অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

কোচ বিহাৰ ৰাজ্য

কোচ বিহাৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল। এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত।

হালনাগাদ: ৩ অক্টোবৰ ২০২৪ ১৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
কোচ বিহাৰ ৰাজপ্ৰসাদ
কোচ বিহাৰ ৰাজপ্ৰসাদছবি: Amartyabag · CC BY-SA 3.0

কোচ বিহাৰ১ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত এখন প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য আছিল।২ এই ৰাজ্য বেংগল প্ৰেচিডেন্সীৰ ইষ্টাৰ্ণ ষ্টেটছ এজেঞ্চিৰ বেংগল ষ্টেট এজেঞ্চিৰ অংশ আছিল। এই ৰাজ্য হিমালয়ৰ ভূটানৰ দক্ষিণত বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যত অৱস্থিত।

১৫৮৬ চনত কোচ ৰজা নৰনাৰায়ণৰ মৃত্যুৰ বয়সত কোচ ৰাজবংশৰ মাজত ফাঁট মেলিছিল। ইয়াৰ ফলত কমতা ৰাজ্য কোচ বিহাৰ আৰু কোচ হাজো এই দুই ভাগত বিভক্ত হয়। পূব ফালে থকা কোচ হাজোৰ দুৰ্বল শাসনতন্ত্ৰৰ সুযোগ লৈ আহোমে নিজৰ অধীনলৈ এনে। পশ্চিম ভাগৰ কোচ বিহাৰ মোগলৰ পিছত ভূটান ৰাজ্যৰ আগ্ৰাসনৰ বলি হৈছিল। ভূটানী আৰু তিব্বতীয় সকলৰ লগত কেইবাবাৰো যুদ্ধ লগাৰ পিছত উত্তৰৰ শত্ৰু সমূহক পিছলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল। কিন্তু এগৰাকী ভূটানৰ কটকী কোচ বিহাৰৰ ৰাজ হাউলিত থাকি গৈছিল। কোচ বিহাৰৰ শাসক সকলে ব্ৰিটিছ সহায় বিচাৰিলে আৰু ব্ৰিটিছৰ পৰা সামৰিক সাহায্য লাভ কৰা পিছত কোচ বিহাৰৰ শত্ৰু নাশ হয়। পিছলৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সন্ধিৰ জৰিয়তে কোচ বিহাৰৰ ৰাজ ক্ষমতা বহু পৰিমাণে লাঘৱ কৰে। ব্ৰিটিছৰ অধীনত কোচ বিহাৰে প্ৰিন্সলি ষ্টেট বা কৰতলীয়া ৰাজ্য হিচাপে পৰিগণিত হয়। ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৪৯ চনত কোচ বিহাৰ ৰাজ্য ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ সৈতে মিলিত হয়। এই ৰাজ্যৰ নামেৰে পশ্চিম বংগৰ কোচ বিহাৰ জিলাৰ নাম ৰখা হৈছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "The eastern division was known as 'Kamrup' in the local sources and as 'Koch Hajo' in the Persian chronicles. The western division known as Koch Behar was known as 'Kuc' (Koch) or 'Koch Behar' in Persian chronicles, or simply as 'Behar' in the Gurucharitas." Nath 1989, পৃ. 86
  2. ↑ Princely States of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ দেশীয় ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোচ বিহাৰ ৰাজ্য” প্ৰবন্ধৰ সংশোধন ৪৩৫১৩৪ (৩ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।