
, 17.9 mm, for scale]]
উভচৰ প্ৰাণী (Amphibia) বোৰ বামত বাস কৰা প্ৰথম মেৰুদণ্ডী প্ৰাণী। প্ৰায় ২৭৫-২২৫ নিযুত বছৰ আগতে কাৰ্বনিফেৰাছ যুগত এই প্ৰাণীবোৰৰ উদ্ভৱ হৈছিল। লিনিয়াছে পোনপ্ৰথমে এই প্ৰাণীবোৰক এম্ফিবিয়া বুলি নামকৰণ কৰিছিল।১
উভচৰ প্ৰাণী
পানী ভেকুলী(Rana),চুক ভেকুলী(Bufo),হাইলা(Hyla),এলাইটিছ(Alytes),এম্ফিউমা(Amphiuma),ট্ৰাইটন(Triton),এম্বিষ্ট'মা(Ambystoma) ইত্যাদি।
বৈশিষ্ট্যসমূহ
- এই প্ৰাণীবোৰে জীৱনৰ এছোৱা কাল পানীত আৰু আনছোৱা বামত বাস কৰে।
- দেহৰ ছালখন সেমেকা(moist),গ্ৰন্থিযুক্ত আৰু বাকলিহীন।
- দেহত যুগ্মফান নাথাকে। চলনক্ৰিয়াৰ বাবে বা সাঁতোৰাৰ বাবে দুযোৰ ভৰি থাকে (ছিছিলিয়ানৰ ক্ষেত্ৰত ভৰি নাথাকে,চাইৰেনিডিৰ ক্ষেত্ৰত পুচ্ছপদ নাথাকে)।
- প্ৰত্যেক ভৰিত ৫টাকৈ নখ থাকে। পশ্চপদ পতাযুক্ত।
- এযোৰ চকু থাকে। চকু,চকুপতাৰ দ্বাৰা ৰক্ষিত।
- বহি:কফণপটহ(ear drum) থাকে আৰু ই মাৰিসদৃশ কলুমেলা(columella) ৰ দ্বাৰা অন্ত:কৰ্ণৰ লগত সংযুক্ত।
- মুখত সৰু সৰু দাঁত থাকে। কোনো কোনো ক্ষেত্ৰত জিভা বহি:সাৰী।
- কংকাল অস্থিযুক্ত। লাওখোলাত দুটা অক্সিপিটেল প্ৰবৰ্ধ থাকে।
- হৃদযন্ত্ৰ তিনিটা কোঠালিযুক্ত। তিনিযোৰ ধমনীয় ধনু থাকে। লোহিত ৰক্তকণিকাবোৰ কোষ (জীৱবিজ্ঞান)কেন্দ্ৰযুক্ত।
- শ্বাসক্ৰিয়া ফুল,হাঁওফাঁও আৰু ছালৰ দ্বাৰা সম্পাদিত হয়। স্বৰযন্ত্ৰ(vocal cord) থাকে।
- কৰোটি স্নায়ু(cranial nerve) ৰ সংখ্যা দহযোৰ।
- ডিম্বজ(oviparous) প্ৰাণী। কণীত পীতৰ পৰিমাণ মধ্যমীয়া বা অধিক। বৰ্ধন পৰোক্ষ।১।
তথ্যসূত্ৰ
- ↑ উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুণা কান্ত দাস আৰু ড॰ অনুপ কুমাৰ চক্ৰবৰ্ত্তী। প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উভচৰ প্ৰাণী” প্ৰবন্ধৰ সংশোধন ২৩৪২৬৬ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।