অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শাকিলা

শাকিলা (জন্ম:বাদশ্বাহ বেগম; (Shakila; ১ জানুৱাৰী ১৯৩৫ – ২০ ছেপ্টেম্বৰ ২০১৭) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী। গুৰু দত্তৰ ছবি আৰ পাৰ (১৯৫৪) আৰু চি.আই.ডি.ত (১৯৫৬) অভিনয় কৰাৰ বাবে তেওঁক জনা যায়।

হালনাগাদ: ২ জুলাই ২০২৫ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

শাকিলা (জন্ম:বাদশ্বাহ বেগম; (Shakila; ১ জানুৱাৰী ১৯৩৫ – ২০ ছেপ্টেম্বৰ ২০১৭) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী। গুৰু দত্তৰ ছবি আৰ পাৰ (১৯৫৪) আৰু চি.আই.ডি.ত (১৯৫৬) অভিনয় কৰাৰ বাবে তেওঁক জনা যায়।১২

ব্যক্তিগত জীৱন

১৯৬৩ চনত শাকিলাই ৱাই এম ইলিয়াছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ ভগ্নী নূৰে (নুৰজাহানৰ সংক্ষিপ্ত ৰূপ) জনী ৱাকাৰক বিয়া কৰায়৩ আৰু তেওঁলোকৰ পুত্ৰ অভিনেতা নাছিৰ খান। তাইৰ আনজনী ভনীয়েক নাচৰিন বিয়া হৈ গৃহিণী হয়।

চলচ্চিত্ৰ জগত এৰি শাকিলাই স্বামীৰ সৈতে লণ্ডনলৈ গুচি যায়। বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুনৰ মুম্বাইলৈ আহি এজন আফগান লোকৰ সৈতে বিয়া হয়, যিজন ব্যক্তি ভাৰতত কনছুল জেনেৰেল হৈ আছিল। ২০১৭ চনৰ ২০ ছেপ্টেম্বৰত ভাৰতৰ মুম্বাইত ৮২ বছৰ বয়সত ব্যাপক হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মহাৰাষ্ট্ৰৰ মুম্বাইৰ মহিম কবৰস্থানত তেওঁক সমাধিস্থ কৰা হৈছিল।

কৰ্মজীৱন

শাকিলাৰ মাহীয়েক চিনেমাৰ প্ৰতি আকৰ্ষণ আছিল আৰু ভনীয়েকহঁতক চিনেমা দেখুৱাবলৈ লৈ গৈছিল। তেওঁলোকৰ পৰিয়ালটোৰ কৰদাৰ আৰু মেহবুব খানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। আচলতে কৰদাৰেই তেওঁক দাস্তান (১৯৪৯) ছবিখনত অভিনয় কৰাৰ সুযোগ দিছিল। তেওঁ শাকিলা নাম লয় আৰু সুৰাইয়াই মুখ্য ভূমিকাত অভিনয় কৰা ছবিখনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। কম দিনৰ ভিতৰতে সুৰাইয়াৰ সৈতে দুনিয়া (১৯৪৯) নামৰ আন এখন ছবিত তেওঁ অভিনয় কৰে। গোমস্তা (১৯৫১), সিন্দবাদ দ্য ছেইলাৰ (১৯৫২), ৰাজৰাণী দময়ন্তী (১৯৫২), আগোশ (১৯৫৩), ছাহেনছাহ (১৯৫৩), ৰাজ মহল (১৯৫৩), আৰমান (১৯৫৩) আদি ছবিত ধৰি মধ্যমীয়া চৰিত্ৰত কাম কৰাৰ পিছত অৱশেষত চলচ্চিত্ৰ দৰ্শকে তেওঁক গুৰু দত্তৰ আৰ-পাৰ (১৯৫৪) দেখা পায়। ইয়াত তেওঁ গুৰু দত্তৰ জীৱনৰ আনগৰাকী মহিলা কেবাৰে নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিগৰাকী সমাজৰ অৱজ্ঞা পাত্ৰী আছিল। আৰ-পাৰ এখন ছুপাৰহিট ছবি আছিল আৰু ইয়াৰ শ্ৰেষ্ঠ গীতসমূহ শাকিলাৰ ওপৰত চিত্ৰায়ন কৰা হৈছিল। তেওঁৰ ভগ্নী নূৰেও ছবিখনত অভিনয় কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Babuji Dheere Chalna actress Shakila dies of cardiac arrest. India Today
  2. ↑ Shakila, the star of ‘Aar Paar’ and ‘CID’ dies at the age of 82. Scroll.in
  3. ↑ (1 August 2003). Johnny Walker.. signing off on a high. The Hindu

সম্পৰ্কিত শ্ৰেণী

পদ্মশ্ৰী বঁটা বিজয়ীউৰ্দু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাকিলা” প্ৰবন্ধৰ সংশোধন ৫২১৮২২ (২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।