অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বেক্টেৰিয়া

বেক্টেৰিয়া (Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ। এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়। বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৯৮ শব্দ · ৪ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বেক্টেৰিয়া (Bacteria) এবিধ সৰল আৰু অতি ক্ষুদ্ৰ এককোষী জীৱ। এণ্টন ফন লিউৱেনহ'ক(Anton von Leeuwenhoek,1676) নামৰ এজন ওলন্দাজ বিজ্ঞানীয়ে অণুবীক্ষণ যন্ত্ৰৰ সহায়ত পোনপ্ৰথমে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱৰ অস্তিত্ব পায়। বিজ্ঞানী এহৰনবাৰ্গ(Ehrenberg,1828)-এ এই জীৱবোৰক "বেক্টেৰিয়া" নাম দিয়ে। পৰৱৰ্তী সময়ত ফৰাচী বিজ্ঞানী লুই পাস্তৰ (Louis Pasteur,1822-1895) আৰু জাৰ্মান বিজ্ঞানী ৰবাৰ্ট কক (Robert Koch,1863-1910) এ নানা পৰীক্ষা-নিৰীক্ষাৰ সহায়ত প্ৰমাণ কৰে যে,উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন ৰোগৰ কাৰণ হ'ল বেক্টেৰিয়া। ফৰাচী সেনাবাহিনীৰ শল্য চিকিৎসক ছেডিলট (Sedillot,1878 ) এ বেক্টেৰিয়াক অণুজীৱ বা মাইক্ৰ'বছ (microbes) আখ্যা দিয়ে। <ref name="> উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম, পৃষ্ঠা নং: ২৫০। </ref>।

ৰে বেক্টেৰিয়াৰ সন্ধান পোৱা প্ৰথম অণুজীৱবিদ।]]

thumb|right|ই ক'লাই বেক্টেৰিয়াৰ এটা কলনী''১

গ্ৰাম ষ্টেইনেৰে দেখা পোৱা ''Streptococcus mutans''
গ্ৰাম ষ্টেইনেৰে দেখা পোৱা Streptococcus mutansছবি: Y tambe · CC BY-SA 3.0

বেক্টেৰিয়াৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ

  1. বেক্টেৰিয়া হ'ল জীৱজগতৰ অন্তৰ্গত কোষীয় (cellular) জীৱবোৰৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম আৰু সৰলতম জীৱ।
  2. বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)বেৰযুক্ত এককোষী জীৱ,ইহঁতৰ দৈৰ্ঘ্য 2-10 nm আৰু বহলে 0.2-1nm হয়।
  3. বেছিভাগ বেক্টেৰিয়াই পৰপুষ্ট (heterotrophic) আৰু কিছুসংখ্যক বেক্টেৰিয়াৰ বেক্টেৰিঅ'ক্ল'ৰ'ফিল (bacteriochlorophyll) থকা বাবে স্বপুষ্ট (autotrophic)হয়।
  4. বেক্টেৰিয়াৰ কোষকেন্দ্ৰ সুসংগঠিত নহয় অৰ্থাৎ এইবিলাকৰ কোষকেন্দ্ৰত কেন্দ্ৰাৱৰণ (nuclear membrane),অতিকেন্দ্ৰ (nucleolus) আৰু নিউক্লিয় জালিকা (nuclear reticulum) নাথাকে। তাৰ সলনি এডাল পাকখাই থকা DNA সূত্ৰ থাকে,যাক বেক্টেৰিয়েল ক্ৰ'ম'জ'ম(bacterial chromosome) বোলে।
  5. বেক্টেৰিয়াৰ কোষ (জীৱবিজ্ঞান)ত গলগি বডি,মাইট'কণ্ড্ৰিয়া আৰু অন্ত:প্ৰৰসীয় জালিকা নাথাকে।
  6. বেক্টেৰিয়াৰ দেহটো মাইট'ছিছ প্ৰক্ৰিয়াৰে বিভাজিত নহয়,তাৰ পৰিৱৰ্তে ইহঁতে ৰেণু আৰু দ্বি-বিভাজন পদ্ধতিৰে বংশবিস্তাৰ কৰে।
  7. যৌন প্ৰজনন বিৰল।
  8. বেক্টেৰিয়াৰ দেহত শ্বসন প্ৰক্ৰিয়া ঘটে।
  9. বেক্টেৰিয়াই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত অংশগ্ৰহণ কৰে। যেনে - বেক্টেৰিয়া ৰাইয'বিয়াম(Rhizobium)।
  10. বেক্টেৰিয়াৰপৰা প্ৰতিজৈৱিক(antibiotic) উৎপন্ন হয়।

বাসস্থান

বেক্টেৰিয়াই মাটি,পানী,বতাহ,মহাকাশ সকলো ঠাইতে বাস কৰে। তদুপৰি বিভিন্ন খাদ্যবস্তু,ফল-মূল,বস্ত্ৰ,উদ্ভিদ আৰু প্ৰাণীদেহ,মানুহৰ মুখগহ্বৰ,অন্ত্ৰ,জনন অংগ আদিত বেক্টেৰিয়াৰ উপস্থিতি দেখা যায়। বেক্টেৰিয়াই গৰম আৰু ঠাণ্ডা - দুয়োটা পৰিবেশত বাস কৰিব পাৰে। কিছুমান বেক্টেৰিয়াই যেনেকৈ সৰ্বনিম্ন -১৯০° C-ত বাচি থাকিব পাৰে,ঠিক তেনেকৈ আন কিছুমানে ৭৬° C উষ্ণতাত নমৰাকৈ থাকে। অৰ্থাৎ বেক্টেৰিয়াৰ উষ্ণতা-তাৰতম্য সহ্য কৰা ক্ষমতা অত্যন্ত বেছি।

isbn=0-7817-8215-5 }}</ref><sup class=২" loading="lazy" data-zoom="isbn=0-7817-8215-5 }}</ref>২">
isbn=0-7817-8215-5 }}</ref>২ছবি: Mikael Häggström. When using this image in external works, it may be cited as: H · Public domain

আকৃতি

আকৃতি অনুসৰি বেক্টেৰিয়াক চাৰিটা ভাগত ভগাব পাৰি।

  1. কক্কাছ (Coccus)
  2. বেচিলাছ (Bacillus)
  3. স্পাইৰিলাম (Spirillum)

কক্কাছ (coccus)

এই এককোষী বেক্টেৰিয়াবিলাক দেখিবলৈ প্ৰায় গোলাকাৰ বা ডিম্বাকাৰ হয়। গোলাকাৰ বেক্টেৰিয়াক কক্কাছ,বহুবচনত কক্কি (cocci)বোলে। কক্কাছবোৰ এককভাৱে অৰ্থাৎ পৃথক পৃথক ভাৱে থাকিলে ইহঁতক মাইক্ৰ'কক্কাছ (micrococcus)বোলে। যেনে - মাইক্ৰ'কক্কাছ ফ্লেভাছ(Micrococcus)। দুটা কক্কাছ অৰ্থাৎ দুটা গোলাকাৰ কোষ (জীৱবিজ্ঞান) একেলগে থাকিলে তাক ডিপ্ল'কক্কাছ (diplococcus) বোলে। যেনে - ডিপ্ল'কক্কাছ নিউম'নি(Diplococcus pneumoniae)। বহুতো কক্কাছ লগ হৈ শিকলিৰ দৰে হ'লে তাক ষ্ট্ৰেপ্ট'কক্কাছ (streptococcus) বোলে। যেনে - ষ্ট্ৰেপ্ট'কক্কাছ পায়'জেনছ(Streptococcus pyogens)। বহুতো কক্কাছ থুপ খাই আঙুৰৰ থোপাটোৰ দৰে হ'লে,তাক ষ্টেফাইল'কক্কাছ (staphylococcus) বোলে। যেনে - ষ্টেফাইল'কক্কাছ অ'ৰিয়াছ(Staphylococcus aureus)। ৮,১৬ বা ততোধিক কক্কাছ লগ হৈ ঘনকৰ আকৃতি ধাৰণ কৰিলে তাক ছাৰচিনি (sarcinae) বোলে।

বেচিলাছ(Bacillus)

এইবিলাক বেক্টেৰিয়া দেখাত সৰু সৰু পোন দণ্ডৰ দৰে। দণ্ডাকাৰ বেক্টেৰিয়াক বেচিলাছ ,বহুবচনত বেচিলি (bacilli) বোলে। কক্কাছৰ দৰে বেচিলি বিভিন্ন প্ৰকাৰৰ হয় -

  • ম'ন'বেচিলি (Monobacilli): ইয়াত বেচিলিবিলাক একক বা পৃথকভাৱে থাকে।
  • ডিপ্ল'বেচিলি (Diplobacilli): ইয়াত দুটা বেচিলাছ লগ হৈ থাকে।
  • ষ্ট্ৰেপ্ট'বেচিলি (Streptobacilli): ইয়াত বেচিলিবোৰ লগ হৈ শৃখল আকাৰ ধাৰণ কৰে।

ক'মাকৃতি বা ভিব্ৰিঅ'(Comma shaped or vibrio)) এইপ্ৰকাৰ বেক্টেৰিয়া দেখিবলৈ 'ক'মা' চিহ্নটোৰ দৰে। ক'মাকৃতিৰ বেক্টেৰিয়াক ভিব্ৰিঅ'(vibrio),বহুবচনত ''ভিব্ৰিঅ'ছ (vibrios)'' বোলে। যেনে - ভিব্ৰিঅ'ক'লেৰি (Vibrio cholerae)।

  • স্পাইৰিলাম (Spirillum): এইবিলাক বেক্টেৰিয়া দেখাত একোটা স্ক্ৰু (screw) ৰ দৰে। এই প্ৰকাৰ বেক্টেৰিয়াক স্পাইৰিলাম,বহুবচনত স্পাইৰিলা (spirilla)বোলে। যেনে - মাইক্ৰ'স্পাইৰা(Microspira)।

and arrangements]]

আকাৰ

কোষীয়(cellular) জীৱৰ ভিতৰত বেক্টেৰিয়াই আটাইতকৈ ক্ষুদ্ৰতম জীৱ। সাধাৰণতে বেক্টেৰিয়াৰ আকাৰ ০.৫-১.০×২.০-৫.০μm আৰু বহলে ২-৩μm। আটাইতকৈ ক্ষুদ্ৰতম বেক্টেৰিয়াটো হ'ল ডায়ালিষ্টাৰ নিউম'ছিণ্টছ(Dialister pneumosintes),যি দীঘলে প্ৰায় ০.১৫μm হয়। আনহাতে বৃহৎ বেক্টেৰিয়াটো হ'ল বেচিলাছ বুটছচিল্লী(Bacillus butshilli),যি দীঘলে প্ৰায় ৮০μm।

Structure and contents of a typical Gram positive bacterial cell
Structure and contents of a typical Gram positive bacterial cellছবি: This vector image is completely made by Ali Zifan · CC BY-SA 4.0

প্ৰজনন

বেক্টেৰিয়াই অংগজ,অযৌন আৰু যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে।

অংগজ প্ৰজনন(Vegetative reproduction)

বেক্টেৰিয়াই দ্বি-বিভাজনআৰু মুকুলোদগম পদ্ধতিৰদ্বাৰা অংগজ প্ৰজনন কৰে।

  • দ্বি-বিভাজনন(Binary fission): সকলো প্ৰকাৰ বেক্টেৰিয়া,বিশেষকৈ কক্কাছজাতীয় বেক্টেৰিয়াই প্ৰধানকৈ দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে। এই পদ্ধতিত প্ৰথমে বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)ৰ নিউক্লিয় পদাৰ্থখিনি অৰ্থাৎ নগ্ন DNA সূত্ৰডাল বিভাজিত হৈ দুডাল সূত্ৰৰ সৃষ্টি কৰে। লগে লগে কোষটোৰ মাজত এখন প্ৰস্থবেৰৰ সৃষ্টি হৈ কোষ (জীৱবিজ্ঞান)প্ৰৰসখিনি দুটা ভাগত ভাগ হৈ পৰে আৰু এটা সময়ত সম্পূৰ্ণ কোষ (জীৱবিজ্ঞান)টো দুটা ভাগত বিভক্ত হয়। প্ৰতিটো ভাগেই একোডাল অপত্য ডি এন এ সূত্ৰ পায়। এনেদৰে এটা কোষ (জীৱবিজ্ঞান)ৰপৰা দুটা অপত্য কোষ (জীৱবিজ্ঞান)ৰ সৃষ্টি হয়। উৎপন্ন হোৱা অপত্য কোষ (জীৱবিজ্ঞান)বোৰৰপৰা পুনৰায় দ্বি-বিভাজন পদ্ধতিৰে বিভাজিত হৈ অসংখ্য বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)ৰ সৃষ্টি হয়।
  • মুকুলোদগম(Budding): কিছুমান বেক্টেৰিয়াই মুকুলোদগমৰ সহায়ত অংগজ প্ৰজনন কৰে। এই পদ্ধতিত কোষ (জীৱবিজ্ঞান)টোৰ কোষ (জীৱবিজ্ঞান)বেৰত এটা টেমুনাৰ দৰে মুকুলৰ সৃষ্টি হয়। মাতৃকোষটোৰ DNA ৰ এটা অংশ মুকুলটোত প্ৰবেশ কৰে। মুকুলটো ক্ৰমাৎ বাঢ়িবলৈ ধৰে আৰু এটা সময়ত মাতৃকোষটোৰ পৰা পৃথক হৈ এটা অপত্য বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)ৰ সৃষ্টি হয়।

অযৌন প্ৰজনন(Asexual reproduction)

প্ৰতিকূল পৰিবেশত কিছুমান বেক্টেৰিয়াই (যেনে-বেচিলাছ আৰু ক্লছট্ৰিডিয়াম) কোষ (জীৱবিজ্ঞান)ত কোষ (জীৱবিজ্ঞান)প্ৰৰসখিনি সংকুচিত হয় আৰু ইয়াৰ চাৰিওফালে এখন ডাঠ আৱৰণৰ সৃষ্টি হয়। ডাঠ আৱৰণেৰে সৈতে কোষ (জীৱবিজ্ঞান)স্থ সংকুচিত কোষ (জীৱবিজ্ঞান)প্ৰৰসখিনিক অন্ত:ৰেণু(endospore) বোলে। অনুকূল পৰিবেশত অন্ত:ৰেণু বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)বেৰ ফাটি ওলাই আহে আৰু অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে।

ইয়াৰ বাহিৰেও কিছুমান বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)ৰ কোষপ্ৰৰসখিনি খণ্ডিত হৈ কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ ফ্লেজেলাযুক্ত অন্ত:ৰেণুৰ সৃষ্টি হয়। এই অন্ত:ৰেণুবোৰক গনিডিয়া(gonidia)বোলে। গনিডিয়াবোৰ মাতৃ কোষ (জীৱবিজ্ঞান)বেৰ ধ্বংস হোৱাৰ পিছত বাহিৰলৈ ওলাই আহি অপত্য বেক্টেৰিয়াৰ সৃষ্টি কৰে। আনহাতে,সূত্ৰকাৰ বেক্টেৰিয়া টুকুৰা-টুকুৰ হৈ ৰেণু বা কনিডিয়া (conidia) গঠন কৰে। এইবিলাক অনুকূল পৰিবেশত অংকুৰিত হৈ অপত্য বেক্টেৰিয়াৰ সৃষ্টি হয়।

যৌন প্ৰজনন(Sexual reproduction)

বেক্টেৰিয়াৰ যৌন প্ৰজনন প্ৰক্ৰিয়া সংকোষকেন্দ্ৰীয়(eukaryotic) জীৱতকৈ বেলেগ। এইবিলাকৰ যৌন প্ৰজননৰ সময়ত সংকোষকেন্দ্ৰীয় জীৱৰ দৰে কোনো ধৰণৰ জননকোষ(gamete) বা যোজনকোষ(zygote) ৰ সৃষ্টি নহয়,তাৰ সলনি বংশগতি নিৰ্ণায়ক পদাৰ্থৰ কোনো অংশ এটা কোষ (জীৱবিজ্ঞান) দাতা(donor) ৰপৰা আন এটা কোষ (জীৱবিজ্ঞান) গ্ৰহীতা(recipient) লৈ স্থানান্তৰ হয়। ফলত গ্ৰহীতা বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)ৰ গুণগত পাৰ্থক্য দেখা যায়। এই প্ৰক্ৰিয়াটোক জিনগত পুনৰ সংযোজন(genetic recombination) বোলে। পিছত গ্ৰহীতা বা পুনৰ সংযোজিত বেক্টেৰিয়া কোষ (জীৱবিজ্ঞান)টোৱে দ্বি-বিভাজন পদ্ধতিৰে প্ৰজনন কৰে।

তথ্যসূত্ৰ

  1. ↑ Stewart EJ, Madden R, Paul G, Taddei F. (2005). Aging and death in an organism that reproduces by morphologically symmetric division. PLoS Biol.. পৃ. e45
  2. ↑ LEF.org > Bacterial Infections Updated: 01/19/2006. Retrieved on April 11, 2009

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেক্টেৰিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১১২৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।