অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শোভনা

শোভনা চন্দ্ৰকুমাৰ পিল্লাই (Shobana Chandrakumar Pillai; জন্ম: ২১ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী। তেওঁ প্ৰধানকৈ মালয়ালম ছবিৰ লগতে তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছে। তাৰোপৰি কেইখনমান হিন্দী, কানাড়া আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

শোভনা চন্দ্ৰকুমাৰ পিল্লাই (Shobana Chandrakumar Pillai; জন্ম: ২১ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী। তেওঁ প্ৰধানকৈ মালয়ালম ভাষা ছবিৰ লগতে তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছে। তাৰোপৰি কেইখনমান হিন্দী ভাষা, কানাড়া আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে। তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, এটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, দুটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু ভিন-ভিন দক্ষিণ ভাৰতীয় ভাষাত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ১৪টা মনোনয়ন, ২০১১ চনত তামিলনাডু ৰাজ্যৰ কলাইমামনি বঁটা আৰু আন বহুতো বঁটা লাভ কৰিছে।১২

মালয়ালম ছবি মণিচিত্ৰথাঝু (১৯৯৩) আৰু ইংৰাজী ছবি মিত্ৰা মাই ফ্ৰেণ্ডত (২০০১) অভিনয়ৰ বাবে তেওঁ দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হৈছে। ১৯৯৯ চনৰ পিছত শোভনাই অভিনয়ৰ বাবে ছবি নিৰ্বাচনৰ ক্ষেত্ৰত অতি গুৰুত্ব দিবলৈ লয়।৩৪

ভাৰতনাট্যম শিল্পী চিত্ৰা বিশ্বেশ্বৰন আৰু পদ্ম সুব্ৰহ্মণ্যমৰ ওচৰত শোভনাই প্ৰশিক্ষণ লৈছিল। বিশ বছৰ পাৰ হোৱাৰ পাছৰ পৰা তেওঁ এগৰাকী স্বতন্ত্ৰ নৃত্যশিল্পী আৰু কোৰিঅ’গ্ৰাফাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু বৰ্তমান চেন্নাইত কলাৰ্পণ নামৰ এখন নৃত্য বিদ্যালয় চলাই আছে।৫ ২০০৬ চনত ভাৰত চৰকাৰে তেওঁক কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰীৰে সন্মানিত কৰে। ১০,১১

২০১৪ চনত কেৰালা চৰকাৰে তেওঁক কলা ৰত্ন বঁটাৰে সম্বৰ্ধনা জনায়। ২০১৯ চনত ড°এম.জি.আৰ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৬ ২০২২ চনত শ্ৰী শংকৰাচাৰ্য সংস্কৃত বিশ্ববিদ্যালয়ে তেওঁ ডক্টৰ অফ লেটাৰ্ছ উপাধি প্ৰদান কৰে।৭

প্ৰাৰম্ভিক জীৱন

তেওঁ ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু অভিনেত্ৰী, ট্ৰেভাংকুৰ ভগ্নীত্ৰয় ললিতা, পদ্মিনী আৰু ৰাগিনীৰ ভতিজী।৮ শোভনা অবিবাহিত। ২০১১ চনত তেওঁ অনন্তা নাৰায়ণী চন্দ্ৰকুমাৰ নামৰ কন্যা সন্তান তুলি লয়।৯১০

কৰ্মজীৱন

শোভনাই শিশুশিল্পী হিচাপে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ১৯৮০ চনত শ্ৰীকান্ত আৰু কে আৰ বিজয়া অভিনীত, কৃষ্ণন–পাঞ্জু পৰিচালিত তামিল ছবি মংগলা নায়াগীত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল, যিখন হিন্দী ছবি সাজন বিনা সুহাগনৰ পুনৰ্নিৰ্মাণ আছিল।

১৯৮২ চনত তেওঁ প্ৰশংসিত তেলুগু শিশু ছবি ভক্ত ধ্ৰুৱ মাৰ্কেন্দেয়ত অভিনয় কৰে।১১১২ প্ৰাপ্তবয়স্ক শোভনাই প্ৰথম অভিনয় কৰিছিল মালয়ালম ছবি বালচন্দ্ৰ মেনন পৰিচালিত এপ্ৰিল ১৮ত; এজনী সাধাৰণ ছোৱালীৰ বাস্তৱানুগ অভিনয়ে দৰ্শকক আকৰ্ষণ কৰিছিল আৰু তেওঁৰ বাবে অসংখ্য ছবিৰ বাট মুকলি কৰি দিছিল। একে বছৰতে তেওঁ তামিল চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে আৰু এছ পি মুথুৰমনৰ পৰিচালনাত নিৰ্মিত এনাকুল অ’ৰুভানত অভিনয় কৰে।৩ বক্স অফিচত এনাকুল অ'ৰুভানে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে আৰু তামিল চলচ্চিত্ৰত তেওঁৰ বাট বন্ধ হৈ পৰে। সেয়েহে তেওঁ পুনৰ মালয়ালম ছবিলৈ উভতি যায়। ৯০ৰ দশকৰ আৰম্ভণিতে তেওঁ এৰাধৰাকৈ সত্যৰাজ, ভাগ্যৰাজ আৰু বিজয়কান্তৰ বিপৰীতে কিছুমান তামিল ছবিত অভিনয় কৰে। তেওঁ অভিনয় কৰা চৰিত্ৰবোৰ সাধাৰণতে গ্লেমাৰাছ আছিল য’ত শোভনাই সাধাৰণতে ধুনীয়া, আড়ম্বৰপূৰ্ণ আৰু অহংকাৰী চহৰীয়া ছোৱালীৰ ভূমিকাত অভিনয় কৰিছিল, যিয়ে শেষত গাঁৱলীয়া ল'ৰাৰ দ্বাৰা মোহিত হয়।১৩

বঁটা আৰু স্বীকৃতি

১৯৮৮: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (মালায়ালম ছবি ইন্নালেৰ বাবে)।

১৯৯৩: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (মণিচিত্ৰথাঝু)।

১৯৯৪: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (মালায়ালম ছবি থেনমাৱিন কম্বাথৰ বাবে)।

২০০২: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (মিত্ৰা মাই ফ্ৰেণ্ড)।

২০০৫: শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা দক্ষিণ (মালায়ালম ছবি থিৰাৰ বাবে)।১৪

২০০৬: কলা শিতানত পদ্মশ্ৰী।১৫১৬

তথ্যসূত্ৰ

  1. ↑ (29 December 2005). I am an introvert, says Shobana. The Hindu
  2. ↑ In pics: Shobana dedicates her dance to 'Krishna'. CNN-IBN
  3. ↑ Francis, Sneha May. (31 December 2008). Shobana's mystical twist to an epic. Gulf News
  4. ↑ Prakash, Asha. (28 April 2018). Shobana: I don't feel bad if I don't act in a film, as long as people are making great films. The Times of India
  5. ↑ (6 April 2005). Metro Plus Bangalore / Personality: Thinking actress. দ্য হিন্দু
  6. ↑ (21 October 2019). Honorary doctorate conferred on CM. দ্য হিন্দু
  7. ↑ Ragin, S. (1 January 2022). Governor approved varsity syndicate's recommendation to grant D Litt to three people. Mathrubhumi
  8. ↑ About
  9. ↑ (7 March 2016). Women's Day 2016: Popular celebrities who broke all stereotypes and adopted children. Zee News
  10. ↑ Shobhana adopts a baby girl. Sify
  11. ↑ Bhakta Dhruva Markandeya 1982 Telugu Movie Wiki,Cast Crew,Songs,Videos,Release Date. MovieGQ
  12. ↑ Bhakta Dhruva Markandeya on Moviebuff.com. Moviebuff.com
  13. ↑ (3 November 2012). In her own groove. The Hindu
  14. ↑ V.P, Nicy. (9 September 2014). Shobana to Play Lead in 'Thira' Sequel. ibtimes.co.in
  15. ↑ Padma Awardees. Padma Awards - Ministry of Home Affairs
  16. ↑ Padmashri for Shobana. kutcheribuzz.com

সম্পৰ্কিত শ্ৰেণী

মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীইংৰাজী চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শোভনা” প্ৰবন্ধৰ সংশোধন ৬৩২৯৭৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।