অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কে চি শিৱশংকৰণ

কে চি শিৱশংকৰণৰ (Karatholuvu Chandrasekaran Sivasankaran) সম্পূৰ্ণ নাম কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ। পেচাত তেখেত এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। শিশুৰ মাজত জনপ্ৰিয়, ১২টা ভাষাত প্ৰকাশিত চান্দমামা (মূল: আম্বুলিমামা) কমিকচ্‌ৰ তেখেত ইলাষ্ট্ৰেটৰ আছিল।

হালনাগাদ: ২ অক্টোবৰ ২০২০ ১৭৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কে চি শিৱশংকৰণৰ (Karatholuvu Chandrasekaran Sivasankaran) সম্পূৰ্ণ নাম কাৰাথলভু চন্দ্ৰশেখৰণ শিৱশংকৰণ। পেচাত তেখেত এগৰাকী ভাৰতীয় চিত্ৰশিল্পী। শিশুৰ মাজত জনপ্ৰিয়, ১২টা ভাষাত প্ৰকাশিত১ চান্দমামা (মূল: আম্বুলিমামা) কমিকচ্‌ৰ তেখেত ইলাষ্ট্ৰেটৰ আছিল। বিক্ৰম আৰু বেতাল চিৰিজৰ ছবিবোৰ আঁকি তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছিল। চান্দমামা ডিজাইন টীমৰ তেখেত শেষৰজন জীৱিত সদস্য। ২০২০ চনৰ ২৯ ছেপ্টেম্বৰ তাৰিখে বাৰ্দ্ধক্যজনিত কাৰণত চেন্নাইত তেখেতৰ মৃত্যু হয়। তেখেতৰ জনপ্ৰিয় নাম আছিল শংকৰ।

জন্ম আৰু শিক্ষা

ইৰ'ডৰ কাষৰীয়া এখন গাঁৱত জন্মলাভ কৰি শংকৰে নিজৰ সৰু ভায়েকৰ সৈতে নগৰৰ কৰ্পৰেচন স্কুলত পঢ়িবলৈ গৈছিল।২ ১৯৪২ চনত দ্বাদশ পৰীক্ষা উৰ্ত্তীণ হোৱাৰ পাছত ছবিৰ শিক্ষকে তেখেতক চৰকাৰী আৰ্ট কলেজত ভৰ্তি হ'বলৈ পৰামৰ্শ দিয়ে।৩পাঠ্যক্ৰমৰ কিতাপৰপৰা চাই চাই জীৱনৰ প্ৰথম ছবিখন অঁকা শংকৰে ১৯৪৬ চনত আৰ্ট কলেজৰ ডিগ্ৰী লাভ কৰে আৰু ছবিকে জীৱিকা ৰূপে লৈ কলাই মংগল আলোচনীত কৰ্মজীৱনৰ পাতনি মেলে।

কৰ্মজীৱন

শংকৰে এগৰাকী কাৰ্টুনিষ্ট ৰূপে কলাই মংগল আলোচনীত কাম আৰম্ভ কৰে আৰু এইখন আলোচনীত তেখেতে পাঁচ বছৰ কাম কৰে। ১৯৫১ চনত তেখেতে চান্দমামাত যোগ দিয়ে আৰু ইয়াতে তেখেতে ৬০ বছৰ কাম কৰে।৩ ১৯৬০ চনত তেখেতে বিক্ৰম আৰু বেতাল চিৰিজৰ ছবিসমূহ অংকন কৰিবলৈ লয়। চান্দমামাত পাছত শংকৰে ৰামকৃষ্ণ বিজয়ম আলোচনীত যোগদান কৰে আৰু প্ৰায় ৯২ বছৰ বয়সলৈকে দেৱ-দেৱতাৰ ছবি আঁকি কটায়।৪

মৃত্যু

শংকৰে তেখেতৰ পত্নী গিৰিজাৰ সৈতে চেন্নাইত স্থায়ীভাৱে বসবাস কৰিছিল। ইয়াতে ৯৭ বছৰ বয়সত তেখেতৰ মৃত্যু হয়। শংকৰ আৰু গিৰিজা পাঁচোটা সন্তানৰ পিতৃ-মাতৃ।

তথ্যসূত্ৰ

  1. ↑ (29th September 2020 10:22 PM). Ambulimama artist KC Sivasankar, illustrator of famous Vikram and Vetala series, dies at 97
  2. ↑ (29th September 2020 10:22 PM). Ambulimama artist KC Sivasankar, illustrator of famous Vikram and Vetala series, dies at 97
  3. ↑ (29th September 2020 10:28 PM). KC Sivasankar: The artist whose drawings brought Chandamama characters to life. The New Indian Express
  4. ↑ (29th September 2020 10:22 PM). Ambulimama artist KC Sivasankar, illustrator of famous Vikram and Vetala series, dies at 97

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে চি শিৱশংকৰণ” প্ৰবন্ধৰ সংশোধন ২৪৭২১৪ (২ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।