অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

শৰীৰতত্ত্ব

শৰীৰতত্ত্ব (Physiology) ) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখা।। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ, জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৫৩ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শৰীৰতত্ত্ব (Physiology) ) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱবিজ্ঞানৰ শাখা।১। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ (জীৱবিজ্ঞান), জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা হয়। ১৯০১ চনৰ পৰা ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্স-এ শৰীৰতত্ত্ব বিষয়ত সৰ্বোচ্চ সন্মান শৰীৰতত্ত্ব আৰু চিকিৎ‍সা বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰি আহিছে।

শব্দমূল

ফিজিঅ'ল'জী শব্দটো φύσιςৰ physis- যাৰ অৰ্থ হৈছে "প্ৰকৃতি" বা "উৎ‍পত্তি" আৰু -λογία -logia-যাৰ অৰ্থ "অধ্যয়ন" শব্দৰ পৰা আহিছে।

মানৱ শৰীৰতত্ত্ব

মূল প্ৰবন্ধ: মানৱ শৰীৰতত্ত্ব

মানৱ শৰীৰতত্ত্ব হৈছে মানুহৰ শৰীৰৰ অঙ্গ আৰু সেয়া গঠন কৰা কোষবোৰৰ কাৰিকৰী, দৈহিক আৰু ৰাসয়নিক ক্ৰিয়াসমূহ অধ্যয়ন কৰা বিজ্ঞান।২ শৰীৰতত্ত্বত অঙ্গ-প্ৰতঙ্গৰ স্তৰ আৰু প্ৰণালীৰ ভিতৰৰ প্ৰণালীত গুৰুত্ব দিয়া হয়। মানৱ শৰীৰতত্ত্বৰ জ্ঞানৰ ভেটিটোৰ বেছিভাগেই জন্তুৰ ওপৰত কৰা পৰীক্ষাৰ পৰা লাভ কৰা। শৰীৰতত্ত্বৰ শৰীৰস্থানৰ লগত নিকট সম্পৰ্ক আছে; শৰীৰস্থানত গঠনৰ বিষয়ে অধ্যয়ন কৰা হয়, আনহাতে শৰীৰতত্ত্বত ক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। সততে থকা সংযোগৰ বাবে শৰীৰতত্ত্ব, শৰীৰস্থান আৰু জৈৱ ৰসায়নক চিকিৎসা-বিজ্ঞানৰ প্ৰাথমিক বিষয় হিচাপে গ্ৰহণ কৰা হয়।

ইতিহাস

মানৱ শৰীৰতত্ত্বৰ অধ্যয়ন চিকিৎ‍সা বিজ্ঞানৰ জনক হিপ'ক্ৰেটিছৰ দিনত খ্ৰীষ্টপূৰ্ব ৪২০ মানতে আৰম্ভ হৈছিল।৩ প্ৰাচীন গ্ৰীছত এৰিষ্ট'টলৰ সমালোচনাত্মক চিন্তা, আৰু গঠন আৰু কামৰ সম্বন্ধৰ ওপৰত প্ৰদান কৰা তেওঁৰ গুৰুত্বই শৰীৰতত্ত্বৰ উন্মেষ ঘটাইছিল। গেলেন নামৰে জনাজাত ক্ল'ডিয়াছ গেলেনাছে (আনুমানিক ১২৬-১৯৯ খ্ৰীষ্টাব্দ) প্ৰথম দেহৰ কাৰ্যপ্ৰণালী জানিবলৈ পৰীক্ষা-নিৰীক্ষা চলাইছিল। গেলেন পৰীক্ষামূলক শৰীৰতত্ত্ব প্ৰতিষ্ঠা কৰিছিল।৪

১৯শ শতিকাত শৰীৰতত্ত্বৰ জ্ঞান খৰতকীয়া বেগেৰে বাঢ়িবলৈ আৰম্ভ কৰিছিল। বিশেষকৈ ১৮৩৮ চনত প্ৰকাশ হোৱা মেথিয়াছ জেক'ব স্লেইডেন আৰু ]]থিঅ'ড'ৰ স্বান]]ৰ কোষ তত্ত্বই ইয়াত প্ৰভুত অৰিহণা যোগাইছিল। এই তত্ত্বৰ মতে জীৱবোৰ "কোষ" নামৰ এককৰ সমষ্টিৰে গঠিত। ক্ল'ড বাৰ্নাৰ্ড ৰ(1১৮১৩-১৮৭৮) আৱিষ্কাৰসমূহৰ পিছত তেওঁ "মিলিউ ইণ্টেৰিয়'ৰ" (অভ্যন্তৰীণ পৰিৱেশ)ৰ ধাৰণা আগবঢ়ায় যিটোক পিছলৈ আমেৰিকান শৰীৰতত্ত্ববিদ ৱাল্টাৰ কেনন (১৮৭১-১১৯৪৫)-এ হ'মিঅ'ষ্টেচিছৰ ধাৰণাত ব্যৱহাৰ কৰে।

বিংশ শতিকাত জীৱবিজ্ঞানীসকল মানুহৰ বাহিৰে আন জীৱৰ কাৰ্যপ্ৰণালীৰ ওপৰত আগ্ৰহী হৈ পৰে যাৰ ফলত তুলনামূলক শৰীৰতত্ত্ব আৰু ইক'শৰীৰতত্ত্বৰ সূত্ৰপাত ঘটে।৫ এই ক্ষেত্ৰসমূহত অৱদান আগবঢ়োৱাসকলৰ ভিতৰত নাট স্মিট্‌‍-নিয়েলচন আৰু জৰ্জ বাৰ্থ'ল'মিউ উল্লেখযোগ্য। শেহতীয়াভাৱে ক্ৰমবিকাশ শৰীৰতত্ত্ব এটা মুখ্য উপবিষয় হৈ পৰিছে।৬

সংহতিমূলক শৰীৰতত্ত্বৰ ভিত্তি হৈছে মানৱ দেহৰ প্ৰণালীসমূহৰ কাৰ্যাৱলীৰ নিৰ্দিষ্ট বা উপৰাউপৰি ৰূপ। ৰাসায়নিক বা বৈদ্যুতিক সংকেতেৰে হোৱা যোগাযোগৰ জৰিয়তে এনে কাৰ্য সম্পাদন হয়। অন্তঃস্ৰাৱী তন্ত্ৰ আৰু স্নায়ুতন্ত্ৰই এই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে।

অতিৰিক্ত তথ্য

  • প্ৰায়োগিক শৰীৰতত্ত্ব
  • প্ৰতিৰক্ষা শৰীৰতত্ত্ব
  • ব্যায়াম শৰীৰতত্ত্ব
  • ফিজিঅ'ম

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Definition of PHYSIOLOGY. Merriam-Webster
  2. ↑ CellPhys Undergraduate Program. Cellphys.ubc.ca
  3. ↑ Physiology - History of physiology, Branches of physiology. www.Scienceclarified.com
  4. ↑ Fell, C.; Griffith Pearson, F. (2007). Thoracic Surgery Clinics: Historical Perspectives of Thoracic Anatomy. Thorac Surg Clin. পৃ. 443–8, v
  5. ↑ Feder, Martin E. (1987). New directions in ecological physiolog. Cambridge Univ. Press. ISBN 978-0-521-34938-3
  6. ↑ Garland, Jr, Theodore; Carter, P. A. (1994). Evolutionary physiology. Annual Review of Physiology. পৃ. 579–621

সম্পৰ্কিত শ্ৰেণী

শৰীৰতত্ত্বচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰীৰতত্ত্ব” প্ৰবন্ধৰ সংশোধন ৬৩১০৩৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।