অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সায়ালি‍ ভগত

সায়ালি ভগত ( Sayali Bhagat) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ লাভ কৰাৰ লগতে মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

সায়ালি ভগত ( Sayali Bhagat) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ লাভ কৰাৰ লগতে মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২

প্ৰাৰম্ভিক জীৱন

তেওঁ নাছিকৰ ফ্ৰাৱাশী একাডেমীত অধ্যয়ন কৰিছিল, আৰু অলকেশ দীনেশ মোদী ইনষ্টিটিউট ফৰ ফাইনেন্সিয়েল এণ্ড মেনেজমেণ্ট ষ্টাডিজ পৰা বি.এম.এছ. (বেচলৰ অৱ মেনেজমেণ্ট ষ্টাডিছ)ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।৩১

কেৰিয়াৰ

তেওঁৰ প্ৰাৰম্ভিক মডেলিং এচাইনমেণ্ট আছিল ডেণ্টজ, এছ এন ডি টি কলেজ শ্ব' আৰু স্বৰভস্কি জেমছ ফেশ্বন শ্ব'ৰ বাবে।৪ দ্য ট্ৰেইন: ছম লাইনছ শ্বুড নেভাৰ বি ক্ৰছড আছিল তেওঁৰ প্ৰথম হিন্দী ছবি, য’ত ইমৰাণ হাছমী আৰু গীতা বাছৰাই সহ অভিনয় কৰিছিল। চলচ্চিত্ৰখন ২০০৭ চনৰ ৮ জুলাইত মুক্তি দিয়া হৈছিল।৫ইয়াৰ উপৰিও ছিংগাপুৰৰ এগৰাকী সাংবাদিক হিচাপেও অভিনয় কৰিছিল, যিয়ে ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ক এমটিভি বকৰা শ্ব’ত সাক্ষাৎকাৰ লোৱাৰ অভিনয় কৰে। ২০০৯ চনত জাভেদ জাফ্ৰিৰ সৈতে হিন্দী চিনেমা পেয়িং গেষ্টছত অভিনয় কৰিছিল।৫

ফেমিনা মিছ ইণ্ডিয়া

তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ জয় কৰিছিল।৬

ব্যক্তিগত জীৱন

২০০০ চনৰ শেষৰ ফালে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভগতৰ পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱেইব মালিকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল, কিন্তু তেওঁ এই উৰাবাতৰিক তেওঁ আৰু মালিকৰ আণ্ডাৰ প্ৰডাকচন ছবিখনৰ প্ৰচাৰৰ বাবে প্ৰচাৰৰ ষ্টাণ্ট বুলি অভিহিত কৰে (যিখন ছবি অনিৰ্দিষ্টকালৰ বাবে শ্বেলফত ৰখা হৈছিল)।৭৮৯ মালিকে তেওঁলোকৰ পেচাদাৰী জীৱনৰ বাহিৰেও ভগতৰ সৈতে কোনো সম্পৰ্ক থকাৰ কথা অস্বীকাৰ কৰিছিল।১০

২০১৩ চনৰ ১০ ডিচেম্বৰত হাৰিয়ানাৰ ব্যৱসায়ী নৱনীত প্ৰতাপ সিং যাদৱৰ সৈতে ভগতৰ এৰেঞ্জ মেৰেজ হয়।১১১২১৩ দম্পতীহালৰ ইভানকা সিং নামৰ এগৰাকী কন্যা আছে।১৪

চলচ্চিত্ৰগ্ৰন্থ

চলচ্চিত্ৰ

বছৰচলচ্চিত্ৰভূমিকাভাষাটোকা
2007দ্য ট্ৰেইনঅঞ্জলি দীক্ষিতহিন্দী ভাষা
2008গুড লাকসাবা শৰ্মা
হল্লা বলনিজেইবিশেষ উপস্থিতি ("ইস পল কি চিন্তা" গীতত)
ব্লেড বাবজিঅৰ্চনাতেলুগু ভাষা
2009নিউটনৰ তৃতীয় বিধিপ্ৰিয়াতামিল ভাষাপ্ৰথম ছবি
কিৰ্কিটহিন্দী
পেইং গেষ্টসীমা
জেইলনিজেইবিশেষ উপস্থিতি
2010ইনকোসাৰিনিজেইতেলুগু"হে হে এভ্ৰিবডি" গীতত বিশেষ উপস্থিতি
দ্য ছেইণ্ট হু থট অদাৰৱাইজসঙ্গীতা কাদামইংৰাজী ভাষা
মেয় ৰনী ঔৰ ৰনীহিন্দী
2011ইমপেচিয়েণ্ট বিভেকস্ৰুতি
নটি @ 40ছঞ্জীৱক প্ৰত্যাখ্যান কৰা মহিলা
2012ঘোস্টসুহানি
দিছ উইকএণ্ডদিৱ্যা
2013ৰাজধানী এক্সপ্ৰেছৰীনা
চালু মুভি
সমাধিঝিনুকবঙালী ভাষা১৫
2014ইয়াৰিয়াননিকিহিন্দী
2015মাইচেল্ফ পেণ্ডুপঞ্জাবী কুড়ীপঞ্জাবী ভাষা১৬
2016হ'ম ষ্টেকন্নড় হিন্দী
ধিগিলতামিল

টেলিভিছন

  • ২০০৮: ফিয়াৰ ফেক্টৰ: খাত্ৰন কে খিলাড়ি ১ – প্ৰতিযোগী (১৪তম স্থান) ১৭

তথ্যসূত্ৰ

  1. ↑ http://feminamissindia.indiatimes.com/photoshow/7189876.cms?curpg=24
  2. ↑ PR, ANI. (17 February 2023). Actress & Former Femina Miss India World Sayali Bhagat hosts a Fashion show. ThePrint
  3. ↑ Fravashi Academy:: We create values, We care... fravashiacademy.com
  4. ↑ http://feminamissindia.indiatimes.com/archives/miss-india-winners-2009-1964/2009-2001/Sayali-Bhagat/articleshow/7283004.cms
  5. ↑ (24 November 2008). http://www.hindu.com/thehindu/holnus/009200811241760.htm
  6. ↑ Femina Miss India: The crown that won Sayali Bhagat the ticket to Bollywood!. www.femina.in
  7. ↑ (28 August 2008). Its official! Sayali is dating Shoaib
  8. ↑ (2010). Love? Not actually.
  9. ↑ (2010-04-02). I Was Never Seeing Shoaib Malik, Says Former Miss India Sayali Bhagat. India TV News
  10. ↑ Shoaib Malik eyeing romance with Sayali in a Bollywood film. Rediff.com
  11. ↑ रेवाड़ी की बहू बनीं पूर्व मिस इंडिया सयाली भगत. Amar Ujala
  12. ↑ Sayali marriage
  13. ↑ Bhatnagar, Rohit. (2015-10-03). I am not from any Bollywood family with fancy surnames: Sayali Bhagat. Deccan Chronicle
  14. ↑ ‘The Train’ actress Sayali Bhagat shares first glimpse of daughter Ivankaa Singh, shares pregnancy photos
  15. ↑ Samadhi Movie Review
  16. ↑ Service, Tribune News. (18 August 2015). Root cause
  17. ↑ (2 September 2009). Khatron Ke Khiladi -Season 2 winner revealed?

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীপঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সায়ালি‍ ভগত” প্ৰবন্ধৰ সংশোধন ৬২৭৩৯৩ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।