মহুৱা ৰায়চৌধুৰী ( Mahua Roy Choudhury; ২৪ ছেপ্টেম্বৰ ১৯৫৮ – ২২ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক বাংলা ছবিত কৰা কামৰ বাবে জনা যায়।১ তেওঁক বাংলা চলচ্চিত্ৰৰ অন্যতম সফল অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।২ ফিল্মফেয়াৰ বঁটাকে ধৰি তেওঁ কেইবাটাও বঁটা লাভ কৰিছে। ১৯৮৭ চনত ৫ম ডামাস্কাছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আদমি আৰু ঔৰত (১৯৮৪) ছবিত অভিনয় কৰাৰ বাবে মৰণোত্তৰভাৱে তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা প্ৰদান কৰা হয়।৩
প্ৰাৰম্ভিক জীৱন
১৯৫৮ চনৰ ২৪ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ৰায়চৌধুৰীৰ মূল নাম শিপ্ৰা ৰায় চৌধুৰী। পৰিচালক তৰুণ মজুমদাৰে তেওঁৰ ‘মহুৱা’ নাম ৰাখে। তৰুণ মজুমদাৰে তেওঁক আৱিষ্কাৰ কৰে আৰু সন্ধ্যা ৰায়ে তেওঁক চলচ্চিত্ৰৰ বাবে প্ৰস্তুত কৰি তোলে। মহুৱা ৰায় চৌধুৰী আছিল দমদমৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ নীলাঞ্জন ৰায়চৌধুৰী আছিল এজন নৃত্যশিল্পী।
কৰ্মজীৱন
আমোল পালেকাৰৰ সৈতে তপন সিনহাৰ ছবি ‘আদমি ঔৰ ঔৰত’ত তেওঁৰ অসাধাৰণ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। আনকি এটা সময়ো আছিল, যেতিয়া বাংলা ছবিবোৰ কেৱল তেওঁৰ নামেৰেই চলিছিল। অতি কম সময়ৰ ভিতৰতে মহুৱাই বিপুল সফলতা আৰু জনপ্ৰিয়তা লাভ কৰিছিল। ১৯৮৩ চনত লাল গোলাপৰ ছবিখনেৰে তেওঁ বাংলা চলচ্চিত্ৰক হেৰোৱা মৰ্যদা ঘূৰাই আনিবলৈ সক্ষম হৈছিল।৪
তথ্যসূত্ৰ
- ↑ Mahua Roy Chowdhury movies, filmography, biography and songs. Cinestaan
- ↑ Mahua Raychowdhury profile. in.com
- ↑ (4 May 2017). Mahua Roychoudhury: A Death Most Foul — Out of Pandora. Out of Pandora
- ↑ (15 August 1985). Queen of Bengali cinema Mahua Roychowdhury death remains a suspense drama. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহুৱা ৰায়চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৮৭০৫৮ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।