পোহনীয়া গাহৰি, হৈছে এবিধ ডাঙৰ, খুৰা যুক্ত প্ৰাণী; ইহঁতক এটা নিৰ্দিষ্ট প্ৰজাতি অথবা বনগাহৰিৰ উপ-প্ৰজাতি বুল্ গণ্য কৰা হয়। ইহঁতৰ মূৰ আৰু দেহৰ দৈৰ্ঘ্য প্ৰায় ০.৯ৰ পৰা ১.৮ মিটাৰ (৩৫ৰ পৰা ৭১ ইঞ্চি) পৰ্যন্ত হয়, আৰু পূৰ্ণ বয়স্কৰ ওজন ৫০ৰ পৰা ৩৫০ কিলগ্ৰাম (১১০ৰ পৰা ৭৭০ পাউণ্ড) পৰ্যন্ত হয়। খুৰা যুক্ত প্ৰাণীবোৰ সাধাৰণতে তৃণভোজী হয় যদিয়ো ইহঁত ইহঁতৰ বন্য প্ৰজাতিৰ দৰেই সৰ্বভোজী।
পোহনীয়া গাহৰিবোৰ, সাধাৰণতে মাংসৰ বাবে পালন কৰা হয়। ইহঁতৰ হাড়, চাল আৰু নোমবোৰো ব্যৱসায়িক উৎপাদ হিচাপে ব্যৱহৃত হয়।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাহৰি” প্ৰবন্ধৰ সংশোধন ৩৯৫৮৭৬ (৯ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।