মহেশ্বৰী (Maheswari) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰিছিল। ১৯৯৪ চনৰ পৰা ২০০০ চনলৈ তেওঁ তেলেগু আৰু তামিল ছবিৰ অন্যতম আগশাৰীৰ অভিনেত্ৰীসকলৰল অন্যতম আছিল। তেওঁ জগপতি বাবু, জে ডি চক্ৰৱৰ্তী, ৰবি তেজা, অজিত কুমাৰ, চিয়ান বিক্ৰম, প্ৰভু, অৰ্জুন সৰ্জা, প্ৰভু দেৱা, শিৱ ৰাজকুমাৰ আদি প্ৰধান তাৰকাৰ সৈতে অভিনয় কৰে। পেল্লী (১৯৯৭), গুলাবী (১৯৯৫), কৰুত্থমা (১৯৯৪), আৰু উল্লাসম (১৯৯৭) ছবিত অভিনয়ৰ বাবে তেওঁ বেছিকৈ পৰিচিত।১
কেৰিয়াৰ
১৭ বছৰ বয়সতে ১৯৯৪ চনত ভাৰতীৰাজৰ পৰিচালনাত নিৰ্মিত তামিল ছবিৰ কৰুত্থামাৰ জৰিয়তে চলচ্চিত্ৰীয় জীৱন আৰম্ভ কৰে আৰু ছবিখনে বক্স অফিচত সফল হয়। ১৯৯৫ চনত গুলাবী নামৰ দ্বিতীয়খন তেলেগু ছবিৰে তেলেগু ভাষাত জনপ্ৰিয় হৈ উঠে। ইয়াত তেওঁ অভিনেতা জে ডি চক্ৰৱৰ্তীৰ সৈতে বিপৰীতে পূজাৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। পৰৱৰ্তী সময়ত তেওঁ বহুত ছবিৰ অফাৰ পায়। মহেশ্বৰীৰ প্ৰথম কানাড়া ছবি আছিল ১৯৯৫ চনৰ অন্নভ্ৰা মক্কলু। ১৯৯৬ চনত ৰাম গোপাল বাৰ্মাৰ নিৰ্মাণ আৰু পৰিচালনাত প্ৰথমখন হৰৰ ছবি দেয়মত কাম কৰে। ইয়াত তেওঁ কবৰস্থানৰ ওচৰৰ এৰাপৰলীয়া ঘৰ এটা কিনা, সিন্ধুৰ ভনীয়েক মাহীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনত আৰু ১৯৯৬ চনৰ তেলেগু অপৰাধমূলক ছবি ম্ৰুগমত তেওঁ পুনৰ অভিনেতা জে ডি চক্ৰৱৰ্তীৰ সৈতে অভিনয় কৰে। ১৯৯৯ চনত বহু বঁটা বিজয়ী ছবি নী কোছমত মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ নন্দী বঁটা আজুৰি আনিবলৈ সক্ষম হয়।২৩
তিৰুমালা তিৰুপতি ভেংকটেশ ছবিত অভিনয় কৰাৰ পিছত ২০০০ চনত কেৰিয়াৰৰ শীৰ্ষত থাকোঁতেই তেওঁ চলচ্চিত্ৰ জগত ত্যাগ কৰে। ২০০৮ চনত তিৰুপতিৰ চফটৱেৰ ইঞ্জিনিয়াৰ জয়কৃষ্ণৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।
বৰ্তমান তেওঁ ফেশ্বন ডিজাইনাৰ হিচাপে বিকল্প কেৰিয়াৰ গঢ়ি তুলিছে আৰু শেহতীয়াকৈ হায়দৰাবাদত এটা ষ্ট'ৰ খুলি তেওঁৰ নতুন লেবেল ‘মাহে আয়পন’ মুকলি কৰিছে, যিটো শ্ৰীদেৱীয়ে উদ্বোধন কৰিছিল।৪৫
তথ্যসূত্ৰ
- ↑ Ullaasam / உல்லாசம். Screen4Screen
- ↑ M. L. Narasimham. (8 July 2002). Looking for diverse roles. The Hindu
- ↑ Archived copy. www.zaminryot.com
- ↑ (1 December 2014). 'My aunt has been my backbone' - Maheswari, Sridevi's niece. Deccan Chronicle
- ↑ Maheshwari is a talented designer: Sridevi - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহেশ্বৰী” প্ৰবন্ধৰ সংশোধন ৬১৬০৯৩ (৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।