হিন্দী আলোচনী
১০ প্ৰবন্ধ
-
ইণ্ডিয়া টুডে
ইণ্ডিয়া টুডে (India Today) হৈছে লিভিং মিডিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰকাশিত এখন সাপ্তাহিক ভাৰতীয় ইংৰাজী ভাষাৰ বাতৰি আলোচনী। ই ভাৰতৰ অন্যতম সৰ্বাধিক পঠিত আলোচনী, যাৰ প্ৰচলন প্ৰায় ১৬ লাখ আৰু পাঠকৰ সংখ্যা প্ৰায় ৮০ লাখ। ২০১৪ চনত, ইণ্ডিয়া টুডে গোটে অনলাইন মতামতমুখী ৱেবছাইট ‘ডেইলিয়’ আৰম্ভ কৰে।
-
ফেমিনা
ফেমিনা এক মহিলাৰ ওপৰত ভিত্তি কৰি প্ৰকাশ পোৱা, ভাৰতীয় আলোচনী। এই আলোচনী টাইমস গ্ৰুপৰ মালিকানাধীনত প্ৰকাশ হয়। ভাৰতৰ আটাইতকৈ পুৰণি মহিলা ইংৰাজী আলোচনী ফেমিনা প্ৰায় ছয় দশক ধৰি প্ৰকাশ হৈ আহিছে। এই আলোচনীত মহিলাৰ লগত জড়িত বিভিন্ন বিষয়ৰ প্ৰবন্ধ আৰু আলোচনা প্ৰকাশ হয়।
-
আউটলুক (আলোচনী)
আউটলুক হৈছে এখন সাপ্তাহিক সাধাৰণ ৰুচিৰ ভাৰতীয় বাতৰি আলোচনী, যি ইংৰাজী আৰু হিন্দী ভাষাত প্ৰকাশিত হয়।
-
চান্দমামা
চান্দমামা (Chandamama) হৈছে এখন ভাৰতীয় মাহেকীয়া শিশু আলোচনী যি ইয়াত সন্নিৱিষ্ট চিত্ৰসমূহৰ কাৰণে জনাজাত। আলোচনীখনে দীৰ্ঘদিন ধৰি প্ৰচলিত কিংবদন্তি তথা যাদুকৰী কাহিনীও প্ৰকাশ কৰিছে। তেলুগু চলচ্চিত্ৰ নিৰ্মাতা বি নাগী ৰেড্ডী আৰু লেখক এ.
-
হৰিজন (আলোচনী)
হৰিজন (অৰ্থ: ঈশ্বৰৰ সন্তান; দলিত বা অস্পৃশ্যসকলক বুজাবলৈ গান্ধীয়ে উদ্ভাৱন কৰা এটা শব্দ) আলোচনীখন ১৯৩৩ চনৰ পৰা ১৯৫৫ চনলৈকে প্ৰকাশ পাইছিল; মাজত মাত্ৰ ১৯৪০-ৰ দশকৰ ভাৰত ত্যাগ আন্দোলন চলি থকা সময়চোৱাত ইয়াৰ প্ৰকাশনা বন্ধ আছিল।
-
তেহেলকা
তেহেলকা হৈছে অনুসন্ধানমূলক সাংবাদিকতা আৰু ষ্টিং অপাৰেচনৰ বাবে জনাজাত এখন ভাৰতীয় বাতৰি-আলোচনী। ব্ৰিটিছ কাকত দ্য ইণ্ডিপেণ্ডেণ্টৰ মতে, তেহেলকা প্ৰতিষ্ঠা কৰিছিল তৰুণ তেজপাল, অনিৰুদ্ধ বাহাল আৰু তেওঁলোকৰ অন্য এজন সহকৰ্মীয়ে, যিয়ে আউতলুক আলোচনীত একেলগে কাম কৰিছিল, কাৰণ “যথেষ্ট ধনবান এগৰাকী…
-
বনিতা
বনিতা হ'ল মলয়ালা মনোৰমা গোটৰ দ্বাৰা প্ৰকাশিত মহিলা পষেকীয়া আলোচনী। এই আলোচনীখন মালয়ালম আৰু হিন্দী ভাষাত ভাষাত প্ৰকাশিত হয় আৰু ইয়ে ভাৰতৰ সৰ্বাধিক পঠিত আলোচনীৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। মালয়ালম তথা সংস্কৃত ভাষাত বনিতা শব্দৰ অৰ্থ হৈছে নাৰী।
-
সৰস্বতী (আলোচনী)
সৰস্বতী ভাৰতৰ প্ৰথমখন হিন্দী মাহেকীয়া আলোচনী। ১৯০০ চনত এলাহাবাদত ইণ্ডিয়ান প্ৰেছৰ মালিক চিন্তামণি ঘোষে প্ৰতিষ্ঠা কৰা সাহিত্যিক মহাবীৰ প্ৰসাদ দ্বিবেদীৰ সম্পাদকতাত ইয়াৰ সফলতাই (১৯০৩–১৯২০) আধুনিক হিন্দী গদ্য আৰু বিশেষকৈ খাৰিবলী উপভাষাত কবিতাৰ সমৃদ্ধিশালী ৰূপ ধাৰণ কৰে।
-
চকমক
চকমক (হিন্দী: चकमक) হৈছে হিন্দী ভাষাত প্ৰকাশিত এখন শিশুৰ উপযোগী বিজ্ঞান আলোচনী, য'ত সমালোচনাত্মক আৰু সৃষ্টিশীল চিন্তাধাৰাক সমৰ্থন কৰা হয়। এই আলোচনীখন একলব্য ফাউণ্ডেচনৰদ্বাৰা প্ৰকাশিত হয়।
-
নীতা লুল্লা
নীতা লুল্লা (Neeta Lulla) এগৰাকী ভাৰতীয় কষ্টিউম ডিজাইনাৰ আৰু ফেশ্বন ষ্টাইলিষ্ট যি ৩০০ৰো অধিক ছবিত কাম কৰিছে। তেওঁ ১৯৮৫ চনৰ পৰা বিবাহৰ সাজ-পোছাক ডিজাইন কৰি আহিছে৷ লুল্লাই জগডেকা বীৰুদু আথিলোকা সুন্দৰী, খুদা গৱাহ, দেৱদাস আদি ছবিৰ সাজ-পোছাক ডিজাইন কৰাৰ বাবে বিখ্যাত।