প্ৰজনন হৈছে কোনো জীৱৰ পৰা নতুন অপত্য সৃষ্টিৰ এক জৈৱিক প্ৰক্ৰিয়া। প্ৰজনন জীৱনৰ এটা সাধাৰণ বৈশিষ্ট; সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবেই সম্ভৱ হৈছে। প্ৰজনন দুই প্ৰকাৰৰ: অযৌন আৰু যৌন।
অযৌন প্ৰজননত, এটা জীৱই অন্য এটা জীৱৰ লগত কোনো সম্পৰ্ক নকৰাকৈয়ে অপত্য সৃষ্টি কৰে। অযৌন প্ৰজনন এককোষী জীৱৰ মাজতেই সীমিত নহয়। এটা জীৱৰ ক্লন কৰাও এক প্ৰকাৰৰ অযৌন প্ৰজনন। অযৌন প্ৰজননৰ দ্বাৰা সৃষ্ট জীৱবোৰ জিনীয়ভাৱে একেই হয় বা মূল জীৱটোৰ নকল বুলি কব পাৰি। যৌন প্ৰজননৰ ক্ৰমবিকাশ জীৱবিজ্ঞানীৰ বাবে এক অবুজ সাঁথৰ।
যৌন প্ৰজননৰ বাবে দুটা বিশেষ জীৱৰ যৌন আন্তঃক্ৰিয়াৰ প্ৰয়োজন হয়, ইহঁতক বীজকোষ বোলে, আধা সংখ্যক ক্ৰম'জ'ম থাকে আৰু মিঅ'ছিছ প্ৰক্ৰিয়াৰে সৃষ্টি হয়। সাধাৰণতে একে প্ৰজাতি (জীৱবিদ্যা)ৰ পুং জীৱই স্ত্ৰীক নিষেচিত কৰি এটা যোজন কোষৰ সৃষ্টি কৰে। নতুনকৈ সৃষ্টিহোৱা অপত্যবোৰৰ জিনীয় বৈশিষ্ট পিতৃ-মাতৃতকৈ পৃথক হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰজনন” প্ৰবন্ধৰ সংশোধন ৩৮৯৭৩০ (৩১ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।