অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৱাল্ট ডিজনী

ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৪৫ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক আছিল১ আৰু মানৱতাবাদী পুৰুষ। এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া। ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে। সংস্থাটোক এতিয়া ৱাল্ট ডিজনী কোম্পানী বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ।

এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু এনিমেছন তথা থীম পাৰ্কৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল। তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে ৱাল্ট ডিজনীৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল। জীৱনকালত তেওঁ চাৰিটা সন্মানজনক অস্কাৰ বঁটা লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে২। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি। তেওঁ সাতটা এম্মী বঁটাও লাভ কৰিছিল। তদুপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ ডিজনীলেণ্ড আৰু ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্টৰ বাহিৰেও আন্তৰ্জাতিক টকিয়' ডিজনী, ডিজনীলেণ্ড পেৰিছ আৰু ডিজনীলেণ্ড হংকংক দান কৰে।

১৫ ডিচেম্বৰ, ১৯৬৬ চনত বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়াত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি তেওঁৰ মৃত্যু হোৱাৰ পিছৰ বছৰ ফ্ল'ৰিডাত ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট স্থাপনৰ কাম আৰম্ভ হয়। তেওঁৰ ভ্ৰাতৃ ৰয় ডিজনীয়ে ১ অক্টোবৰ, ১৯৭১ চনত মেজিক কিংডম উদ্বোধন কৰে।

লগতে পঢ়ক

  • Barrier, Michael (1999). Hollywood Cartoons: American Animation in Its Golden Age. Oxford: Oxford University Press. ISBN 0-19-516729-5.
  • Broggie, Michael (1997, 1998, 2005). Walt Disney's Railroad Story. Virginia Beach, Virginia. Donning Publishers. ISBN 1-56342-009-0
  • Chytry, Josef. “Walt Disney and the Creation of Emotional Environments: Interpreting Walt Disney’s Oeuvre from the Disney Studios to Disneyland, CalArts, and the Experimental Prototype Community of Tomorrow (epcot),” Rethinking History (London), 16 (June 2012), 259–78.
  • Eliot, Marc (1994). Walt Disney: Hollywood's Dark Prince. New York: Birch Lane Press. ISBN 155972174X.
  • Gabler, Neal. Walt Disney: The Triumph of American Imagination (2006). New York, NY. Random House. ISBN 0-679-43822-X
  • Schickel, Richard, and Dee, Ivan R. (1967, 1985, 1997). The Disney Version: The Life, Times, Art and Commerce of Walt Disney. Chicago: Ivan R. Dee, Publisher. ISBN 1-56663-158-0.
  • Sherman, Robert B. and Sherman, Richard M. (1998). Walt's Time: From Before to Beyond. ISBN 0-9646059-3-7
  • Thomas, Bob. (1991). Disney's Art of Animation: From Mickey Mouse to Beauty and the Beast. Hyperion. ISBN 1-56282-899-1
  • Watts, Steven. The Magic Kingdom: Walt Disney and the American Way of Life, University of Missouri Press, 2001, ISBN 0-8262-1379-0
  • Barrier, Michael (2008). The Animated Man: A Life of Walt Disney, University of California Press.

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Dave Bryan. (2002-08-13). Walt Disney Helped Wernher von Braun Sell Americans on Space. Associated Press
  2. ↑ Walt Disney Academy awards. Academy of Motion Picture Arts and Sciences

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিএকাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱাল্ট ডিজনী” প্ৰবন্ধৰ সংশোধন ৬৩২৩২১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।