অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সাপ

সাপ বা সৰ্প (Snake) উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১,২৮০ শব্দ · ৭ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সাপ বা সৰ্প (Snake) উপাংগবিহীন এক প্ৰকাৰ সৰীসৃপ। পৰম্পৰা আৰু অবৈজ্ঞানীকগতভাৱে সাপ বুলিলে জেঠীজাত জীৱকো বুজায়, যেনে গুইসাপ, কেকোসাপ আদি, মানে সকলো ইস্কুৱামাটাকে বুজায়। বৈজ্ঞানিক শ্ৰেণীবিন্যাস অনুযায়ী, প্ৰাণী (Animalia) জগতৰ, কৰ্ডাটা (Chordata) পৰ্বৰ, মেৰুদণ্ডী প্ৰাণী (Vertebrata) উপপৰ্বৰ,সৰোপ্সিডা (Sauropsida) শ্ৰেণীৰ, স্কোয়ামাণ্টা (Squamata) বৰ্গৰ, সাৰ্পেণ্টেস(Serpentes) উপবৰ্গৰ সদস্যমূহক সাপ বুলি অভিহিত কৰা হৈছে। সাপ এবিধ শীতলৰক্তী প্ৰাণী। ইয়াৰ জীৱন প্ৰক্ৰিয়া পাৰিপাৰ্শিক বায়ুমণ্ডলীয় উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল।

পৃথিৱীত বিষধৰ আৰু বিষহীন দুয়ো প্ৰকাৰৰ সাপেই দেখিবলৈ পোৱা যায়। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশনত তাৎক্ষণিক চিকিৎসা নল'লে মানুহৰ বা আন জীৱ জন্তুৰ মৃত্যু নিশ্চিত।

জৈৱিক বিবৰ্তন

সাপৰ জীৱাষ্ম
সাপৰ জীৱাষ্মছবি: Didier Descouens · CC BY-SA 4.0

সাপৰ জীবাশ্ম (fossil) পোৱাটো খুব দুৰূহ, কাৰণ সাপৰ কঙ্কাল সৰু আৰু ক্ষণভঙ্গোৰ, যাৰ ফলত জীবাশ্মীকৰণ (fossilization) তেনেকৈ নহয়। তথাপি দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাত পোৱা ১৫ কোটি বছৰৰ পুৰণা নমুনাৰ পৰা অনুমান কৰা হৈছে যে জেঠি সদৃশ সৰীসৃপৰ (burrowing lizards ) পৰাই বিৱৰ্তন হৈ সাপৰ সৃষ্টি হৈছে।১২ তুলনামূলক শৰীৰস্থানবিদ্যাৰ ওপৰত ভিত্তি কৰিও এই ঐকমত আগবঢ়োৱা হৈছে।২৩৪

বিতৰণ

এণ্টাৰ্কটিকা ক বাদ দি পৃথিৱীৰ সকলো মহাদেশত সাপৰ উপস্থিতি দেখা যায়। সাগৰৰ পানীত থকা সাপৰপৰা আৰম্ভ কৰি পৰ্বতৰ উচ্চতাটো (১৬,০০০ ফুট /৪,৯০০ মিটাৰ) সাপৰ বিস্তৃতি দেখা যায়।৫ তথাপি কিছুমান দ্বীপ-মহাদ্বীপত সাপৰ উপস্থিতি শূন্য বুলিব পাৰি। যেনে-আয়াৰলেণ্ড, নিউজিলেণ্ড, আইজলেণ্ড আদি। নিউজিলেণ্ডত কেতিয়াবা (yellow-bellied sea snake আৰু banded sea krait) জলজ সাপৰ উপস্থিতি দেখা যায়।৬.

সাপৰ বিষ

বিষৰ বাবেই সাপ বিখ্যাত যদিও বেচিভাগ সাপেই বিষহীন। মূলতঃ আত্মৰক্ষা আৰু চিকাৰৰ উদ্দেশ্যে সাপে বিষ ব্যৱহাৰ কৰে। কিছুমান বিষধৰ সাপৰ বিষ অতি মাৰাত্মক। এনে সৰ্পদংশন মানুহৰ বা আন জীৱ জন্তুৰ বাবে মৃত্যুঘাতী হ'ব পাৰে।

সাধাৰণতে লেলাউটি নিঃসৰণ কৰা বিকশিত পেৰ'টিড গ্লেণ্ডত সাপৰ বিষ প্ৰস্তুত হয়। চকুৰ পিছফালে থকা এল্ভিঅ'লাইত ই সঞ্চিত হৈ থাকে আৰু ফোঁপোলা চুঙাকৃতিৰ বিষদাঁতলৈ ঐচ্চিকভাৱে নিঃসৰিত হয়। এশৰ পৰা এহেজাৰ পৰ্যন্ত বিভিন্ন প্ৰ'টিন আৰু এঞ্জাইমেৰে এই বিষ গঠিত হয়। সেইবোৰৰ কামো ভিন ভিন যেনে- চিকাৰৰ হৃদতন্ত্ৰৰ কামত আউল লগোৱা বা বিষ সোনকালে প্ৰবেশ কৰিবলৈ কলাৰ শোহন ক্ষমতা বৃদ্ধি কৰা আদি। বেলেগ বেলেগ পৰিয়ালৰ আৰু বেলেগ বেলেগ প্ৰজাতিৰ সাপৰ বিষৰ শক্তি ভিন্ন। জীৱবিজ্ঞানীসকলৰ মতে মিন'চিন কালৰ সময়তে সাপৰ বিষ তৈয়াৰ কৰিব পৰা ক্ষমতাৰ উদ্ভৱ হয়।৭

প্ৰকাৰ

বৰ্তমানৰ সমীক্ষাত এই পৰ্যন্ত সাপৰ সৰ্বমুঠ ১৫টা পৰিয়াল, ৪৫৬টা গণ, আৰু ২,৯০০টাতকৈ বেচি প্ৰজাতি আছে।৮৯ সাপৰ আকাৰ খুব সৰুৰপৰা- ১০ চে.মি.ৰপৰা (যেনে-Leptotyphlops carlae) আৰম্ভ কৰি সৰ্বোচ্চ ২৫ ফুট বা ৭.৬ মিটাৰ (যেনে-অজগৰ সাপ (Pythonidae),, অ্যানাকোণ্ডা) পৰ্যন্ত হব পাৰে। সম্প্ৰতি আবিষ্কৃত টাইটানব’ৱা (Titanoboa) সাপৰ জীবাশ্ম প্ৰায় ১৩ মিটাৰ বা ৪৩ ফুট দীঘল। ই উত্তৰ পূব কলম্বিয়াৰ ক্ৰান্তীয় বৰ্ষাৰণ্য অঞ্চলত বাস কৰিছিল। সেই ঠাইত প্ৰাপ্ত কশেৰোকা (vertebra)ৰপৰা ইয়াৰ দৈঘ্য ঠাৱৰ কৰা হৈছে।১০১১

অসম তথা ভাৰতত দেখা কেইবিধমান সাপৰ তালিকা:

দৈহিক বৈশিষ্ট্য আৰু আচৰণ

সাপৰ কংকাল
সাপৰ কংকালছবি: R A Lydekker · Public domain

সাপ এবিধ উপাংগবিহীন দীঘলদেহী প্ৰাণী। চালৰ সংকুচন আৰু সম্প্ৰসাৰণ, দেহৰ ভাজৰ প্ৰক্ষেপণৰ সহায়ত ইহঁতে গতি কৰে। সাপৰ কেৱল মেৰুদণ্ডহে আছে। ইহঁতৰ বুকুৰ কামিহাড় নাই। ৰঙা,বগা,কলা, হালধীয়া, সেউজীয়া আদি ভিভিন্ন ৰঙৰ সাপ দেখা যায়। সাপ এবিধ শীতলৰক্তী প্ৰাণী। পৰিবেশৰ উষ্ণতাৰ তাৰতম্যৰ লগে লগে ইহঁতৰ দেহৰ উষ্ণতাৰ পৰিবৰ্তন হয়। পূৰ্ণগ্ৰীষ্মকালত বা পূৰ্ণ শীতকালত ইহতে দেহৰ উষ্ণতাৰ ভাৰসাম্য ৰক্ষাৰ বাবে গাত, শিলৰ ফাঁক, গুহা আদিত নিস্কৃয় হৈ লুকাই থাকে। ইয়াক গ্ৰীষ্মনিদ্ৰা (aestivation) আৰু শীতনিদ্ৰা (hibernation) বোলা হয়।১২ সাপে গাৰ ছালখন বছৰি ১/২ বাৰ সলনি কৰে। ইয়াক মোট সলোৱা বোলা হয়। পোৱালি সাপে গাৰ বাঢ়ন প্ৰক্ৰিয়াৰ বাবে বছৰত কেইবাবাৰো মোট সলায়। মোট সলোৱাৰ আগে আগে সাপে কেইদিনমানৰ বাবে আহাৰ খাবলৈ এৰি আত্মগোপন কৰে। লাহে লাহে ওপৰৰ চালখন শুকাই নীৰস হৈ আহে আৰু ভিতৰৰ নতুন চালখনৰ ওপৰত এটা পিচল অৱস্থাৰ সৃষ্টি হয় আৰু পুৰণা চালখন সহজে এৰাই যায়। ই প্ৰথমে খহটা শিল বা কাঠৰ টুকুৰাৰ ওপৰত ঘহাঁই মূৰৰফালৰ চালৰ অংশটো এৰোৱাই তাৰ পাছত গোটেই চালখন নেগুৰডালৰফালে সহজে এৰায় যায়।১৩১৪ সাপৰ দৃষ্টিশক্তি প্ৰখৰ নহয়। ই ঘ্ৰাণশক্তি বা দেশত অনুভৱ হোৱা কম্পনশক্তিৰ সহায়ত খাদ্যৰ সন্ধান কৰে।

প্ৰজনন

সাপৰ কণী
সাপৰ কণীছবি: The original uploader was Dawson at English Wikipedia. · CC BY-SA 2.5

প্ৰজননত আগ্ৰহী স্ত্ৰী সাপে পূৰ্ণবয়স্ক পুং সাপক আকৰ্ষিত কৰিবৰ বাবে শৰীৰৰপৰা এক যৌন উত্তেজক ৰস (pheromones) নিসৰণ কৰে। ইয়াৰ আধৰতে পুং সাপটোৱে যৌন মিলনৰ বাবে স্ত্ৰী সংগী বিচাৰি লয়। সাপৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি, সাপে ৬ পৰা ১০০টাৰ ভিতৰত কণী পাৰিব পাৰে।১৫ গছৰ ধোন্দ, শিলৰ ফাক, গাত, আদিত সাধাৰণতে সাপে কণী পাৰে। কণীৰ খোলাটো অলপ লেকেটা (leathery )ধৰণৰ। কণী পৰাৰ পাছত প্ৰায়বিলাক সাপেই কণীখিনিৰ লগত সম্পৰ্ক নাৰাখে। প্ৰকৃতিত প্ৰাকৃতিকভাৱে কণীৰ ভিতৰত পোৱালি ডাঙৰ হৈ জন্ম হয়। প্ৰজাতি ভেদে কণীৰপৰা পোৱালি ওলোৱাৰ সময় বেলেগ বেলেগ যদিও গড় হিচাবে ৬০ দিনমান সময় লাগে। কণীৰ চোকোৰাটো ফালিবৰ বাবে ইহঁতৰ এক বিশেষ জন্ম দাঁত(egg tooth) থাকে। জন্মৰ পাছতে এই দাঁত সৰি পৰে।১৬ জন্মৰ পাছতে পোৱালি সাপে নিজৰ যত্ন লব পৰাকৈ কাৰ্যক্ষম হৈ উঠে। বেচিভাগ সাপৰ প্ৰজাতিয়েই কণী পাৰে আৰু কণীপৰাই পোৱালি ওলায়। সাপে কণী উমনি নিদিয়ে যদিও কিছুমান সাপে (যেনে-অজগৰ) কণী পৰাৰ পাছত কণীৰ চাৰিওফালে পোৱালি নোলোৱালৈকে মেৰ পাতি থাকে।১৭ ৰাজফেঁটী (King Cobra)সাপে শুকান পাত আদিৰে কণী পাৰিবৰ বাবে বাহ সাজি লয় আৰু পোৱালি নোলোৱালৈকে স্ত্ৰী আৰু পুং দুয়োটা সাপেই ৰখীয়া হৈ থাকে।১৮১৯ আন কিছুমান সাপে পোৱালি উলোৱা সময়লৈকে দেহৰ ভিতৰতে কণীসমূহ উম দি ৰাখি পোৱালি দিয়া দেখা যায়।২০২১ যেনে- copperheads, boa constrictors, rattlesnakes, আৰু garter snakes আদি।২২

খাদ্য

সাপ, ভেকুলী এটা ভক্ষণ কৰি থকা অৱস্থাত
সাপ, ভেকুলী এটা ভক্ষণ কৰি থকা অৱস্থাতছবি: মৌচুমী · CC BY-SA 3.0

সাপ এবিধ প্ৰাণীভোজী(carnivorous) প্ৰাণী। সাপে বিভিন্ন ধৰণৰ সৰু-বৰ প্ৰাণী ধৰি খায়। ভেকুলী,মাছ, নিগনী, কীট-পতংগ, চৰাই, চৰাইৰ কণী, সাপ আদিয়েই প্ৰধান। সাপে ইয়াৰ দাঁত চিকাৰ ধৰিবৰ বাবেহে ব্যৱহাৰ কৰে। ই ইয়াৰ আহাৰ পোনে পোনে গোটাকৈয়ে গিলি থয়। সাপৰ মুখ আৰু শৰীৰৰ পেশীবোৰ ইলাচষ্টিকৰ দৰে বহল কৰিব পাৰি বাবে ই মূৰ বা শৰীৰতকৈ ডাঙৰ আকাৰৰ আহাৰ গিলিব পাৰে। সেয়ে ই এবাৰ আহাৰ খোৱাৰ পাছত বহু সময়লৈকে আহাৰৰপ্ৰয়োজনীয়তা অনুভৱ নকৰে বা নোখোৱাকৈ থাকিব পাৰে। কিছুমান সাপে চিকাৰ খোৱাৰ আগেয়ে দাঁতেৰে আঘাত কৰি নতুবা মেৰিয়াই হেঁচা মাৰি, মাৰি লয় আৰু কিছুমান সাপে জীয়াই জীয়াই গিলি থয়।২৩ আহাৰ গিলাৰ পাছত পাচন ক্ৰিয়াৰ বাবে ই নিচল হৈ জিৰণি লয়।২৪ সাপ এবিধ শীতলৰক্তী প্ৰাণী হোৱা বাবে পাচন ক্ৰিয়া পাৰিপাৰ্শীয় উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে। পাচন ক্ৰিয়াৰ বাবে প্ৰয়োজনীয় উষ্ণতা হ'ল 30 °C (86 °F)।২৫ ২৬

মানুহৰ সৈতে সাপৰ সম্পৰ্ক

'সৰ্পদংশন:'মূল প্ৰবন্ধ: সৰ্পদংশন

সুৰা আৰু সাপ
সুৰা আৰু সাপছবি: Aukker (talk) · CC BY-SA 3.0

পৃথিৱীত সাপৰ প্ৰায় ৩০০০ প্ৰজাতি (জীৱবিদ্যা) পোৱা যায় যাৰ প্ৰায় ১৫% মানুহৰ বাবে বিপজ্জনক।২৭২৮ চিকাৰৰ গাত বিষদাঁতেৰে দংশন নতুবা শৰীৰেৰে মেৰিয়াই ধৰি চিকাৰৰ মৃত্যু ঘটায়। সাধাৰণতে আত্মৰক্ষা আৰু চিকাৰৰ উদ্দেশ্যে সাপে বিষ ব্যৱহাৰ কৰে। সৰ্পদংশনৰ ফলাফল বহুতো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- সাপৰ প্ৰজাতি, দংশন কৰা শৰীৰৰ স্থান, প্ৰবেশ কৰা বিষৰ পৰিমাণ, আৰু আক্ৰান্তৰ স্বাস্থ্য। সৰ্পদংশনৰ পিছত ব্যক্তিজন প্ৰায়েই আতঙ্কগ্ৰস্ততাত ভোগে। তদুপৰি অট'ন'মিক নাৰ্ভাছ চীষ্টেমৰ দ্বাৰা টেকীকাৰ্ডিয়া, বুকুৰ ধপধপনি আৰু বমিৰ ভাৱ হ'ব পাৰে।২৭২৯ বিষ নথকা সাপে খোঁটাৰ ফলত দাঁতৰ আঘাতৰ পৰা বা বীজাণুৰ সংক্ৰমণৰ পৰা ক্ষতৰ সৃষ্টি হ'ব পাৰে। সৰ্পদংশনৰ পৰা হ'ব পৰা এনাফাইলেক্সিছৰ ফলত মানুহ মৃত্যুমুখত পৰিব পাৰে।

জীৱিকা হিচাবে সাপ নচুওৱা পৃথিৱীৰ বহুতো ঠাইত, বিশেষকৈ ভাৰতত ৰাস্তাৰ দাঁতিত, মেলা আদিত কিছুমান লোকে বাহঁৰ টুকুৰিত কঢ়িয়াই ফুৰা সাপ বাঁহী জাতীয় বাদ্য বজাই নচুৱাই থকা দেখা যায়। সাপে কাণেৰে নুশুনে, মুখেৰে বজাই থাকোঁতে ইফাল সিফাল কৰি থকা বাঁহীটোৰ শব্দতৰংগৰ লয়লাসত সাপোৱেও তাৰ মূৰটো ইফাল সিফাল কৰি থাকে। এনেদৰে থকাত সাপটোৱে নাচি থকাৰ দৰে লাগে। কিন্তু ১৯৭২ চনৰ ৱাইল্ডলাইফ প্ৰটেকচন এক্ট মতে এনে কাৰ্যত নিষেধাজ্ঞা ধায্য কৰা হৈছে।৩০৩১

খাদ্য হিচাবে ব্যৱহাৰ পশ্চিমীয়া আৰু এছিয়াৰ বহুতো দেশত সাপৰ মাংস বা সাপৰ তেজ খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়। এছিয়াৰ চীন, টাইৱান, থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, কম্বোডিয়া আদি দেশত সাপৰ তেজ সুৰা আদিৰ লগত মিহলি কৰি কৰি গ্ৰহণ কৰে। বিশেষকৈ ফেটী সাপৰ তেজে যৌন শক্তি প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়।৩২৩৩

পোহনীয়া জীৱ হিচাবে ব্যৱহাৰ পৃথিৱীৰ বহুতো দেশত সাপ পোহনীয়া জন্তু হিচাবে ৰখাটো এক হবি হিচাবে পৰিগণিত হৈছে। বিশেষকৈ ball python আৰু corn snake। সাপৰ এনে চাহিদা পূৰণৰ বাবে captive breeding industry আদিৰো স্থাপন হৈছে।৩৪

ধৰ্মীয় বিশ্বাস পৃথিৱীৰ বহুতো দেশত সাপ বা সাপৰ প্ৰতীকৰ পূজা অৰ্চনা কৰা হয়। ভাৰত,গ্ৰীচ, আফ্ৰিকা, ইউৰোপ আৰু আমেৰিকাৰ কোনো কোনো অঞ্চলত ইয়াৰ পূজা কৰা হয়। ভাৰতত প্ৰতি বছৰে নাগ পঞ্চমী উৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মীয় পৌৰাণিক আখ্যানতো সাপৰ উল্লেখ দেখা যায়।

পৰীক্ষাগাৰ আৰু চিকিৎসা বিজ্ঞানত ব্যৱহাৰ সাপৰ বিষৰ ওপৰত বিভিন্ন পৰীক্ষাগাৰত বিভিন্ন পৰীক্ষা চলি আহিছে। ইয়াৰ প্ৰতিবিষ সাপে খোটা লোকৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ বিষ (venom) কৰ্কট ৰোগৰ চিকিৎসা আদিত ব্যৱহাৰ কৰা হয়।৩৫

উপকাৰিতা সাপে শস্য অনিষ্টকাৰী পোক-পতংগ, নিগনী আদিৰ সংখ্যা কম কৰি মানুহৰ সহায় কৰে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mc Dowell, Samuel (1972). "The evolution of the tongue of snakes and its bearing on snake origins". Evolutionary Biology 6: 191–273
  2. ↑ Mehrtens JM. 1987. Living Snakes of the World in Color. New York: Sterling Publishers. 480 pp. ISBN 0-8069-6460-X
  3. ↑ Sanchez, Alejandro. Diapsids III: Snakes. Father Sanchez's Web Site of West Indian Natural History
  4. ↑ Mehrtens, JM (1987). Living Snakes of the World in Color. New York City, NY, USA: Sterling Publishers. pp. 480. ISBN 0-8069-6460-X
  5. ↑ Sanchez, Alejandro. "Diapsids III: Snakes". Father Sanchez's Web Site of West Indian Natural History. Retrieved 2007-11-26
  6. ↑ Natural History Information Centre, Auckland War Memorial Museum. "Natural History Questions". Auckland War Memorial Museum | Tamaki Paenga Hira. Auckland, New Zealand: Auckland War Memorial Museum. Q. Are there any snakes in New Zealand?. Retrieved 26 April 2012
  7. ↑ Jackson, Kate. (2003). The evolution of venom-delivery systems in snakes. Zoological Journal of the Linnean Society. পৃ. 337–354
  8. ↑ Serpentes (TSN 174118). Integrated Taxonomic Information System. Retrieved on 3 December 2008.
  9. ↑ Colubridae species list at the TIGR Reptile Database. Accessed 4 December 2008
  10. ↑ February 05, 2009. (2012-05-18). Fossil of 43-foot super snake Titanoboa found in Colombia - Los Angeles Times. Articles.latimes.com
  11. ↑ (2008-07-22). Fossil of 43-Foot Super Snake Titanoboa Found in Colombia Â. American Scientist
  12. ↑ আৰ্কাইভ কপি
  13. ↑ Are snakes slimy? at Singapore Zoological Garden's Docent. Accessed 14 August 2006
  14. ↑ Part III: Scales of Lizards and Snakes at WhoZoo. Accessed 4 December 2008
  15. ↑ (2008-04-22). Snake - Structure and Habits: Snakes: Animal Planet. Animals.howstuffworks.com
  16. ↑ Snake Facts - Dialogue for Kids (Idaho Public Television). Idahoptv.org
  17. ↑ Capula (1989), p. 117
  18. ↑ King Cobra
  19. ↑ Cobra Fast Facts. Cobras.org
  20. ↑ Capula (1989), p. 118
  21. ↑ Cogger (1991), p. 182
  22. ↑ Snake Life Cycle. Thematzats.com
  23. ↑ F. Harvey Pough And John D. Groves. (2012-12-06). Specializations of the Body Form and Food Habits of Snakes. Icb.oxfordjournals.org
  24. ↑ Rosenfeld (1989), p. 11
  25. ↑ Journal of Experimental Biology (The Company of Biologists) 207 (Pt 4): 579–585
  26. ↑ Tattersall, GJ; Milsom, WK; Abe, AS; Brito, SP; Andrade, DV (2004)
  27. ↑ Gold, Barry S. (1 April 2002). Bites of venomous snakes. The New England Journal of Medicine. পৃ. 347–56
  28. ↑ Russell, F. E. (1990). When a snake strikes. Emerg Med. পৃ. 33–4, 37–40, 43
  29. ↑ Kitchens C, Van Mierop L. (1987). Envenomation by the Eastern coral snake (Micrurus fulvius fulvius). A study of 39 victims. JAMA. পৃ. 1615–18
  30. ↑ Bagla, Pallava (April 23, 2002). "India's Snake Charmers Fade, Blaming Eco-Laws, TV". National Geographic News. Retrieved 2007-11-26
  31. ↑ International Wildlife encyclopedia, 3rd edition, page 482
  32. ↑ আৰ্কাইভ কপি
  33. ↑ The Nutrition of Snake. The Nutrition of Snake / Nutrition / Healthy Eating. Fitday.com
  34. ↑ Ernest, Carl; George R. Zug, Molly Dwyer Griffin (1996). Snakes in Question: The Smithsonian Answer Book. Washington, DC: Smithsonian Books. p. 203. ISBN 1-56098-648-4
  35. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

বৈজ্ঞানিক শ্ৰেণীবিন্যাসসাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাপ” প্ৰবন্ধৰ সংশোধন ৬৩৭৮১৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।