অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মিনু মুমতাজ

মিনু মুমতাজ (জন্ম:মালিকুন্নিছা আলী; ২৬ এপ্ৰিল ১৯৪২ – ২৩ অক্টোবৰ ২০২১; Minoo Mumtaz; এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত কৌতুক অভিনেতা মেহমুদৰ ভনীয়েক আৰু মেহমুদ আলী চলচ্চিত্ৰ পৰিয়ালৰ অংশ আছিল।

হালনাগাদ: ৩ মাৰ্চ ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মিনু মুমতাজ (জন্ম:মালিকুন্নিছা আলী; ২৬ এপ্ৰিল ১৯৪২ – ২৩ অক্টোবৰ ২০২১; Minoo Mumtaz; এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত কৌতুক অভিনেতা মেহমুদৰ ভনীয়েক আৰু মেহমুদ আলী চলচ্চিত্ৰ পৰিয়ালৰ অংশ আছিল। মিনু মুমতাজে ১৯৫০ আৰু ১৯৬০ দশকৰ বহু হিন্দী ছবিত অভিনয় কৰিছিল, বেছিভাগেই নৃত্যশিল্পী আৰু চৰিত্ৰ অভিনেত্ৰী হিচাপে।১২

কৰ্মজীৱন

তেওঁৰ “মিনু” নাম বেলেগে নহয়,মীনা কুমাৰীয়ে ৰাখিছিল।। তেওঁ মঞ্চ নৃত্যশিল্পী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু পিছলৈ ১৯৫০৩ আৰু ১৯৬০ৰ দশকৰ বহু ছবিত নৃত্যশিল্পী হিচাপে কাম কৰিছিল। তেওঁৰ প্ৰথমখন ছবি আছিল সাখী হাতিম। ব্লেক কেট৪ (১৯৫৯) ছবিখনত বলৰাজ সাহনীৰ বিপৰীতে মুখ্য চৰিত্ৰ এটাত অভিনয় কৰিছিল। তেওঁক চি.আই.ডি.ত (১৯৫৬) "বুজ মেৰা ক্যা নাম ৰে" গীতটোৰে৫, আৰু হাওৰা ব্ৰীজত (১৯৫৮) নৃত্যশিল্পী হিচাপে দেখা যায়। তেওঁ গুৰু দত্তৰ কাগজ কে ফুল (১৯৫৯), চৌধবী কা চান্দ (১৯৬০) আৰু চাহিব বিবি ঔৰ গুলাম (১৯৬২) আদি ছবিতো অভিনয় কৰিছিল। ইহুদী (১৯৫৮), তাজমহল (১৯৬৩), ঘুংঘট (১৯৬০), ঘৰানা (১৯৬১), ইনছান জাগ উঠা (১৯৫৯), ঘৰ বছাকে দেখো (১৯৬৩), গজল (১৯৬৪), ছিন্দবাদ, আলিবাবা, আলাদিন, জাহানাৰা (১৯৬৪) ছবিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৫৮ চনৰ হাওৰা ব্ৰীজ ছবিখনে এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল, কাৰণ এই ছবিখনত মিনু মুমতাজে তেওঁৰ তেজৰ সম্পৰ্ক থকা ভাতৃ মেহমুদৰ সৈতে অনস্ক্ৰীণ ৰোমাঞ্চ কৰা দেখা গৈছিল। ভায়েক-ভনীয়েকক ৰোমান্টিক চৰিত্ৰত দেখা পাই মানুহে স্তম্ভিত হৈ পৰিছিল।৬

তথ্যসূত্ৰ

  1. ↑ Zaveri, Hanif. (1 July 2005). Mehmood, a Man of Many Moods. Popular Prakashan. ISBN 9788179912133
  2. ↑ Song with the siblings - Mehmood and Minoo Mumtaz in Howrah Bridge (1958)
  3. ↑ Main Tumhi Se Poochti Hoon song - Black Cat (1959)
  4. ↑ Boojh Mera Kya Naam Re song
  5. ↑ सगे भाई-बहन थे ये बॉलीवुड स्टार, स्क्रिप्ट की मांग पर ऑनस्क्रीन करना पड़ा था रोमांस
  6. ↑ (23 October 2021). Mehmood's sister, actor Minoo Mumtaz, dies in Canada. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিনু মুমতাজ” প্ৰবন্ধৰ সংশোধন ৫৮৪৩৯১ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।