জীৱন হৈছে এক বিশেষ ধৰণৰ জৈৱিক প্ৰক্ৰিয়া সংঘটিত কৰা ভৌতিক দেহ। এই প্ৰক্ৰিয়াবোৰৰ অবিহনে বা বন্ধহৈ গ'লে ইহঁতক মৃত বুলি কোৱা হয়। পৃথিৱীত উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, শেলাই, প্ৰটিষ্ট, আৰ্কিয়া আৰু বেক্টেৰিয়া আদি ভিন্ন প্ৰকাৰৰ জীৱন দেখা পোৱা যায়। ভাইৰাছবোৰক জীৱিত বুলি গণ্য কৰা নহয়। জীৱবিজ্ঞানত জীৱন সম্পৰ্কে অধ্যয়ন কৰা হয়। জীৱনৰ আটাইতকৈ ক্ষুদ্ৰ গোট হৈছে জীৱ। জীৱবোৰ এক বা একাধিক কোষ (জীৱবিজ্ঞান)ৰ দ্বাৰা গঠিত, বিপাক ক্ৰিয়া সংঘটিত কৰে, বৃদ্ধি হয়, প্ৰজনন (যৌন বা অযৌন) কৰে, আৰু নতুন প্ৰজন্মবোৰ পৰিৱেশৰ লগত খাপ খাব পৰাকৈ বিৱৰ্তিত হয়।
পৃথিৱীত জীৱনৰ বিচিত্ৰ প্ৰয়োভৰ দেখা পোৱা যায়। এই জীৱবোৰ- উদ্ভিদ, প্ৰাণী, ভেঁকুৰ, প্ৰটিষ্ট, আৰ্কিয়া আৰু বেক্টেৰিয়া- কাৰ্বন আৰু পানী আধাৰিত কোষীয় ৰূপৰ জটিল সংগঠন আৰু জিনীয় তথ্যৰে সমৃদ্ধ। সাধাৰণ জৈৱ যোগৰ দৰে জীৱহীন পদাৰ্থৰ পৰা এই জীৱবোৰ সৃষ্টি হয়। পৃথিৱীৰ বয়স প্ৰায় ৪৫৪০ নিযুত বছৰ। পৃথিৱীত প্ৰথম জীৱৰ আৱিৰ্ভাব হৈছিল প্ৰায় ৩৫০০ নিযুত বছৰ আগেয়ে। পশ্চিম গ্ৰীনলেণ্ডত প্ৰায় ৩৭০০ নিযুত বছৰ আগেয়ে মেটাছেডিমেণ্টেৰি শিলাৰ বায়'জেনিক গ্ৰেফাইট হৈছে পৃথিৱীত আবৃস্কিত প্ৰথম জীৱনৰ শাৰীৰিক প্ৰমাণ। এনে প্ৰমাণৰ অন্য এটা উদাহৰণ হৈছে পশ্চিম অষ্ট্ৰেলিয়াৰ ৩৪৮০ নিযুত বছৰ পুৰণি বালিশিলাৰ মাইক্ৰ'বিয়েল মেট জীৱাশ্ম। কিন্তু ইয়াতকৈও বহু আগেয়ে প্ৰায় ৪২৫০ নিযুত বছৰ আগেয়ে পৃথিৱীত জীৱন আৰম্ভ হৈছিল বুলি বিশেষজ্ঞ সকলে কয়, আৰু অন্য কিছুমানৰ মতে প্ৰায় ৪৪০০ নিযুত বছৰ আগেয়ে। পৃথিৱীত জীৱন আৰম্ভৰ ৰহস্য আজিও অজ্ঞাত, যদিও বহু লোকে বহু তত্ত্ব ব্যাখ্যা কৰে। জীৱন বিভিন্ন ৰূপত বিৱৰ্তন ঘটিছে, যিবোৰক বিভিন্ন গোটত শ্ৰেণীবিভাজন কৰা হৈছে। পৃথিৱাৰ সৰ্বমুঠ জীৱনৰ প্ৰায় ৯৯% প্ৰজাতি, প্ৰায় ৫০০ নিযুত প্ৰজাতি১, বিলুপ্ত হৈ গ'ল বুলি অনুমান কৰা হৈছে।২৩ বৰ্তমান পৃথিৱীত প্ৰায় ১০ ৰ পৰা ১৪ নিযুত প্ৰজাতিৰ৪ জীৱ আছে বুলি অনুমান কৰা হয়। ইয়াৰে প্ৰায় ১.২ নিযুত প্ৰজাতিৰ তথ্য বিজ্ঞানীৰ ওচৰত আছে আৰু প্ৰায় ৮৬%ত কৈয়ো অধিক প্ৰজাতিৰ কোনো তথ্য আজিও আহৰণ কৰিব পৰা হোৱা নাই।৫ সম্ভৱতঃ মহানাদৰ পিছৰে পৰা জীৱনৰ ৰসায়ন আৰম্ভ হৈছিল, প্ৰায় ১৩,৮০০ নিযুত বছৰ আগেয়ে, আৱাস যোগ্য পৰিৱেশত যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ বয়স মাত্ৰ ১০-১৭ নিযুত বছৰ আছিল। পাঞ্চপাৰ্মিয়া মতবাদ অনুহৰি, আনুবীক্ষণিক জীৱন -মেটেঅ'ৰইড, এষ্টেৰ'ইড আৰু অন্য সূক্ষ্ম সৌৰজাগতিক কণাৰ ৰূপত সমগ্ৰ ব্ৰহ্মাণ্ডলৈ বিস্তাৰিত হৈছিল। যদিও কেৱল পৃথিৱীতহে জীৱন নিশ্চিত হৈছে, বহুলোকে ভাৱে যে বহিঃজগতৰ জীৱ কেৱল সম্ভৱেই নহয়, হয়তো বিদ্যমানো। সৌৰজগতৰ অন্য গ্ৰহ আৰু উপগ্ৰহ আৰু অন্য গ্ৰহপ্ৰণালীত জীৱনৰ অস্তিত্ব সম্পৰ্কে পৰীক্ষা কৰি থকা হৈছে। কোনো অজ্ঞাত এলিয়েন সভ্যতাই পঠাব পৰা অনাতাঁৰ সংকেত চিনাক্তকৰণৰ বাবে ছেটি (SETI)ৰ দৰে প্ৰকল্প লোৱা হৈছে। জীৱনৰ অৰ্থ -অতি বৈশিষ্টপূৰ্ণ, উৎপত্তি, উদ্দেশ্য, আৰু পৰম লক্ষ -দৰ্শন আৰু ধৰ্মৰ এটা কেন্দ্ৰীয় ধাৰণা আৰু প্ৰশ্ন।
তথ্যসূত্ৰ
- ↑ (31 December 1996). The Biology of Rarity: Causes and consequences of rare—common differences. ISBN 978-0412633805
- ↑ Stearns, Beverly Peterson; Stearns, S. C.; Stearns, Stephen C. (2000). Watching, from the Edge of Extinction. Yale University Press. পৃ. 1921. ISBN 978-0-300-08469-6
- ↑ Novacek, Michael J. (8 November 2014). Prehistory’s Brilliant Future. New York Times
- ↑ G. Miller; Scott Spoolman. (2012). Environmental Science - Biodiversity Is a Crucial Part of the Earth's Natural Capital. Cengage Learning. পৃ. 62. ISBN 1-133-70787-4
- ↑ Mora, C.; Tittensor, D.P.; Adl, S. (23 August 2011). How many species are there on Earth and in the ocean?. PLOS Biology. পৃ. e1001127
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱন” প্ৰবন্ধৰ সংশোধন ২৩৪৯৭৮ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।