অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সৰীসৃপ

সৰীসৃপ (Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০১৮ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

সৰীসৃপ (Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ কৰি পানী,স্থল সৰ্বত্ৰ বিয়পি পৰে৷ মেছ'যইক যুগত সৰীসৃপৰ প্ৰৱল বিকাশ আৰু প্ৰভাৱৰ বাবে এই যুগক সৰীসৃপৰ সোনালী যুগ বুলি কোৱা হয়৷১৷

কেইবিধমান সৰীসৃপ

ঘঁৰিয়াল(crocodyle),ফেটিসাপ(naja),অজগৰ সাপ(python),টেষ্টুড'(testudeকাছ(turtle),স্ফেন'ডন(sphenodon),কেল'টিছ(calotes),কেমেলিঅ'ন(chameleon) ইত্যাদি৷

সাধাৰণ বৈশিষ্ট্যসমূহ

  1. দেহৰ আকাৰ প্ৰাণীভেদে বেলেগ বেলেগ৷ কিছুমান প্ৰাণীৰ দেহ চাপ খোৱা নাইবা বহল,দীঘল নাইবা চুটি,চুঙাসদৃস নাইবা চেপেটা৷ দেহ মস্তক,ডিঙি,গা আৰু পুচ্ছ অংশত বিভক্ত৷
  2. ছাল শুকান,খহটা আৰু গ্ৰন্থিহীন৷ দেহ বহি:চ্ছদীয়(epidermal) বাকলিৰে নাইবা ছালপত্ৰ(dermal plate) নাইবা স্কুট(scute) বা প্ৰশল্কৰে আবৃত৷
  3. দেহত সাধাৰণতে দুযোৰ ভৰি থাকে৷ প্ৰত্যেক ভৰিত পাঁচটাকৈ নখযুক্ত আঙুলি থাকে৷ কিছুমান প্ৰাণীৰ জলীয় অভিযোজনৰ বাবে ভৰি ৰূপান্তৰিত হৈ খোপনি(paddle) সৃষ্টি হয়,যেনে-কাছ৷ কিছুমান প্ৰাণীৰ ভৰি নাথাকে,যেনে-সাপ৷
  4. দেহকংকাল হাড়ৰ দ্বাৰা গঠিত৷ পশ্চকপালি সন্ধিকন্দ(occipital condyle) এটা৷ কশেৰুকাবোৰ অগ্ৰগৰ্তী(procoelous)৷ কামিহাড় ষ্টৰ্নাম(sternum) ৰ লগত সংযুক্ত৷
  5. পাচননলী সৰল আৰু মুখৰপৰা ক্ল'ৱাকালৈ বিস্তৃত৷ দুয়োটা হনুতে দাঁত থাকে৷
  6. শ্বাস-প্ৰশ্বাস হাঁওফাঁওৰ দ্বাৰা সম্পন হয়৷ ফুল নাথাকে৷ সাগৰীয় কাছৰ ক্ষেত্ৰত ক্ল'ৱাকাৰ দ্বাৰাও শ্বাসকাৰ্য চলে৷
  7. হৃদযন্ত্ৰ চাৰিটা কোঠালিযুক্ত৷ সম্পূৰ্ণভাৱে বিভক্ত অলিন্দ দুটা আৰু আংশিকভাৱে বিভক্ত নিলয় দুটা৷ ঘঁৰিয়ালৰ নিলয় সম্পূৰ্ণৰূপে দুটা কোঠালিত বিভক্ত৷ লোহিত ৰক্তকণিকাবোৰ কোষ (জীৱবিজ্ঞান)কেন্দ্ৰযুক্ত৷
  8. চেৰিব্ৰেল অৰ্ধগোলক(cerebral hemisphere)মসৃণ৷ ১২ যোৰ কপালীয় স্নায়ু(cranial nerve) থাকে৷
  9. প্ৰধান সংবেদী অংগবোৰ হ'ল চকু,কৰ্ণ (অংগ) আৰু নাক৷ পাৰ্শ্বৰেখা নাথাকে৷
  10. শীতলৰক্তী প্ৰাণী৷
  11. বৃক্ক মেটানেফ্ৰিক(metanephric)৷
  12. একলিংগী প্ৰাণী৷ নিষেচন দেহৰ ভিতৰত হয়৷
  13. ডিম্বজ(oviparous) প্ৰাণী৷ বৰ্ধন প্ৰত্যক্ষ,ৰূপান্তৰণ(metamorphosis) নাই৷ বিদলন মেৰ'ব্লাষ্টিক(meroblastic)৷ ভ্ৰূণ ভ্ৰূণাৱৰণ(embryonic membrane) ৰ দ্বাৰা সংৰক্ষিত হয়৷১
An "antediluvian monster", a ''Mosasaurus'' discovered in a Maastricht limestone quarry, 1770 (contemporary engraving)
An "antediluvian monster", a Mosasaurus discovered in a Maastricht limestone quarry, 1770 (contemporary engraving)ছবি: G. R. Levillaire · Public domain
The first reptiles had an Anapsid type of Skull roof, as seen in the Permian genus ''Captorhinus''
The first reptiles had an Anapsid type of Skull roof, as seen in the Permian genus Captorhinusছবি: Didier Descouens · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসসৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰীসৃপ” প্ৰবন্ধৰ সংশোধন ১৮৩৬২৫ (২৮ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।