বাংলা আলোচনী
৯ প্ৰবন্ধ
-
ফেমিনা
ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়। ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়।
-
চান্দমামা
চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ.
-
দেশ (আলোচনী)
দেশ হৈছে চুটিগল্প, উপন্যাস, ধাৰাবাহিক, সমালোচনা, কবিতা, ৰচনা, আৰু গ্ৰন্থৰ সমালোচনাৰে সজ্জিত এখন বাংলা আলোচনী। ১৯৩৩ চনৰ ২৪ নৱেম্বৰত প্ৰথমে সাপ্তাহিক আৰু পিছলৈ দ্বি-সাপ্তাহিক হিচাপে মুকলি কৰা এইখন ভাৰতৰ অন্যতম পুৰণি আলোচনী।
-
বঙ্গদৰ্শন
বঙ্গদৰ্শন হ'ল ১৮৭২ চনত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ে প্ৰতিষ্ঠা কৰা এখন বাংলা সাহিত্য আলোচনী। এইখন ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ সম্পাদনাত পুনৰ প্ৰকাশিত হৈছিল। এই আলোচনীখনে বাঙালীৰ পৰিচয় গঢ়িবলৈ আৰু বঙ্গত ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
-
সানন্দা
সানন্দা (বাংলা: সানন্দা, ওড়িয়া: ସାନନ୍ଦା) হৈছে ভাৰতৰ কলকাতাৰ পৰা এবিপি গ্ৰুপৰ দ্বাৰা প্ৰকাশিত বাংলা পষেকীয়া মহিলা আলোচনী৷ আলোচনীখন সাধাৰণতে প্ৰতি মাহৰ ১৫ আৰু ৩০ তাৰিখে প্ৰকাশ পায়। ১৯৮৬ চনৰ পৰা বাংলা ভাষাত প্ৰকাশিত হোৱা এই আলোচনীখনৰ ওড়িয়া সংস্কৰণ আৰম্ভ হয় ২০০৫ চনৰ পৰা।
-
ৰূপবান (আলোচনী)
ৰূপবান (Roopbaan) ২০১৪ চনত প্ৰতিষ্ঠা হোৱা বাংলাদেশৰ এখন বঙালী ভাষাৰ এলজিবিটি-কেন্দ্ৰিক আলোচনী আছিল। ই বাংলাদেশৰ এলজিবিটি সম্পৰ্কীয় প্ৰথম আলোচনী আছিল। ইয়াৰ লগতে ৰূপৱবান আলোচনীয়ে বিভিন্ন প্ৰকল্প আৰু অনুষ্ঠানৰো আয়োজন কৰে।
-
লাঙল
লাঙল (Langal) হ'ল কুৰি শতিকাৰ আৰম্ভণিতে কলকাতাৰপৰা প্ৰকাশিত বাঁওপন্থী সাহিত্য আলোচনী। ইয়াৰ সম্পাদনা কৰিছিল কাজী নজৰুল ইছলামে।
-
সবুজ পত্ৰ
সবুজ পত্ৰ (Sabujpatra) হ'ল কুৰি শতিকাৰ আৰম্ভণিতে প্ৰকাশ হোৱা বাংলা ভাষাৰ অন্যতম প্ৰধান সাময়িকী। সাহিত্যিক প্ৰমথ চৌধুৰীৰ সম্পাদনাত এইখন প্ৰকাশ পাইছিল। সবুজ পত্ৰ প্ৰথম প্ৰকাশ হৈছিল বাংলা ১৩২১ চনত (ইংৰাজী: ১৯১৪ খ্ৰীষ্টাব্দ)। সবুজ পত্ৰত কোনো বিজ্ঞাপন আৰু ছবি কেতিয়াও প্ৰকাশ কৰা হোৱা নাছিল।
-
কল্লোল
কল্লোল হ'ল বঙালী সাহিত্যৰ ইতিহাসৰ অন্যতম প্ৰভাৱশালী সাহিত্যিক আন্দোলনক, যাৰ সময়সীমা প্ৰায় ১৯২৩ পৰা ১৯৩৫ চনৰ ভিতৰত ধৰা হয়। ‘‘কল্লোল গোষ্ঠী’’ৰ নামটো ‘‘কল্লোল’’ নামৰ সাহিত্যিক পত্ৰিকাৰপৰা আহিছে (যাৰ অৰ্থ বঙালী ভাষাত ‘ঢৌৰ শব্দ’।