জীৱবিজ্ঞানী
৩৪ প্ৰবন্ধ
-
এৰিষ্ট'টল
আৰিস্ত’তেলেছ (Ἀριστοτέλης,; Aristotelēs,; ৩৮৪ – ৩২২ খ্ৰীঃপূঃ), আৰস্তু বা এৰিষ্ট’টল এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ (Nicomachus) মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্ত্বাৱধানত ডাঙৰ-দীঘল হৈছিল।
-
কাৰ্ল লিনিয়াছ
কাৰ্ল লিনিয়াছ (২৩ মে' পুৰণা নিয়মত ১৩ মে, ১৭০৭ - ১০ জানুৱাৰী, ১৭৭৮) হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম।
-
চাৰ্লছ ডাৰউইন
চাৰ্ল্ছ ৰবাৰ্ট ডাৰৱিন (Charles Darwin; ১২ ফেব্ৰুয়াৰী ১৮০৯ – ১৯ এপ্ৰিল ১৮৮২) আছিল এগৰাকী ইংৰাজ প্ৰকৃতিবিদ আৰু উদ্ভিদ বিজ্ঞানী। তেখেতে নিজৰ আৱিষ্কাৰৰ যোগেদি সেই সময়ৰ বহু যুক্তিহীন ধ্যান-ধাৰণা আঁতৰাবলৈ সক্ষম হৈছিল।
-
ৰিচাৰ্ড ড'কিনছ্
ৰিচাৰ্ড ড'কিনছ্ (Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্) (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য।
-
এডৱাৰ্ড জেনাৰ
এডৱাৰ্ড এন্থনী জেনাৰ (Edward Anthony Jenner; ১৭ মে' ১৭৪৯ – ২৬ জানুৱাৰী ১৮২৩) বাৰ্কলে, গ্ল'চেষ্টাশ্বায়াৰৰ এজন ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী আছিল। বৰআই ছিটাৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত।
-
ৰিচাৰ্ড উইলিয়াম টিম
ড॰ ৰিচাৰ্ড উইলিয়াম টিম (Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল।
-
পূৰ্ণিমা দেৱী বৰ্মন
পূৰ্ণিমা দেৱী বৰ্মন (Purnima Devi Barman) অসম, ভাৰতৰ প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু সংৰক্ষণবিদ। বিলুপ্তপ্ৰায় হাড়গিলাৰ শৃংখলাবদ্ধ সংৰক্ষণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৰিহণাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত।
-
জীৱবিজ্ঞানী
জীৱবিজ্ঞানী (Biologist) হ’ল এনে এজন বিজ্ঞানী যিয়ে জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত গৱেষণা কৰে। জীৱবিজ্ঞানীসকল পৃথিৱীত বৰ্তি থকা জীৱনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আগ্ৰহী, সেয়া এটা একক কোষেই হওক, বহুকোষী জীৱই হওক বা পাৰস্পৰিক ক্ৰিয়াশীল জনসংখ্যাৰ সম্প্ৰদায়েই হওক।
-
পিটাৰ জন ৰেটক্লিফ
ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০১৬ চনলৈ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ক্লিনিকেল মেডিচিন বিভাগৰ অধ্যাপক আৰু মুৰব্বী আছিল।
-
ফ্ৰেড ৰামছ্ডেল
ফ্ৰেডেৰিক জে "ফ্ৰেড" ৰামছ্ডেল (Frederick J. "Fred" Ramsdell, জন্ম:৪ ডিচেম্বৰ, ১৯৬০, আমহাৰ্ষ্ট, ইলিনয়) এজন আমেৰিকান ৰোগপ্ৰতিৰোধবিদ আৰু ছান ফ্ৰান্সিস্কোৰ পাৰ্কাৰ ইনষ্টিটিউট ফৰ কেন্সাৰ ইমিউন'থেৰাপিৰ গৱেষণা সঞ্চালক।
-
মেৰী ই ব্ৰুংকো
মেৰী ই ব্ৰুংক (Mary E. Brunkow (জন্ম ১৯৬১) এগৰাকী আমেৰিকান আণৱিক জীৱবিজ্ঞানী আৰু ৰোগপ্ৰতিৰোধ বিজ্ঞানী৷ পৰৱৰ্তী সময়ত তেওঁ FOXP3 নামেৰে নামাকৰণ কৰা জিনটোক স্কাৰ্ফি মাউছ ফেন'টাইপৰ কাৰণ হিচাপে সহ-চিনাক্ত কৰাৰ বাবে স্বীকৃতি লাভ কৰে, যিটো তথ্য আধুনিক নিয়ন্ত্ৰণকাৰী টি কোষ জীৱবিজ্ঞানৰ বাবে আধাৰ হৈ পৰিছিল।
-
শ্বিমন ছাকাগুচি
শ্বিমন ছাকাগুচি (Shimon Sakaguchi; জন্ম: ১৯ জানুৱাৰী, ১৯৫১) এজন ৰোগপ্ৰতিৰোধ বিজ্ঞানী আৰু ওছাকা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক। নিয়ন্ত্ৰক টি কোষৰ আৱিষ্কাৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত ইয়াৰ ভূমিকা বৰ্ণনা কৰাৰ বাবে তেওঁ অধিক পৰিচিত। এই আৱিষ্কাৰ কৰ্কট আৰু স্ব-প্ৰতিৰোধী ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়।
-
ৰুবুল মাউত
ৰুবুল মাউত (Rubul Mout) হৈছে এগৰাকী অসমীয়া জীৱবিজ্ঞানী। তেখেতৰ গৱেষণাৰ বিষয় হৈছে মানৱীয় দেহৰ কেতবোৰ ৰোগ নিৰ্মূলকৰণৰ বাবে নতুন প্ৰটিনৰ সৃষ্টি কৰা; উচ্চতৰ প্ৰটিন সমাৱেশ প্ৰস্তুত কৰি সেইবোৰক কোষ সংকেতৰে সমৃদ্ধ কৰা আৰু জৈৱ-অণুবিদ্যুতৰ দৰে ক্ষেত্ৰত প্ৰয়োগ কৰা।
-
আৰ্ডেম পাটাপুটিয়ান
আৰ্ডেম পাটাপুটিয়ান (Ardem Patapoutian, জন্ম ১৯৬৭) এজন আৰ্মেনিয়ান-আমেৰিকান আণৱিক জীৱবিজ্ঞানী, স্নায়ুবিজ্ঞানী আৰু ন'বেল বঁটা বিজয়ী। তেওঁ চাপ, মেন্থল আৰু উষ্ণতা চিনাক্ত কৰা পিআইইজেডঅ'১, পিআইইজেডঅ'২, আৰু টিআৰপিএম৮ ৰিচেপ্টৰৰ বিশেষত্ব চিহ্নিত কৰাৰ বাবে জনাজাত।
-
বিদিতা অশোক বৈদ্য
বিদিতা অশোক বৈদ্য (জন্ম: ১৫ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় স্নায়ুবিজ্ঞানী আৰু টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপক। ইয়াৰ আগতে তেওঁ ৱেলকাম ট্ৰাষ্টত জেষ্ঠ্য গৱেষণা ফেল' আৰু ভাৰতীয় বিজ্ঞান একাডেমীত সহকাৰী হিচাপে কৰ্মৰত আছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে স্নায়ুবিজ্ঞান আৰু আণৱিক মনস্তত্ব।
-
ভিক্টৰ এম্ব্ৰ'ছ
ভিক্টৰ আৰ. এম্ব্ৰ'ছ (Victor R. Ambros, জন্ম: ১ ডিচেম্বৰ, ১৯৫৩) এগৰাকী আমেৰিকান বিকাশমূলক জীৱবিজ্ঞানী আৰু নোবেল বঁটা বিজয়ী। তেওঁ প্ৰথম জ্ঞাত মাইক্ৰ'আৰ. এন. এ. (miRNA) আৱিষ্কাৰ কৰিছিল। বৰ্তমান তেওঁ ইউনিভাৰ্চিটি অৱ মেছাচুচেটছ মেডিকেল স্কুলৰ অধ্যাপক।
-
য়শ্বিনৰী অহচুমি
য়শ্বিনৰী অহচুমি (Yoshinori Ohsumi; 大隅 良典; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৫) এজন জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ। অট'ফেগী (autophagy) মানে শৰীৰৰ কোষসমূহ নিজে নিজে ধংস হোৱা প্ৰৱণতা। তেওঁ জাপানৰ বিখ্যাত গৱেষণা প্ৰতিষ্ঠান টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক।
-
লিণ্ডা ব্ৰাউন বাক
লিণ্ডা ব্ৰাউন বাক ( Linda Brown Buck; জন্ম: ২৯ জানুৱাৰী, ১৯৪৭ চন) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, যি ঘ্ৰাণ তন্ত্ৰৰ ওপৰত কৰা কামৰ বাবে সু-পৰিচিত।বৰ্তমান তেওঁ ছিয়াটলৰ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰৰ অধ্যাপক।
-
ৰাচেল কাৰ্ছন
ৰাচেল লুইচ কাৰ্ছন (২৭ মে ১৯০৭ - ১৪ এপ্ৰিল ১৯৬৪) এগৰাকী সামুদ্ৰিক জীৱবিজ্ঞানী (marine biologist) আৰু সংৰক্ষণবাদী (conversatrionist) আছিল। তেওঁৰ কিতাপ "ছাইলেন্ট স্প্ৰিং" আৰু অন্যান্য ৰচনাসমূহে গোলকীয় পৰিবেশ আন্দোলনলৈ বিশেষ অৱদান আগবঢ়াইছিল।
-
অনুৰাধা আচাৰ্য
অনুৰাধা আচাৰ্য (Anuradha Acharya; জন্ম: ১৯৭২) হৈছে এগৰাকী ভাৰতীয় উদ্যোগী। অ'কিয়াম বায়' চলিউছন্যছ আৰু মেপমাইজিনম নামৰ প্ৰতিষ্ঠান দুটাৰ তেখেত প্ৰতিষ্ঠাতা আৰু মুখ্য কাৰ্যবাহী বিষয়া। ২০১১ চনত তেখেতক বিশ্ব অৰ্থনীতি মঞ্চই "যুৱ গোলকীয় নেত্ৰী" বঁটা প্ৰদান কৰে।
-
এলচি এন ৱাৰ্ড
এলচি এন ৱাৰ্ড (৮ আগষ্ট, ১৯১১-২ এপ্ৰিল, ১৯৯৭) এগৰাকী অণুজীৱবিজ্ঞানী আছিল যিয়ে পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ জ'নাছ ছালকৰ ভাইৰাছ গৱেষণা পৰীক্ষাগাৰত কৰা কামৰ জৰিয়তে পলিঅ'ৰ ভেকচিন প্ৰস্তুত কৰাত অৰিহণা যোগাইছিল। ৱাৰ্ডৰ ভূমিকা আছিল বান্দৰৰ কলাত পলিঅ’ ভাইৰাছ বৃদ্ধি কৰা।
-
কৃতি কৰন্থ
ড° কৃতি কৰন্থ (Krithi Karanth) হ'ল মুখ্য সংৰক্ষণ বিজ্ঞানী আৰু বন্যপ্ৰাণী অধ্যয়ন কেন্দ্ৰ, বাংগালোৰৰ সঞ্চালক; ডিউক বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰৰ এডজাংক্ট ফেকাল্টি।
-
ক্ৰিষ্টিয়ান নুছলেইন-ভলহাৰ্ড
ক্ৰিষ্টিয়ান নুছলেইন-ভলহাৰ্ড (জন্ম ২০ অক্টোবৰ ১৯৪২) এগৰাকী জাৰ্মান বিকাশশীল জীৱবিজ্ঞানী আৰু ১৯৯৫ চনত শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা বিজয়ী। জাৰ্মানীৰপৰা বিজ্ঞান শাখাত নোবেল বঁটা লাভ কৰা একমাত্ৰ মহিলা।
-
গীৰাট জে ভাৰমেইজ
গীৰাট জে ভাৰমেইজ ( Geerat J. Vermeij ) ২৮ ছেপ্টেম্বৰ ১৯৪৬ চনত ডাচত জন্মগ্ৰহণ কৰা। তেওঁ ডেভিছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৃথিৱী আৰু গ্ৰহ বিজ্ঞান বিভাগৰ এজন পুৰাপৰিৱেশবিজ্ঞানী আৰু বিৱৰ্তনশীল জীৱবিজ্ঞানী।
-
চিত্ৰা মণ্ডল
চিত্ৰা মণ্ডল জৈৱ অণু আৰু স্বাস্থ্য আৰু ৰোগৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰখনত অধ্যয়ন কৰা এগৰাকী ৰাসায়নিক জীৱবিজ্ঞানী। পিছলৈ তেওঁ কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত কাম কৰিছিল। তেওঁ ভাৰতৰ কলকাতাত থকা চি. এছ. আই.
-
জুবিলী পুৰকায়স্থ
জুবিলী পুৰকায়স্থ (Jubilee Purkayastha) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী। ২০২১ চনত ক’ভিড-১৯ প্ৰতিৰোধী ঔষধ ‘ডি আৰ ডি অ’–২ ডি’ক্সি গ্লুক’জ’ চমুকৈ ২ ডিজিৰ প্ৰস্তুতকৰণৰ দায়িত্বত থকা ভাৰতীয় দলটোত তেখেতে এগৰাকী বিজ্ঞানী হিচাপে নিজৰ দায়িত্ব পালন কৰে।
-
প্ৰিয়া ডেভিদৰ
প্ৰিয়া ডেভিদৰ (Priya Davidar) এগৰাকী ভাৰতীয় বৈজ্ঞানিক গৱেষক, সংৰক্ষণ জীৱবিজ্ঞানী, পণ্ডিত আৰু লেখিকা। পণ্ডিচেৰী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপিকা হিচাপে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন অঞ্চলত পৰিৱেশ গৱেষণা কৰি আহিছে।
-
যমুনা শৰণ সিং
যমুনা শৰণ সিং (Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন প্ৰাধ্যাপক।
-
লেচলি এ ৱেষ্টন
লেচলি এ ৱেষ্টন'এফ এ এ, এগৰাকী উদ্ভিদ জীৱবিজ্ঞানী, যিয়ে মাটিৰ আৱৰণ আৰু কীট-পতংগ নিয়ন্ত্ৰণৰ ওপৰত অপতৃণ দমন কৰা কামৰ বাবে ২০২৩ চনত অষ্ট্ৰেলিয়ান একাডেমী অৱ চাইন্সৰ ফেলো হিচাপে সন্মানিত হৈছিল।
-
হান্স খ্ৰীষ্টিয়ান গ্ৰাম
হান্স খ্ৰীষ্টিয়ান জোৱাচিম গ্ৰাম (Hans Christian Gram; ১৩ ছেপ্টেম্বৰ ১৮৫৩ – ১৪ নৱেম্বৰ ১৯৩৮) এগৰাকী ডেনিছ বীজাণুবিদ, ঔষধবিজ্ঞানী আৰু অণুজীৱবিদ। তেওঁক গ্ৰেট গ্ৰাম ষ্টেইনৰ উন্নীতকৰণত আগবঢ়োৱা অৱদানৰ বাবে বিশেষ ভাবে জনাজাত। গ্ৰাম ষ্টেইন এবিধ ৰঞ্জক।