুৰ সৰ্বব্যাপী (ubiquitous)। পানী,স্থল,বায়ু আৰু পোহৰৰ উপস্থিতি বা অনুপস্থিতিত ভেঁকুৰে বসবাস কৰিব পাৰে। ই যেনেকৈ নিম্ন উষ্ণতা (০°C তকৈ কম) ত বাচি থাকিব পাৰে,ঠিক তেনেকৈ মৰুভূমিৰ গৰম পৰিবেশতো জন্মা দেখা যায়। বেছিভাগ ভেঁকুৰে গেলা-পচা ফল,তৰকাৰী,ৰুটী,শুকান কাঠ,গলিত আৰু মৃত জীৱ-জন্তু আদিত জন্মে। কিছুমান জাম-জেলী,জোতা,পোছাক আদিত গজা দেখা যায়। আনকি কিছুমান ভেঁকুৰে মানুহ তথা ঘৰচীয়া জীৱ-জন্তুৰ ছাল,নোম,নখ,চকু আদিত বসবাস কৰে।১
ভেঁকুৰৰ পুষ্টি
ভেঁকুৰৰ দেহত ক্ল'ৰ ফিল নথকা বাবে ইহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে,অৰ্থাৎ ইহঁত পৰপুষ্ট (heterotrophic)। ভেঁকুৰ সাধাৰণতে পৰজীৱী বা মৃতজীৱী হয়। কিছুমানে আকৌ আন উদ্ভিদৰ সৈতে সহজীৱী (symbiont) ৰূপে বাস কৰে। পৰজীৱী ভেঁকুৰে জীৱীত পোষকদেহৰ পৰা খাদ্য আহৰণ কৰে। এইবিলাক ভেঁকুৰ দুই প্ৰকাৰৰ-
- বহি:পৰজীৱী (ectoparasite): যিবোৰ পৰজীৱী ভেঁকুৰে পোষকদেহৰ বাহিৰত বাস কৰে।
- অন্ত:পৰজীৱী (endoparasite): যিবোৰ পৰজীৱী ভেঁকুৰে পোষকদেহৰ ভিতৰত বাস কৰে।১
দেহৰ গঠন
on dead log]]
ভেঁকুৰৰ দেহটো এককোষী জীৱ (যেনে-ইষ্ট ) বা বহুকোষী (যেনে-মিউকৰ) সূত্ৰাকাৰ হয়। এই বহুকোষী ভেঁকুৰবিলাকৰ দেহটো কিছুমান সূত্ৰৰ দ্বাৰা গঠিত। দেহ গঠনকাৰী সূত্ৰবিলাকৰ প্ৰতিডালক অনুসূত্ৰ বা হাইফা (hypha,বহুবচনত hyphae) বোলে। অনুসূত্ৰবোৰ শাখা-প্ৰশাখাযুক্ত আৰু পৰস্পৰ মিহলি হৈ থাকে। পৰস্পৰ মিহলি হৈ থকা অনুসূত্ৰৰ সমষ্টিটোক সূত্ৰপুঞ্জ (mycelium) বোলে। অনুসূত্ৰবোৰ অণুবীক্ষণ যন্ত্ৰত লক্ষ্য কৰিলে নলাকাৰ দেখুৱায়। এই নলাকাৰ অনুসূত্ৰৰ মাজে মাজে কিছুমান প্ৰস্থবেৰ দেখা যায়। প্ৰস্থবেৰ থকা এই অনুসূত্ৰবোৰক প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰ (septate hyphae) বোলে। আনহাতে,কিছুমান ভেঁকুৰত নলাকাৰ অনুসূত্ৰবোৰত কোনো প্ৰস্থবেৰ নাথাকে,এনেধৰণৰ অনুসূত্ৰবোৰক প্ৰস্থবেৰহীন অনুসূত্ৰ (aseptate hyphae) বোলে। প্ৰস্থবেৰহীন অনুসূত্ৰবোৰক আকৌ চিন'চাইট (coenocyte) বোলে। প্ৰস্থবেৰবিশিষ্ট অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত বা ৰন্ধ্ৰহীন হ'ব পাৰে। যিবিলাক অনুসূত্ৰৰ প্ৰস্থবেৰখন ৰন্ধ্ৰযুক্ত,সেইবিলাক অনুসূত্ৰৰ কোষ (জীৱবিজ্ঞান)ৰ কোষকেন্দ্ৰ,চাইট'লাজম আৰু অন্যান্য পদাৰ্থ এটা কোষ (জীৱবিজ্ঞান)ৰ পৰা আনটো কোষ (জীৱবিজ্ঞান)লৈ ৰন্ধ্ৰৰ মাজেৰে স্থানান্তৰ হয়।১
কোষৰ গঠন

প্ৰজনন
ভেঁকুৰে প্ৰজনন বিভিন্ন পদ্ধতিৰে কৰে।তাৰ ভিতৰত অংগজ প্ৰজননৰ পদ্ধতিবোৰ হ'ল- খণ্ডিতকৰণ(fragmentation),দ্বিবিভাজন(fission) আৰু মুকুলোদ্গম(budding)।সেইদৰে অযৌন প্ৰজনন(asexal reproduction) বিভিন্ন প্ৰকাৰৰ ৰেণু যেনে কনিডিয়া(conidia) ৰেনুধাৰীৰেণু আৰু চলৰেণুৰ(zoospores) দ্বাৰা সম্পাদিত হয়।আনহাতে যৌন প্ৰজনন(sexual reproduction) উস্পৰ(oospores),এচক'স্প'ৰ(ascospores) আৰু বেচিডি'অস্প'ৰ(basidiospores) দ্বাৰা সম্পন্ন হয়।
তথ্যসূত্ৰ
- ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং: ৩০১।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেঁকুৰ” প্ৰবন্ধৰ সংশোধন ৫৭০৯৪৫ (২৩ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।