লীলা নাইডু ( Leela Naidu; ১৯৪০ – ২৮ জুলাই ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ বাস্তৱ জীৱনৰ নানাৱতী গোচৰৰ আধাৰত নিৰ্মিত য়ে ৰাষ্টে হ্যায় প্যাৰ কে (১৯৬৩) আৰু মাৰ্চেণ্ট আইভৰি প্ৰডাকচনৰ প্ৰথমখন ছবি দ্য হাউছহোল্ডাৰকে ধৰি কম সংখ্যক হিন্দী আৰু ইংৰাজী ছবিত অভিনয় কৰিছিল। ১৯৫৪ চনত ফেমিনা মিছ ইণ্ডিয়া হিচাপে পৰিগণিত হৈছিল আৰু মহাৰাণী গায়ত্ৰী দেৱীৰ সৈতে Vogue আলোচনীত "বিশ্বৰ দহগৰাকী আটাইতকৈ ধুনীয়া মহিলা"ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল, যিখন তালিকা ১৯৫০ দশকৰ পৰা ১৯৬০ দশকলৈকে বিশ্বৰ বিশিষ্ট ফেশ্বন আলোচনীসমূহত তেওঁক অবিৰতভাৱে অন্তৰ্ভুক্ত হৈছে। ধ্ৰুপদী সৌন্দৰ্য্য আৰু সূক্ষ্ম অভিনয় শৈলীৰ বাবে তেওঁক স্মৰণ কৰা হয়।
প্ৰাৰম্ভিক জীৱন
লীলা নাইডুৰ ভাৰতৰ বম্বেত (বৰ্তমান মুম্বাই) জন্ম হৈছিল। তেওঁৰ পিতৃ অন্ধ্ৰপ্ৰদেশৰ চিট্টুৰ জিলাৰ মদনাপল্লেৰ ড° পট্টিপতি ৰমাইয়া নাইডু, এজন সুপৰিচিত পাৰমাণৱিক পদাৰ্থবিজ্ঞানী আৰু পেৰিছত ডক্টৰেট ডিগ্ৰীৰ থিছিছৰ বাবে নোবেল বঁটা বিজয়ী মেৰী কুৰীৰ তত্বাৱধানত কাম কৰিছিল। পেৰিছত মেডাম কিউৰীৰ এটা লেব তেওঁ চলাইছিল। তেওঁ দক্ষিণ-পূব এছিয়াৰ বাবে ইউনেস্ক’ৰ বৈজ্ঞানিক উপদেষ্টা আছিল, আৰু পিছলৈ টাটা গ্ৰুপৰ উপদেষ্টা হৈছিল। তেওঁৰ মাতৃ সাংবাদিক আৰু ইণ্ড'লজিষ্ট, দক্ষিণ-ফ্ৰান্সৰ পণ্ট ডি এভিগননৰ ড° মাৰ্থে মাংগে নাইডু, চুইছ-ফ্ৰান্স মূলৰ আছিল আৰু ছ’ৰবনৰ পৰা পি এইচ ডি লাভ কৰিছিল।১২৩ মাৰ্থেৰ ৭টা গৰ্ভপাত হোৱাৰ বাবে আঠটা গৰ্ভাৱস্থাৰ ভিতৰত লীলা নাইডু আছিল একমাত্ৰ জীয়াই থকা সন্তান।
চলচ্চিত্ৰপঞ্জী
- অনুৰাধা (১৯৬২)
- উমিদ (১৯৬২)
- য়ে ৰাস্তে হ্যায় প্যাৰ কে (১৯৬৩)
- গৃহস্থ (১৯৬৩)
- বাঘী (১৯৬৪)
- আব্ৰু (১৯৬৮) .
- গুৰু (১৯৬৯)
- ত্ৰিকাল (১৯৮৫)
- ইলেক্ট্ৰিক মুন (১৯৯২) ..
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Profile Lata Khubchandani, Prevention Today (ইণ্ডিয়া টুডে)."French Mother"
- ↑ (17 August 2009). The Art Of Being Radiant. Outlook
- ↑ Pinto, Jerry. (6 May 2010). LEELA: A PATCHWORK LIFE. Penguin UK. ISBN 9788184752540
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা নাইডু” প্ৰবন্ধৰ সংশোধন ৬৩৭৭২৪ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।