সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ভিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ। এই উদ্ভিদ সমূহত ফুল ফুল আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবীজপত্ৰি হিচাপে ভাগ কৰা হৈছে। এই উদ্ভিদসমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। এই উদ্ভিদ সমূহত পূৰঠ পাত, ফুল, শিপা, ফল দেখা যায়।
বৰ্গীকৰণ
সপুষ্পক উদ্ভিদৰ বৰ্গীকৰণ সময়ে সময়ে বৰ্গীকৰণ জীৱ বৈজ্ঞানিক সমূহৰ দ্বাৰা হৈ আহিছে। তেওঁলোকে মূলতঃ ইয়াক একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী বিভাজন কৰিছে।
- একবীজপত্ৰী সপুষ্পক উদ্ভিদ: ইয়াৰ বীজ সমূহৰ ভিতৰত এটা দল থাকে। সেয়েহে ইয়াক একবীজপত্ৰী বোলা হয়। উদাহৰণ: ঘেঁহু, ধান, জোৱাৰ, যৱ, কল, পিয়াজ, বাঁহ, নহৰু, খেজুৰ ইত্যাদি।
- দ্বিবীজপত্ৰী সপুষ্পক উদ্ভিদ: ইয়াৰ বীজ সমূহৰ ভিতৰত দুটা দল থাকে। সেয়েহে ইয়াক দ্বিবীজপত্ৰী বোলা হয়। এই প্ৰকাৰৰ উদ্ভিদ কেইবাহাজাৰটা প্ৰজাতি উপলব্ধ আছে।
প্ৰজনন
মূল প্ৰবন্ধ: ফুল
সপুষ্পক উদ্ভিদ সমূহে যৌন প্ৰজননৰ বাবে ফুল নামৰ অংশ বিধৰ বিকাশ কৰে। এই অংশ বিধতে গছ জোপাৰ প্ৰজননৰ ক্ষমতা থাকে। এই প্ৰকাৰৰ উদ্ভিদসমূহ ফুলৰ উৎপাদন কৰে বাবে বাগিছা সমূহত প্ৰায় ব্যৱহাৰ হয়। সপুষ্পক উদ্ভিদৰ ফুল গঠন, আকৃতি, গুণ অনুসৰি কেইবা প্ৰকাৰৰ থাকে। পৰাগ সংযোগৰ দ্বাৰা ইয়াৰ সপুষ্পক উদ্ভিদৰ নিষেচন হয়। নিষেচনৰ পাছত ভ্ৰূণৰ লাহে লাহে বিকাশ ঘটে। ভ্ৰুণৰ বিকাশ ঘটি পাছত ই বীজলৈ ৰূপান্তৰ হয়,আৰু ইয়াৰ চাৰিও কাষৰ অংশ মিলি ফলৰ বিকাশ ঘটায়। বীজ অংশক ই ঢাকি ৰাখে। ইয়াৰ ফল কেইবাপ্ৰকাৰৰ হয় যাক মানুহেও খাদ্য হিচাপে ব্যৱহাৰ কৰে।
উপকাৰিতা
সমূহ মানুহৰ বাবে যথেষ্ট উপকাৰী। সমূহ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰে কিছুমান ফলমূল, শাক পাচলি আদি উৎপাদন কৰে। কিছু উদ্ভিদ ঔষধি গুণ যুক্ত, আৰু কিছুৱে সূতা উৎপাদন কৰে। আৰু কিছু উদ্ভিদে কাঠ আদি উৎপাদন কৰি অৰ্থনৈতিক ভাৱে সহায় কৰে।
উৎস প্ৰসংগ
- APG. (2003). An update of the Angiosperm Phylogeny Group classification for the orders and families of flowering plants: APG II. Botanical Journal of the Linnean Society. পৃ. 399–436
- APG. (2009). An update of the Angiosperm Phylogeny Group classification for the orders and families of flowering plants: APG III. Botanical Journal of the Linnean Society. পৃ. 105–121
- APG. (2016). An update of the Angiosperm Phylogeny Group classification for the orders and families of flowering plants: APG IV. Botanical Journal of the Linnean Society. পৃ. 1–20
- Becker, Kenneth M. (February 1973). A Comparison of Angiosperm Classification Systems. Taxon. পৃ. 19–50
- Bell, Adrian D. (2008). Plant Form. An Illustrated Guide to Flowering Plant Morphology. Timber Press. ISBN 978-0-88192-850-1
- Bell, C.D.; Soltis, D.E.; Soltis, P.S. (2010). The Age and Diversification of the Angiosperms Revisited. American Journal of Botany. পৃ. 1296–1303
- Chase, Mark W.; Reveal, James L. (2009). A phylogenetic classification of the land plants to accompany APG III. Botanical Journal of the Linnean Society. পৃ. 122–127
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপুষ্পক উদ্ভিদ” প্ৰবন্ধৰ সংশোধন ৩৯৪৪০৯ (১ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।