টাই-আহোম শাসক
৩৮ প্ৰবন্ধ
-
চুখ্ৰংফা
চুখ্ৰংফা (ৰুদ্ৰসিংহ) ১৬৯৬-১৭১৪ খ্ৰীষ্টাব্দলৈ শাসন কৰা আহোম ৰাজ্যৰ ৩০তম স্বৰ্গদেউ। তেওঁৰ দিনত ৰাজ্য বিস্তাৰ, প্ৰশাসনিক বিন্যাস, শিক্ষা-পৃষ্ঠপোষকতা আৰু শিল্প-সংস্কৃতিৰ পৃষ্ঠপোষকতাই আহোম ৰাজশক্তিক বিশেষ উজ্জ্বলতা দিছিল।
-
চ্যু-কা-ফা
চ্যু-কা-ফা আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু মধ্যযুগীয় টাই-আঞ্চলিক ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ নেতা। ১২২৮ খ্ৰীষ্টাব্দত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত নতুন ৰাষ্ট্ৰ গঢ় দি ১২৫৩ চনত চে-ৰাই-দ’য় (চৰাইদেউ)ত প্ৰথম স্থায়ী ৰাজধানী পাতি আহোম শাসনৰ দীঘলীয়া ধাৰাটোক সূচনা কৰে।
-
চ্যু-পাত-ফা
চ্যু-পাত-ফা (গদাধৰ সিংহ) আহোম ৰাজ্যৰ ২৯তম চাওফা, যাৰ শাসনকাল ১৬৮১–১৬৯৬। তেওঁৰ শাসনৰে ৰাজ্যৰ অস্থিৰতা বহু পৰিমাণে দূৰ হয় আৰু টুংখুঙীয়া ফৈদৰ প্ৰতিষ্ঠাৰ জৰিয়তে আহোম শাসনৰ দীৰ্ঘমেয়াদি ৰাজবংশীয় ধাৰা গঢ় লৈ উঠে।
-
চুতণফা
চুতণফা (স্বৰ্গদেউ শিৱ সিংহ) আছিল আহোম ৰাজ্যৰ এগৰাকী দীৰ্ঘকালীন শাসক, যাৰ ৰাজত্বকাল ১৭১৪-১৭৪৪ খ্ৰীষ্টাব্দলৈ বিস্তৃত। তেওঁৰ শাসনকালত ৰাজনীতি তুলনামূলকভাৱে শান্তিপূৰ্ণ আছিল যদিও ধৰ্মীয় ক্ষেত্ৰত শাক্ত পৰম্পৰাৰ প্ৰভাৱ বৃদ্ধি পাইছিল আৰু সীমান্ত সুৰক্ষাৰ উদ্দেশ্যে ডফলাৰ বিৰুদ্ধে সামৰিক অভিযানো চলোৱা…
-
চুৰেম্ফা
চুৰেম্ফা (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ) আহোম সাম্ৰাজ্যৰ তুংখুঙীয়া ফৈদৰ এজন ৰজা, যাৰ শাসনকাল ১৭৫১–১৭৬৯। তেওঁৰ দিনত ৰংপুৰক ৰাজধানী ৰূপে গ্ৰহণ, কিছুমান স্থাপত্য নিৰ্মাণ, সীমান্ত-অভিযান আৰু বুৰঞ্জী সংগ্ৰহ-ধ্বংসৰ দৰে বিতৰ্কিত ঘটনা বিশেষভাবে উল্লেখযোগ্য।
-
চুচেংফা
চুচেংফা (প্ৰতাপ সিংহ) আহোম ৰাজ্যৰ সপ্তদশ ৰজা, যাৰ ৰাজত্বকালত পশ্চিম সীমান্ত বেছি সক্ৰিয় হয় আৰু আহোম-মোগল সংঘাতৰ সূচনা দেখা যায়। তেওঁৰ দিনতে প্ৰশাসনিক পুনৰ্গঠন, পাইক প্ৰথাৰ সংস্কাৰ, নতুন পদ-মৰ্যাদা সৃষ্টি আৰু কিছুমান ধৰ্ম-সাংস্কৃতিক অনুশীলনৰ প্ৰচলনে ৰাজ্যৰ গঠন দীঘলীয়া সময়লৈ প্ৰভাৱিত কৰে।
-
চুতাম্লা
চুতাম্লা (হিন্দু নাম জয়ধ্বজ সিংহ) আছিল আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ, যাঁৰ ৰাজত্বকাল ১৬৪৮ৰ পৰা ১৬৬৩ খ্ৰীষ্টাব্দলৈ বিস্তৃত। তেখেতৰ শাসনত সীমান্ত-সুৰক্ষা আৰু বৈদেশিক চাপ একেলগে তীব্ৰ হৈছিল, আৰু ১৬৬২–১৬৬৩ত মোগল শক্তিৰ আগ্ৰাসন আৰু তাৰ পাছৰ সন্ধিয়ে আহোম ৰাজনীতিৰ দিশ সলনি কৰে।
-
চ্যু-পং-মু'ঙ
চ্যু-পং-মু'ঙ (চক্ৰধ্বজ সিংহ) আহোম ৰাজবংশৰ ৰজা, যাৰ ৰাজত্বকাল ১৬৬৩–১৬৭০। তেওঁৰ দিনতেই মোগল-আহোম সংঘাত তীব্ৰ ৰূপ লয় আৰু পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰ পটভূমি সুদৃঢ় হয়।
-
চুহুন্মুং
চুহুংমুং বা চাওফা চ্যু-হুন-মুং বা স্বৰ্গনাৰায়ণ আহোম ৰাজ্যৰ চতুৰ্দশ স্বৰ্গদেউ। চুপিম্ফা (১৪৯৩-১৪৯৭ খ্ৰীঃ)ৰ মৃত্যুৰ পাছতে ১৪৯৭ খ্ৰীঃত তেওঁৰ পুতেক চুহুন্মুং আহোম ৰাজপাটত উঠে। দিহিঙ্গীয়া ফৈদৰ কোঁৱৰসকলৰ ভিতৰত এওঁকে সৰ্বশ্ৰেষ্ঠ বুলি কোৱা হয়। তেওঁক দিহিঙ্গীয়া ৰজা বা ওপৰজনা দিহিঙ্গীয়া ৰজাও বোলে।
-
পুৰন্দৰ সিংহ
পুৰন্দৰ সিংহ (১৮১৮–১৯, ১৮৩৩–১৮৩৮) অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়।
-
চুণেণফা
চাওফা চ্যু-ণেণ-ফা, চুণেণফা, বা প্ৰমত্তসিংহ (ৰাজত্বকাল ১৭৪৪–১৭৫১) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দ্বিতীয় পুত্ৰ। তেওঁৰ ভাতৃ শিৱ সিংহৰ মৃত্যুৰ পিছত প্ৰমত্ত সিংহ নাম লৈ আহোম ৰাজপাটত উঠে। স্বৰ্গদেউ প্ৰমত্তসিংহ এগৰাকী দয়ালু ৰজা আছিল। তেওঁ ৰাজত্ব কৰা সময়ত অসমৰ দিনবোৰ বৰ সুখেৰে অতিবাহিত হৈছিল।
-
চুহিত্পংফা
চুহিত্পংফা, চ্যু-হ্যিত-পং-ফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।
-
চুক্লিংফা
চুক্লিংফা বা চ্যু-ক্লিং-ফা (১৭৯৫–১৮১১), বা কমলেশ্বৰ সিংহ আহোম ৰাজ্যৰ এজন স্বৰ্গদেউ। তেওঁৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল। কামৰূপৰ দন্দুৱাদ্ৰোহো এইগৰাকী ৰজাৰ দিনতেই দমন কৰা হয়।
-
চুদিংফা
চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল।
-
চুণ্যেউফা
চুণ্যেউফা, চ্যু-ণ্যেউ-ফা (১৭৬৯–১৭৮০) বা লক্ষ্মী সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন ৰজা আৰু পূৰ্বৰ স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ পুত্ৰ। তেওঁৰ পূৰ্বসূৰী স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ৰাজপাটত বহে আৰু বৰকুঁৱৰী কুৰংগনয়নীক বিবাহ কৰায়।
-
চুক্লেণমুং
চুক্লেণমুং বা ছাও-ফা চু'-কুং-মু'ঙ (𑜋𑜈𑜫; 𑜇า. 𑜏𑜢𑜤𑜈 𑜀𑜢𑜤𑜂𑜫, 𑜉𑜢𑜤𑜂𑜫:Tsāophâ Sérkérngmérng,) আহোম ৰাজ্য শাসন কৰা এজন স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে।
-
চুডাংফা
চুডাংফা বা ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, Chaupha Siu-Dang-Pha) বা বামুণী কোঁৱৰ আহোম ৰাজ্যৰ অষ্টমজন স্বৰ্গদেউ আছিল। তেওঁ অসমত ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল। তেওঁৰ পিতৃ আছিল ত্যাও খামটি। তেওঁৰ পত্নীৰ নাম আছিল ছাও নাঙছেঙ। তেওঁ শিৱসাগৰৰ দিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল।
-
চ্যু-লিক-ফা
চাওফা চ্যু-লিক-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡,Sulikphaa) বা ৰত্নধ্বজ সিংহ ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজপ্ৰতিনিধি লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্ফাক ৰজা পাতোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল'ৰা ৰজা নাম পাইছিল।
-
চুখাম্ফা
চাওফা চুখাম্ফা বা চ্যু-খাম-ফা (Sukhaamphaa) ১৫৫২ খ্ৰীষ্টাব্দত (বাপেকক গড়গঞাঁ ৰজাৰ পিছতে) আহোম ৰাজপাটত উঠিছিল। এবাৰ চিকাৰলৈ যাওঁতে হাতীৰ পৰা এওঁৰ ভৰি এখন খোৰা হৈছিল। সেইবাবে এওঁক খোৰা ৰজাও বোলে। সাতজন আহোম কোঁৱৰ লগ লাগি চুখাম্ফাক মাৰিবলৈ ষড়যন্ত্ৰ কৰিছিল।
-
চুৰাম্ফা
চাওফা চুৰাম্ফা বা চ্যু-ৰম-ফা 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜨 𑜇𑜡,Suramphaa) আহোম ৰাজপাটত উঠে ১৬৪১ খ্ৰীষ্টাব্দত। এওঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ বৰপুতেক আছিল। এওঁ সময় নৌহওঁতেই ৰজা ভগা হৈছিল। সেইবাবে তেওঁ ভগাৰজা নামেৰেও জনাজাত আছিল। এইজনা ৰজা নৈতিকতাবিহীন আছিল। এওঁ চুতীয়া মানু্হ এজনক বধ কৰাই তেওঁৰ তিৰোতাজনী লৈ আহিছিল।
-
চ্যু-ন্যৎ-ফা
চুন্যৎফা বা উদয়াদিত্য সিংহ (খ্ৰী: ১৬৭০-১৬৭২)আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। আহোম-মোগলৰ সংঘৰ্ষৰ কালছোৱাতে মৃত্যুবৰণ কৰা জ্যেষ্ঠ ভ্ৰাতৃ চুপংমুং ওৰফে চক্ৰধ্বজ সিংহৰ পিছতেই তেওঁ ৰাজপাটত বহে।
-
চুতুফা
চুতুফা বা চাওলুং চ্যু-তু-ফা (𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜄𑜧𑜨 𑜏𑜢𑜤𑜰𑜫 𑜄𑜢𑜤𑜰𑜫 𑜇𑜡. (Tsāo-lung Tāo Sér-Tér-Phà),) আহোম ৰাজ্যৰ ষষ্ঠজন স্বৰ্গদেউ আছিল। টাই আহোম ভাষাত লিখা বুৰঞ্জী অনুসৰি ৰজা নোহোৱা এটা পৰ্বৰ পাছত তেখেতে ১৩৬৯ চনৰপৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল।
-
চ্যু-দৈ-ফা
চুদৈফা বা তেজ সিংহ (Sudoiphaa) আহোম ৰাজবংশৰ এজন স্বৰ্গদেউ আছিল আৰু তেওঁ ১৬৭৭-১৬৭৯ চনলৈকে ৰাজ্য শাসন কৰিছিল। চুজিন্ফাক ক্ষমতাচ্যুত কৰাৰ পিছত আতন বুঢ়াগোহাঁয়ে চুদৈফাক ৰাজ-সিংহাসনত বহুৱায়।
-
চুখাংফা
চুখাংফা বা চাওলুং চ্যু-খাং-ফা (𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡)আহোম ৰাজ্যৰ চতুৰ্থজন স্বৰ্গদেউ আছিল। তেখেত চাওলুং চুবিণ্ফাৰ বৰ পুতেক আছিল। তেখেত ১২৯৩ চনত ৰাজপাটত বহে।
-
ত্যাও খাম্টি
চাওফা ত্যাও খাম্টি (𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣) ১৩৮০ চনৰ পৰা ১৩৮৭ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। তেখেতৰ সিংহাৰোহণে চুতুফাৰ মৃত্যুৰ পাছত চাৰি বছৰ (১৩৭৬-১৩৮০ চন) চাও ফ্ৰংদাম আৰু চাও তাপ্ৰিখিনৰ আন্তঃকালিন শাসনৰ অন্ত পেলাই। কিন্তু ৰাণীৰ প্ৰতি থকা অত্যধিক মোহ আৰু সাধাৰণ জনতাৰ ওপৰত নিষ্ঠুৰতাই তেখেতৰ মৃত্যু মাতি আনে।
-
যোগেশ্বৰ সিংহ
যোগেশ্বৰ সিংহক ১৮২১ খ্ৰীষ্টাব্দত মানসকলে আহোম ৰাজ্যৰ ৰজা হিচাপে ৰাজসিংহাসনত বহাইছিল। তেওঁ মূলতঃ মানসকলৰ হাতৰ পুতলা আছিল, কাৰণ প্ৰকৃত শাসনক্ষমতা মানসকলৰ হাততেই আছিল।
-
চুচেনফা
চুচেনফা বা চাওফা চ্যু-চেন-ফা (𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡) ১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। আহোম বুৰঞ্জীসমূহে তেওঁক ভাল শাসক আখ্যা দিছিল আৰু প্ৰজাসকলে সুখত জীৱন কটাইছিল। তেওঁৰ সুদীৰ্ঘ ৪৯ বছৰ ৰাজত্ব কৰিছিল।
-
চুতেওফা
ছাওলুং চু'-তেও-ফা (𑜋𑜈𑜫; 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜈𑜫 𑜄𑜧𑜫: 𑜇า.Tsāolung Sérteuphâ) আহোম ৰাজ্যৰ দ্বিতীয়জন চাওফা আছিল। তেখেত ছাওলুং চুকাফাৰ বৰ পুতেক আছিল। তেখেতৰ ৰাজ্যকাল ১২৬৮ চনৰ পৰা ১২৮১ চনলৈকে। চুতেওফাৰ বঢ়াগোঁহাইৰ নাম আছিল থাওৰুৰু বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নাম আছিল চাওবিন বৰগোঁহাই।
-
চুত্যিণ্ফা
চাওফা চুত্যিণ্ফা বা চ্যু-ত্যিণ-ফা ১৬৪৪ খ্ৰীষ্টাব্দত চুৰাম্ফাৰ পিছত ৰাজপাটত উঠিছিল। স্বাস্থ্য ভালে নথকা বাবে এওঁক নৰিয়া ৰজা বুলিছিল। এওঁৰ প্ৰায়েই নৰিয়া আছিল বাবে বৰপুতেক লাপলুপ গোহাঁইয়ে নিজকে নিজে ৰজা ঘোষণা কৰি ৰজাৰ দৰে ফুৰা-চকা কৰিবলৈ আৰম্ভ কৰিছিল। লাপলুপৰ মাক বৰৰাণী আছিল।
-
গোবৰ ৰজা
গোবৰ (ৰাজত্ব ১৬৭৫-১৬৭৫) প্ৰায় তিনি সপ্তাহৰ বাবে আহোম ৰাজ্যৰ ৰজা আছিল। আহোম ৰাজবংশত তুংখুঙীয়া ফৈদৰ তেওঁ প্ৰথম ৰজা আছিল। তেওঁৰ পুত্ৰই পাছলৈ গদাধৰ সিংহ নামেৰে স্বৰ্গদেউ হৈছিল। আহোম ৰাজধানী গড়গাঁৱৰ এজন শক্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাই তেওঁক সিংহাসনত অধিষ্ঠিত কৰাইছিল।