অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

স্তন্যপায়ী প্ৰাণী

স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অন্য মেৰুদণ্ডী চৰাই আৰু সৰিসৃপৰ লগত থকা স্তন্যপায়ীৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে, দেহত থকা নোম, মধ্য কৰ্ণৰ তিনিডাল হাড়, স্তন্য গ্ৰন্থি, আৰু মগজুৰ নিঅ'কৰ্টেক্স।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৩ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অন্য মেৰুদণ্ডী চৰাই আৰু সৰিসৃপৰ লগত থকা স্তন্যপায়ীৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে, দেহত থকা নোম, মধ্য কৰ্ণৰ তিনিডাল হাড়, স্তন্য গ্ৰন্থি, আৰু মগজুৰ নিঅ'কৰ্টেক্স। স্তন্যপায়ীৰ মগজুৱে দেহৰ উষ্ণতা আৰু চাৰিটা কোঠালিৰ হৃদযন্ত্ৰকে ধৰি ৰক্ত পৰিবহণ তন্ত্ৰ নিয়ন্ত্ৰণ কৰে।

পৃথিৱীৰ আটাইতকৈ বৃহতাকাৰ প্ৰাণীবোৰ স্তন্যপায়ীৰ অন্তৰ্ভুক্ত, যেনে বৃহৎ তিমি মাছবোৰ। ইয়াৰোপৰি হাতী, মানুহকে ধৰি কিছুমান প্ৰাইমেট আদি বুদ্ধিমান প্ৰাণীবোৰো স্তন্যপায়ীৰ অন্তৰ্গত।

স্তন্যপায়ীবোৰ চাৰিটা পদযুক্ত স্থলজ প্ৰাণী, কিন্তু কিছুমান স্তন্যপায়ী সমুদ্ৰ, বায়ু আৰু গছতো পোৱা যায় বা কিছুমানৰ মাত্ৰ দুটা ভৰিহে থাকে। স্তন্যপায়ীৰ আটাইতকৈ ডাঙৰ গোটটো হৈছে প্লেচেণ্টেলছ, গৰ্ভাশয় থাকে, যিয়ে গৰ্ভাৱস্থাত সন্তানক আহাৰৰ যোগান ধৰে।

স্তন্যপায়ীবোৰ ৩০-৪০ মিমি (১.২-১.৬ ইঞ্চি)ৰ বাদুলিৰ পৰা ৩৩ মিটাৰ (১০৮ ফুট)ৰ নীলা তিমিলৈকে হ'ব পাৰে। সকলো মাইকী স্তন্যপায়ীয়ে সিহঁতৰ সন্তানক স্তন্য গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা দুগ্ধ পান কৰাই। মেমেল স্পেছিছ অৱ দ্য ওৱৰ্ল্ডৰ মতে, ২০০৬ চনত ৫,৪১৬টা প্ৰজাতিৰ স্তন্যপায়ীৰ সম্পৰ্কে জনা গৈছিল। ইহঁতক ১,২২৯টা গণ, ১৫৩টা পৰিয়াল আৰু ২৯টা বৰ্গত বিভক্ত কৰা হৈছে।

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণীবৈজ্ঞানিক শ্ৰেণীবিন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্তন্যপায়ী প্ৰাণী” প্ৰবন্ধৰ সংশোধন ৩৯৩৬৩৭ (২৮ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।