বিদ্যা সিনহা ( Vidya Sinha; ১৫ নৱেম্বৰ ১৯৪৭ – ১৫ আগষ্ট ২০১৯) হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; ৰজনীগন্ধা (১৯৭৪), ছোটী ছি বাত (১৯৭৫) আৰু পতি পত্নী ঔৰ ৱহ (১৯৭৮) ছবিৰ বাবে অধিক পৰিচিত। মিছ বম্বে খিতাপ অৰ্জন কৰা সিনহাই মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল কিৰণ কুমাৰৰ বিপৰীতে ৰাজা কাকা (১৯৭৪)। অৱশ্যে তেওঁৰ গুৰু বাসু চেটাৰ্জীৰ পৰিচালনাত নিৰ্মিত কম বাজেটৰ ব্ৰেক-এৱে হিট ছবি ৰজনীগন্ধাৰ (১৯৭৪) জৰিয়তে তেওঁ খ্যাতি আৰ্জিছিল। কেইবাখনো ছবিত অভিনয় কৰাৰ পিছত তেওঁ বিৰতি লয়। জীৱনৰ পিছৰ অংশত অভিনয়লৈ ঘূৰি আহি তেওঁ কেইবাখনো টিভি ধাৰাবাহিক আৰু ছলমান খানৰ ছবি বডিগাৰ্ডত (২০১১) অভিনয় কৰে।
কৰ্মজীৱন
১৮ বছৰ বয়সত তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু মিছ বম্বেৰ খিতাপ পায়। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম ধুনীয়া আৰু শ্ৰেষ্ঠ অভিনেত্ৰী বুলি গণ্য কৰা হয়।১ ইয়াৰ পিছত তেওঁ কেইবাটাও জনপ্ৰিয় ব্ৰেণ্ডৰ বাবে মডেলিং কৰিবলৈ আৰম্ভ কৰে।২ তেওঁৰ প্ৰথম ছবি আছিল কিৰণ কুমাৰৰ সৈতে ৰাজা কাকা (১৯৭৪)।[3] কিন্তু চেটাৰ্জীৰ পৰিচালনাত কম বাজেটৰ ব্ৰেক-এৱে হিট ৰজনীগন্ধা (১৯৭৪) ছবিখনৰ জৰিয়তে তেওঁলৈ খ্যাতি আহিছিল। ব্লকবাষ্টাৰ ছবিৰ কোনো বৈশিষ্ট নথকাকৈও ৰজনীগন্ধাই বক্স অফিচত বৃহৎ সফলতা লাভ কৰে। ইয়াৰ পিছতে আন এখন হিট ছবি ছোটী ছি বাত-এ (১৯৭৫) বৃহৎ বাজেটৰ মূলসুঁতিৰ প্ৰডাকচনত অভিনয় কৰাৰ পথ প্ৰশস্ত কৰে। এনে কেইখনমান ছবি আছিল- ৰাজেশ খান্না আৰু শ্বাবানা আজমীৰ সৈতে কৰ্ম (১৯৭৭), সঞ্জীৱ কুমাৰ আৰু শশী কাপুৰৰ সৈতে মুক্তি (১৯৭৭), বিনোদ খান্নাৰ সৈতে ইনকাৰ (১৯৭৭), সঞ্জীৱ কুমাৰ আৰু ৰঞ্জিতৰ সৈতে, গুলজাৰৰ কিতাব (১৯৭৭), সবুত (১৯৭৯), আৰু মীৰা (১৯৭৯)।৩ বিদ্যাই ১০ বছৰৰ ভিতৰত ৩০খন চিনেমাত অভিনয় কৰিছিল। ৰাজ ছিপ্পিয়ে পৰিচালনা কৰা জোছত (১৯৮১) তেওঁ এটা নেতিবাচক চৰিত্ৰত, ভিক্ষাৰীৰ পৰা মুদ্ৰা চুৰি কৰা গেংষ্টাৰৰ অভিনয় কৰিছিল।৪ সেই বছৰতে তেওঁ ৰাজেন্দ্ৰ কুমাৰ আৰু ডেনিৰ সৈতে অভিনয় কৰা ৰোমান্টিক ছবি লাভ ষ্ট'ৰীত বিজেতা পণ্ডিতৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ I still regret saying no to Raj Kapoor for Satyam Shivam Sundaram. Rediff
- ↑ (14 December 2012). Vidya Sinha: I Was Never Serious About My Career
- ↑ Josh 1981
- ↑ (19 May 2006). Vidya Sinha braces the limelight again
- ↑ (15 August 2019). Veteran actor Vidya Sinha passes away. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যা সিনহা” প্ৰবন্ধৰ সংশোধন ৪৯১৫৮৬ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।