ডলী (৫ জুলাই ১৯৯৬ – ১৪ ফেব্ৰুৱাৰী ২০০৩) হৈছে এজনী মাইকী পোহনীয়া ভেড়া আৰু ই হৈছে নিউক্লিয়াৰ পৰিবৰ্তন পদ্ধতিৰে এটা প্ৰাপ্তবয়স্ক ছ'মাটিক কোষৰ পৰা ক্ল’নিং কৰি জন্ম দিয়া প্ৰথম স্তন্যপায়ী প্ৰাণী।
উৎপত্তি
স্কটলেণ্ডৰ ইডেনবাৰ্গ বিশ্ববিদ্যালয়ৰ আৰু ইডেনবাৰ্গৰ জৈৱ-প্ৰযুক্তিবিদ্যা কোম্পানী পি.পি.এল. থেৰাপেটিক্ছৰ অন্তৰ্গত ৰ'জলিন ইন্সটিটিউটত কেইথ কেম্পবেল, ইয়ান উইলমাট আৰু সহকৰ্মীসকলে ডলীৰ ক্লন কৰিছিল। ডলীৰ ক্লনিংৰ খৰচ পি.পি.এল. থেৰাপেটিক্ছ আৰু কৃষি মন্ত্ৰালয়ে যোগান ধৰিছিল।১ ১৯৯৬ চনৰ ৫ জুলাইত ডলীৰ জন্ম হৈছিল আৰু তাইৰ সপ্তম জন্ম দিনলৈ পাঁচ মাহ আগতে হাঁও-ফাঁওৰ ৰোগৰ ফলত তাইৰ মৃত্যু হৈছিল।২ বি.বি.চি নিউজ আৰু ছাইণ্টিফিক আমেৰিকানকে ধৰি বিভিন্ন উৎসৰ মতে ডলী হৈছে "পৃথিৱীৰ আটাইতকৈ বিখ্যাত ভেড়া"।৩৪
ডলীৰ ক্লনিংৰ বাবে দাতা কোষ হিচাপে ব্যৱহাৰ কৰা কোষ এক স্তন্য গ্ৰন্থিৰ পৰা লোৱা হৈছিল, আৰু এটা স্বাস্থ্যৱান ক্লনৰ উৎপাদনে প্ৰমাণ কৰিছিল যে দেহৰ কিছুমান নিৰ্দিষ্ট অংশৰ কোষে এক পূৰ্ণাংগ জীৱৰ পুনৰনিৰ্মাণ কৰিব পাৰে।
মৃত্যু
২০০৩ চনৰ ১৪ ফেব্ৰুৱাৰীত, ক্ৰমাগতভাৱে বৃদ্ধি হোৱা হাঁও-ফাঁওৰ ৰোগ আৰু বিভিন্ন ধৰণৰ হাড়ৰ ৰোগৰ বাবে ডলীক ইচ্ছামৃত্যু প্ৰদান কৰা হয়।৫ সাধাৰণতে এটা ফিন ডৰছেট প্ৰায় ১১-১২ বছৰ জীয়াই থাকে, কিন্তু ডলী ৬.৫ বছৰহে জীয়াই থাকিল। মৰণোত্তৰ পৰীক্ষাত তাই অ'ভাইন পালমনেৰি এডেন'কাৰচিনমা (জাগছেইক্টে বুলিও জনাজাত) নামৰ এক প্ৰকাৰৰ হাঁও-ফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি গম পোৱা গৈছিল,৬ ই হৈছে ভেড়াৰ এটা সাধাৰণ ৰোগ আৰু ই জে.এছ.আৰ.ভি. নামৰ এক ৰেট্ৰ'ভাইৰাছৰ বাবে হয়।৭ ৰ'জলিনৰ বিজ্ঞানীসকলৰ মতে এই ৰোগৰ সৈতে ক্লনিংৰ কোনো সম্পৰ্ক নাই কাৰণ এনে প্ৰজাতিৰ অন্য ভেড়াও এই ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে।৫ ঘৰৰ ভিতৰত ৰখা ভেড়াৰ বাবে এনে ৰোগ অতি মাৰাত্মৰ আৰু সুৰক্ষাৰ খাতিৰত ডলীক ঘৰৰ ভিতৰতেই ৰখা হৈছিল।
কিছুলোকে ডলীৰ মৃত্যুৰ কাৰণ এইবুলি অনুমান কৰিছিল যে, ডলীক এজনী ছবছৰীয়া ভেড়াৰ পৰা ক্লনিং কৰা হৈছিল বাবে তাই জন্মতেই ছবছৰীয়া হৈ জন্মিছিল।৮ এই ধাৰণাৰ এটা মূল ভিত্তিয়ে দেখুৱাইছিল যে ডলীৰ টেল'মিয়েৰবোৰ চুটি আছিল, যাৰ ফলত ডলীৰ বয়স বাঢ়িছিল।৯১০ ৰ'জলিন ইন্সটিটিউটৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছিল যে, ডলীৰ স্বাস্থ্য পৰীক্ষা কৰি তাইৰ দেহত এনেকৈ আগতীয়া বয়স বৃদ্ধি হ’ব পৰা কোনো ধৰণৰ বিসংগতি পোৱা হোৱা নাছিল।৮
২০১৬ চনত বিজ্ঞানীসকলে ১৩টা ক্লন ভেড়াত কোনো বিসংগতি নাই বুলি প্ৰকাশ কৰে, ইয়াৰে চাৰিটাৰ ক্লনিং ডলীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কোষৰ দৰে একে কোষৰ পৰা কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ Edwards, J. (1999). Why dolly matters: Kinship, culture and cloning. Ethnos. পৃ. 301–324
- ↑ "Dolly the sheep clone dies young". BBC News. 14 February 2003
- ↑ (27 May 1999). Is Dolly old before her time?. BBC News
- ↑ Lehrman, Sally. (July 2008). No More Cloning Around. Scientific American
- ↑ Dolly's final illness Roslin Institute, Accessed 21 February 2008 Cached version
- ↑ Bridget M. Kuehn Goodbye, Dolly; first cloned sheep dies at six years old American Veterinary Medical Association, 15 April 2003
- ↑ Palmarini M. (2007). A Veterinary Twist on Pathogen Biology. PLoS Pathog.. পৃ. e12
- ↑ Was Dolly already 'old' at birth? Roslin Institute, Accessed 4 April 2010
- ↑ Shiels PG; Kind AJ; Campbell KH. (1999). Analysis of telomere length in Dolly, a sheep derived by nuclear transfer. Cloning. পৃ. 119–25
- ↑ Shiels PG; Kind AJ; Campbell KH. (1999). Analysis of telomere lengths in cloned sheep. Nature. পৃ. 316–7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডলী (ভেড়া)” প্ৰবন্ধৰ সংশোধন ৬২৪২৩৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।