অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাংস

মাংস হৈছে প্ৰাণীৰ শৰীৰৰ অংশ, যিটো খাদ্য হিচাপে খোৱা হয়। প্ৰাগঐতিহাসিক কালত মানুহে মাংসৰ বাবে জীৱ-জন্তু চিকাৰ কৰিছিল। নৱপ্ৰস্তৰ বিপ্লৱৰ বসতিৰ ফলত কুকুৰা, ভেড়া, শহাপহু, গাহৰি, গৰু আদি জন্তুক পোহনীয়া কৰা হয়। পিছলৈ এইবোৰৰ পৰা মাংস উৎপাদনৰ ব্যৱস্থা কৰা হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৪১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মাংস হৈছে প্ৰাণীৰ শৰীৰৰ অংশ, যিটো খাদ্য হিচাপে খোৱা হয়।১ প্ৰাগঐতিহাসিক কালত মানুহে মাংসৰ বাবে জীৱ-জন্তু চিকাৰ কৰিছিল। নৱপ্ৰস্তৰ বিপ্লৱৰ বসতিৰ ফলত কুকুৰা, ভেড়া, শহাপহু, গাহৰি, গৰু আদি জন্তুক পোহনীয়া কৰা হয়। পিছলৈ এইবোৰৰ পৰা মাংস উৎপাদনৰ ব্যৱস্থা কৰা হয়।

মাংসৰ প্ৰকাৰ

  • গৰুৰ পৰা বীফ আৰু ভিল।
  • গাহৰিৰ পৰা পৰ্ক, হাম আৰু বেকন।
  • ছাগলী আৰু ভেড়াৰ পৰা মাটন।
  • হৰিণা পহুৰ পৰা ভেনিচন।
  • হাঁহ, কুকুৰা আৰু তাৰ্কিৰ পৰা পোল্ট্ৰী।

মাংস শব্দটো জন্তুৰ আন অংগ যেনে হৃদযন্ত্ৰ (কলিজা), যকৃৎ, অন্ত্ৰ আদিক বুজাব ব্যৱহাৰ কৰা হয়।

অসমীয়া ভাষাত মাংস মানে সাধাৰণতে ছাগলী আৰু কুকুৰাৰ মাংসক বুজোৱা হয় যদিও পাৰ আৰু হাঁহৰ মাংস কম পৰিমাণে গ্ৰহন কৰা হয়। জনজাতিয় লোক সকলৰ মাজত গাহৰিৰ প্ৰচলন বেছি।

বিভিন্ন ধৰণৰ মাংসৰ ফটো

''ছাগলীৰ কেঁচা মাংস''
ছাগলীৰ কেঁচা মাংসছবি: David Blaine from Spokane, USA · CC BY 2.0
''ভেড়াৰ কেঁচা মাংস''
ভেড়াৰ কেঁচা মাংসছবি: Pujanak · Public domain
''হৰিণাৰ কেঁচা মাংস''
হৰিণাৰ কেঁচা মাংসছবি: Kueued · CC BY-SA 4.0
''দক্ষিণ কোৰিয়াত কুকুৰৰ মাংস বিক্ৰী কৰাৰ ফটো''
দক্ষিণ কোৰিয়াত কুকুৰৰ মাংস বিক্ৰী কৰাৰ ফটোছবি: Gaël Chardon · CC BY-SA 2.0

মাংসৰ উপাদান

প্ৰাপ্তবয়ষ্ক স্তন্যপায়ী জন্তুৰ মাংসপেশীত প্ৰায় ৭৫% পানী, ১৯% প্ৰটিন, ২.৫% চৰ্বি, ১.২% শৰ্কৰা আৰু ২.৩% অন্য দ্ৰবণীয় অ প্ৰোটিন পদাৰ্থ (যেনে এমিন' এচিড, মিনাৰেল) থাকে। মাংসত যথেষ্ট পৰিমানত প্ৰটিন থাকে আৰু মাংসত সকলো প্ৰয়োজনীয় এমিন' এচিড থাকে। মাংস জিংক, ভিটামিন বি ১২, চেলেনিয়াম, ফছফৰাছ, নিয়াচিন, ভিটামিন বি ৬, কোলাইন, ৰাইবোফ্লেভিন আৰু আইৰনৰ এটা ভাল উৎস। কিছুমান মাংসত ভিটামিন কে'ও পোৱা যায়। মাংসত কিছু পৰিমানে কলেষ্টেৰল থাকে আৰু বহু কম পৰিমানে শৰ্কৰা আৰু আহ থাকে।

চৰ্বিৰ পৰিমাণ সাধাৰনতে জন্তুৰ প্ৰজাতি আৰু বংশৰ ওপৰত নিৰ্ভৰ কৰে। মাংসৰ চৰ্বি দুটা প্ৰকাৰত পোৱা যায় -

  • আদিপোজ কলা, যাক শক্তি জমা ৰাখিবলৈ ব্যৱহাৰ হয় আৰু ইয়াত "সচা চৰ্বি" (ফেটি এচিডৰ লগত গ্লিচাৰলৰ এষ্টাৰ) থাকে।
  • ইন্ট্ৰামাচকুলাৰ চৰ্বি, যাৰ লগত যথেষ্ট পৰিমাণে ফচফোলিপিড আৰু কলেষ্টেৰল থাকে।

ৰঙা মাংস আৰু বগা মাংস

মাংস ৰঙা মাংস আৰু বগা মাংস এই দুই ভাগত ভগাব পাৰি। মাংসৰ ৰং এবিধ প্ৰটিন মায়োগ্লোবিনৰ পৰিমানৰ ওপৰত নিৰ্ভৰ কৰে। মায়োগ্লোবিন অক্সিজেনৰ সংস্পৰ্শত অক্সিমায়োগ্লোবিনলৈ পৰিবৰ্তিত হয়। অক্সিমায়োগ্লোবিনৰ কাৰনে মাংসক ৰঙা দেখা যায়। মাংসৰ ৰঙা গুণ প্ৰজাতি আৰু বয়সৰ ওপৰতো নিৰ্ভৰ কৰে।

গৰু, গাহৰি আৰু ছাগলীৰ মাংসক ৰঙা মাংস আৰু কুকুৰা আৰু মাছক বগা মাংস বোলা হয়।

বিভিন্ন ধৰণৰ খাদ্য মাংস

  • এন্দুৰৰ মাংস
  • উটৰ মাংস
  • কাছৰ মাংস
  • কুকুৰৰ মাংস
  • কুকুৰাৰ মাংস
  • কেঁকোৰাৰ মাংস
  • গৰুৰ মাংস
  • গাহৰিৰ মাংস
  • ঘঁৰিয়ালৰ মাংস
  • ঘোঁৰাৰ মাংস
  • ছাগলীৰ মাংস
  • পাৰৰ মাংস
  • বটা চৰাইৰ মাংস
  • বগলিৰ মাংস
  • বাঘৰ মাংস
  • বাদুলিৰ মাংস
  • বান্দৰৰ মাংস
  • ভেকুলীৰ মাংস
  • ভেড়াৰ মাংস
  • ম'হৰ মাংস
  • মেকুৰীৰ মাংস
  • মেথনৰ মাংস
  • শহাপহুৰ মাংস
  • শামুকৰ মাংস
  • শিয়ালৰ মাংস
  • হৰিণাৰ মাংস
  • হাতীৰ মাংস
  • হাঁহৰ মাংস

তথ্যসূত্ৰ

  1. ↑ Lawrie, R.A.; Ledward, D A. (2006). Lawrie's meat science. Woodhead Publishing Limited. ISBN 978-1-84569-159-2

সম্পৰ্কিত শ্ৰেণী

খাদ্যমাংস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাংস” প্ৰবন্ধৰ সংশোধন ৬৩২৩০১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।