বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২)১ ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ ১৯৩৩ চনত অজন্তা চিনেটোন লিমিটেডত চলচ্চিত্ৰীয় অভিনয়ৰ পাতনি মেলে; য’ত তেওঁ এম.ডি.ভাৱনানী, এ.পি. কাপুৰ আদিৰ দৰে পৰিচালকৰ সৈতে কাম কৰিছিল। তেওঁক দেৱিকা ৰাণী, দুৰ্গা খোটে, সুলোচনা, মেহতাব, শান্তা আপ্তে, সবিতা দেৱী, লীলা দেশাই আৰু নাচিম বানুৰ সৈতে ১৯৩০-ৰ দশকৰ শীৰ্ষৰ অভিনেত্ৰী বুলি গণ্য কৰা হয়।২ তেওঁক ১৯৩০ আৰু ১৯৪০-ৰ দশকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিনেত্ৰীৰ অন্যতম বুলি উল্লেখ কৰা হয়।৩ তেওঁৰ খ্যাতিয়ে এনে এটা পৰ্যায় পাইছিল যে গৰীৱ কে লাল (১৯৩৯) নামৰ ছবি এখনৰ মিৰ্জা মুছাৰফ আৰু কমলা কৰ্ণাটকীয়ে গোৱা আৰু ছাগিৰ আছিফ আৰু ৰফি কাশ্মিৰীয়ে সংগীত দিয়া এটা গীতত বিব্বো আৰু আন এগৰাকী তাৰকা অভিনেত্ৰী ৰুবি মায়াৰ্ছৰ নামৰ উদ্ধৃতি দিয়া হৈছিল। গীতটো আছিল, "তুঝে বিব্বো কহূঁ য়া সুলোচনা"; অৰ্থাৎ তোমাক বিব্বো বুলি মাতো নে সুলোচনা বুলি।৪৫
অভিনেত্ৰী নাৰ্গিছৰ মাতৃ জদ্দনবাঈয়ে তালাছ-ই-হকৰ (১৯৩৫) বাবে সংগীত ৰচনা কৰাৰ এবছৰৰ আগেয়ে ১৯৩৪ চনত আদল-ই-জাহাংগীৰৰ বাবে বিব্বোৱে সংগীত ৰচনা কৰে আৰু তেনেকৈয়ে তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক হিচাপে পৰিগণিত হয়।৬ তেওঁ কাজ্জাক কি লড়কী (১৯৩৭) নামৰ দ্বিতীয়খন ছবিৰো সংগীত পৰিচালক আছিল।৭ তেওঁ মাষ্টাৰ নিছাৰ, সুৰেন্দ্ৰ আৰু কুমাৰৰ দৰে অভিনেতাৰ সৈতে কাম কৰিছিল। এই অভিনেতা কেইজনৰ সৈতে বিব্বোৰ যুটি জনপ্ৰিয় হৈছিল। সুৰেন্দ্ৰৰ সৈতে তেওঁ মনমোহন (১৯৩৬),জাগীৰদাৰ (১৯৩৭),গ্ৰামফোন চিংগাৰ (১৯৩৮),ডাইনামাইট (১৯৩৮) আৰু লেডিজ অনলিৰ (১৯৩৯) দৰে কেইবাখনো হিট ছবি উপহাৰ দিয়ে। [8] বিব্বো অভিনীত প্ৰথম ছবি ৰংগিলা ৰাজপুত; ইয়াৰ পিছত মায়াজাল। দুয়োখন ১৯৩৩-ত মুক্তি পাইছিল। ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ তেওঁ মুখ্য ভুমিকাত প্ৰায় ত্ৰিশখন ছবিত অভিনয় কৰিছিল। পাকিস্তানলৈ যোৱাৰ পিছত তেওঁ এগৰাকী চৰিত্ৰাভিনেত্ৰীলৈ পৰিবৰ্তিত হৈছিল। পাকিস্তানী ছবি জহৰ-ই-ইছক্ত (১৯৫৮) অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ চৰিত্ৰাভিনেত্ৰীৰ নিগাৰ বঁটা লাভ কৰিছিল।৮
ব্যক্তিগত জীৱন
১৯৩০ চনৰ শেষৰ ফালে বিব্বোৰ খলিল চৰ্দাৰৰ সৈতে বিবাহ হয়। খলিল আদল-ই-জাহাংগীৰ পৰিচালক আছিল আৰু বিব্বোৱে ছবিখনৰ সংগীত পৰিচালনা কৰিছিল। বিবাহৰ পিছত তেওঁলোকে বম্বে এৰি লাহোৰলৈ গুচি যায় আৰু তাতেই তেওঁলোকে ৰামধেনু ফিল্মছক বেনাৰত এখন ছবি কাজ্জাক কি লড়কী (১৯৩৭) নিৰ্মাণ কৰে, যিখন ছবিৰ বিব্বো সংগীত পৰিচালকো আছিল। ছবিখন ব্যৱসায়িকভাৱে বিফল হোৱাত অৱশেষত বিব্বো পুনৰ মুম্বাইলৈ উভতি আহে। ১৯৪৭ চনত বিভাজনৰ পিছত তেওঁ পাকিস্তানলৈ গুচি যায় আৰু তাৰ পিছৰে পৰা তেওঁ চৰিত্ৰাভিনেত্ৰী হিচাপে কাম কৰে। ৯ চিনেপ্লটত পুনৰ প্ৰকাশিত জুলকাৰনাইন শ্বাহিদৰ দ্য উইকলি মেগৰ (পাকিস্তান) প্ৰবন্ধ এটাৰ মতে, বিব্বোৰ বিবাহ জুলফিকাৰ আলী ভুট্টোৰ পিতৃ শ্বাহনাৱাজ ভুট্টোৰ সৈতে হোৱা বুলি উল্লেখ কৰা হৈছে। ৮ ফিল্ম ইণ্ডিয়াৰ ১৯৪৩ চনৰ জুন মাহৰ সংখ্যাত বাবুৰাও পেটেলে কৰা প্ৰশ্নৰ উত্তৰ দিছিল দি বিব্বোৱে কৈছিল যে সঁচাকৈয়ে তেওঁৰ ভুট্টোৰ সৈতে বিবাহ হৈছে। ৮ ১০
বিব্বোৰ জীৱনৰ শেষ দিনবোৰ অকলশৰীয়া তথা তেওঁৰ জীৱনটোক "দুৰ্ভগীয়া আৰু দৰিদ্ৰতাত আক্ৰান্ত" বুলি অভিহিত কৰা হয়। ১৯৭২ চনৰ ২৫ মে'ত তেওঁৰ মৃত্যু হয়। ৮
বাহ্যিক সংযোগ
- Bibbo Rare Picture: www.flickr.com/photos/rashid_ashraf/31225553980/
তথ্যসূত্ৰ
- ↑ Bibbo. muvyz.com. Muvyz, Ltd
- ↑ Pran Nevile. (2006). Lahore: A Sentimental Journey. Penguin Books India. পৃ. 86. ISBN 978-0-14-306197-7
- ↑ Ashok Raj. (2009). Hero Vol.1. Hay House, Inc. পৃ. 87. ISBN 978-93-81398-02-9
- ↑ Singh, Surjit. A Year in Hindi Movies 1939. hindi-movies-songs.com
- ↑ Tujhe Bibbo Kahoon Ki Sulochana. lyrics-hindi.com. LyricsHindi.com
- ↑ (8 March 2011). Fairer sex makes a mark in cinema. The Times of India
- ↑ (12 September 2021). First Female Music Composer of Bollywood. cineplot.com website
- ↑ Shahid, Zulqarnain. (12 September 2021). Bibbo. Cineplot
- ↑ Baburao, Patel. (January 1939). The Editor's Mail. Filmindia. পৃ. 20
- ↑ Baburao, Patel. (June 1943). The Editor's Mail. Filmindia. পৃ. 31
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিব্বো (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৪৯৭০২০ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।