কলীয়া ভোমোৰা বৰফকুন (? - নৱেম্বৰ ১৮১০) আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত বৰফুকনৰ বাব পাইছিল। প্ৰকৃত নাম আছিল গেন্ধেলা। আহোম ৰজাৰ ৰাজখোৱা আছিল আৰু মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সাহসেৰে যুঁজ দিছিল। ১৭৯৫ চনত চুক্লিংফা আহোম ৰাজপাটত উঠাৰ সময়ত হিন্দুস্থানী চিপাহীক দিবলগীয়া ধন নিজেই দিবলৈ গাত লোৱাৰ বাবে বৰফুকন বাব পায়। বদন চন্দ্ৰ বৰফুকন এখেতৰ পূৰ্বসূৰী বৰফুকন আছিল। কলীয়া ভোমোৰাই দন্দুৱাদ্ৰোহ কঠৌৰ হাতেৰে দমন কৰিছিল আৰু বৰকান্দাজ সকলক কামৰূপৰপৰা খেদোৱাত বীৰত্ব প্ৰদৰ্শন কৰিছিল। ইয়াৰ বাবে কমলেশ্বৰ সিংহই ১৮০০ চনত 'প্ৰতাপ বল্লভ' উপাধি দিয়ে আৰু দন্দুৱাদ্ৰোহৰ নেতা হৰদত্তৰ মাটি-সম্পত্তি এখেতক দান কৰে। যুদ্ধক্ষেত্ৰত ক্ষিপ্ৰ গতিৰ বাবে তেখেতক 'কলীয়া ভোমোৰা' বোলা হৈছিল। মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ ইংৰাজৰ সহায় লোৱাৰ বাবে পূৰ্ণানন্দ বুঢ়াগোঁহাইলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
কলীয়া ভোমোৰা বৰফুকনে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ ওপৰেৰে দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছিল আৰু এই উদ্দেশ্যৰে শিলৰ খুঁটা আদিও পেলাইছিল। পাছলৈ তেজপুৰৰ ওচৰৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰৰ দ্বিতীয়খন দলং এখেতৰ নামেৰে কলীয়াভোমোৰা সেতু দিয়া হয়।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলীয়া ভোমোৰা বৰফুকন” প্ৰবন্ধৰ সংশোধন ১১৩৮৬১ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।