অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

শেলাই

শেলাই(Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়।

হালনাগাদ: ১৯ জানুৱাৰী ২০২৬ ৪৭৫ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শেলাই(Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ। ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়। বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে। এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে।১

বাসস্থান

শেলাইবিলাক প্ৰধানত: জলজ। ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে। কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে। কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়।১

দেহৰ গঠন

শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে। এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে। বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়।১

কোষৰ গঠন

শেলাইৰ কোষ (জীৱবিজ্ঞান) সংকোষকেন্দ্ৰীয় (eukaryotic) হয়। প্ৰতিটো কোষ (জীৱবিজ্ঞান) এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে। বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত। কোষ (জীৱবিজ্ঞান)ত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore),অন্ত:প্ৰৰসীয় জালিকা থাকে। কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে।১

ৰঞ্জক পদাৰ্থ

বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়। ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম। কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে। এইবিলাক মাংসসাৰৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে।১।

সঞ্চিত খাদ্য

শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে শৰ্কৰা থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত শৰ্কৰাৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি। বিভিন্ন ধৰণৰ শৰ্কৰাৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ কোষ (জীৱবিজ্ঞান)ত সঞ্চিত খাদ্যৰূপে থাকে।১

প্ৰজনন

শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-

  1. অংগজ প্ৰজনন (Vegetative reproduction): এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে। বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ প্ৰকৃতিৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে।
  2. অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ ৰেণুৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে। এই ৰেণুবিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি।,
  3. যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে। মিলিত হোৱা জননকোষ দুটা একে উদ্ভিদ সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে। শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
  • সমজননকোষী বা আইছ'গেমাছ (Isogamous):দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে। সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে। www.irs.gov/refunds#
  • অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous): অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে। অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে।
  • উগেমাছ (Oogamous): আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে। এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg)টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়।১

তথ্যসূত্ৰ

  1. ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম। পৃষ্ঠা ৩৪৪

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেলাই” প্ৰবন্ধৰ সংশোধন ৫৭০৪৮৭ (১৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।