অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শতাব্দী ৰয়

শতাব্দী ৰায় (Satabdi Roy; জন্ম: ৫ অক্টোবৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক আৰু ৰাজনীতিবিদ। অভিনেত্ৰী হিচাপে তেওঁ বাংলা চিনেমালৈ আগবঢ়োৱা কামৰ বাবে পৰিচিত। দুবাৰৰ বাবে তেওঁ বিএফজেএ বঁটা লাভ কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শতাব্দী ৰায় (Satabdi Roy; জন্ম: ৫ অক্টোবৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক আৰু ৰাজনীতিবিদ। অভিনেত্ৰী হিচাপে তেওঁ বাংলা চিনেমালৈ আগবঢ়োৱা কামৰ বাবে পৰিচিত।১ দুবাৰৰ বাবে তেওঁ বিএফজেএ বঁটা লাভ কৰিছে। অভিনেত্ৰী হিচাপে তেওঁ ১৯৮০ আৰু ১৯৯০ চনৰ শেষৰ ফালে বাণিজ্যিক বাংলা চিনেমাৰ শৃংখলাত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰিছিল। ২৩ পৰিচালক হিচাপে তেওঁক অতিৰিক্ত বিষয়বস্তুৰ ব্যৱহাৰৰ বাবে সমালোচনা লাভ কৰিছে। তেওঁ ২০০৯ চনৰ পৰা তৃণমূল কংগ্ৰেছৰ সংসদ সদস্য।

ৰয়ে প্ৰসেনজিৎ চেটাৰ্জীৰ বিপৰীতে তপন সিনহাৰ বহু প্ৰশংসিত বাংলা ছবি আতংকা (১৯৮৬)ত চলচ্চিত্ৰত অভিষেক ঘটায়, যাৰ জৰিয়তে তেওঁ ১৯৮৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বি এফ জে এ বঁটা লাভ কৰে।৪ অমৰ বন্ধন (১৯৮৬), গুৰু দক্ষিণা (১৯৮৭), অন্তৰংগা (১৯৮৮), আপন অমৰ আপন (১৯৯০) আৰু অভিষ্কাৰ (১৯৯০) আদি ছবিত তাপস পলৰ সৈতে অভিনয় কৰাৰ পিছত তেওঁ তাৰকা হিচাপে মৰ্যাদা পাইছিল।৫ প্ৰসেনজিৎ চেটাৰ্জীৰ সৈতে তেওঁৰ প্ৰধান হিট ছবিসমূহৰ ভিতৰত আলিংগন (১৯৯০), শ্ৰদ্ধাঞ্জলি (১৯৯৩), লাঠি (১৯৯৬), সখী তুমি কাৰ (১৯৯৬), চন্দ্ৰগ্ৰহণ (১৯৯৭), ৰানোখেত্ৰো (১৯৯৮), সাজনী আমৰ সোহাগ (২০০০) আৰু ত্ৰিশুল (২০০০)ৰ নাম উল্লেখ কৰিব পাৰি। ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক জ্যোতি স্বৰূপৰ ছবি নয়া জাহেৰ (১৯৯১)ৰ জৰিয়তে তেওঁ বলীউডত অভিষেক ঘটায়। তপন সিনহাৰ সৈতে তেওঁৰ অন্তৰ্ধান (১৯৯২) ছবিখনত দ্বিতীয়বাৰৰ বাবে সহযোগিতা কৰে। ২০০৫ চনত ৰাজা সেনৰ দেবিপক্ষত অভিনয় কৰাৰ বাবে তেওঁক দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বি এফ জে এ বঁটা প্ৰদান কৰা হয়। অভিনেত্ৰী (২০০৬) ছবিৰে তেওঁ পৰিচালনাৰ আৰম্ভণি কৰে, যিখন ছবি বাংলা মেটিনি মূৰ্তি সুচিত্ৰা সেনৰ জীৱন আৰু কেৰিয়াৰৰ প্ৰতিফলন আছিল।৬৭

প্ৰাথমিক জীৱন

আগৰপাৰাত শৈলেন আৰু নিলিমা ৰয়ৰ ঘৰত শতাব্দী ৰয়ৰ জন্ম হৈছিল।৮১৯৮৬ চনত সৰোজিনী হাইস্কুলৰ পৰা মাধ্যমিক উত্তীৰ্ণ হোৱা শতাব্দী ৰায়ে পিছলৈ কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মহিলা মহাবিদ্যালয় যোগমায়া দেৱী মহাবিদ্যালয়ত অধ্যয়ন কৰে।

ৰাজনীতি

২০০৯ চনত পশ্চিম বংগৰ বীৰভুম সমষ্টিৰ পৰা তেওঁ তৃণমূল কংগ্ৰেছৰ টিকট লাভ কৰে। তেওঁ লোকসভা নিৰ্বাচনত জয়লাভ কৰি সংসদৰ সদস্য হয়।৯১০২০১৪, ২০১৯ আৰু ২০২৪ চনত পুনৰ একেটা সমষ্টিৰ পৰাই তৃণমূল কংগ্ৰেছৰ টিকটত জয়লাভ কৰে।

ব্যক্তিগত জীৱন

চিনেমাত কাম নকৰা সময়ত ৰয়ে শতাব্দী ফাউণ্ডেশ্যনত অভিনয় শিকাইছিল বা পুত্ৰ সম্যোৰাজ বেনাৰ্জী (টোজো), কন্যা সমিয়না বেনাৰ্জী (জুমি) আৰু শতাব্দী ৰয় ফাউণ্ডেশ্যনৰ কাৰ্যবাহী পৰিচালক স্বামী মৃগাংক বেনাৰ্জীৰ সৈতে সময় কটায়।১১

তথ্যসূত্ৰ

  1. ↑ Satabdi Roy movies, filmography, biography and songs. Cinestaan
  2. ↑ টালিউডেৰ জনপ্ৰিয় অভিনেত্ৰী শতাব্দী ৰায়. Channel 24
  3. ↑ ৰিপোৰ্ট কাৰ্ডে দুই মেৰুতে শতাব্দী, অনুপম. anandabazar.com
  4. ↑ FilmiClub. BFJA Awards 1987: Complete list of Awards and Nominations. FilmiClub
  5. ↑ (24 April 2019). তাপসকে খুব মিস কৰব: শতাব্দী. Eisamay
  6. ↑ দেবশ্ৰীৰ সঙ্গে ভালো সম্পৰ্ক ছিল না: শতাব্দী. EI Samay
  7. ↑ After Gangster, it's Metro. The Telegraph (India)
  8. ↑ (29 July 2020). কৰোনাৰ কবলে শতাব্দী ৰায়েৰ পৰিবাৰ, আক্ৰান্ত তাৰকা সাংসদেৰ বাবা. Hindustantimes Bangla
  9. ↑ S.Saha. Satabdi Roy - Political Profile, Contact, Blogs, News, Address. westbengalelectionresult.com
  10. ↑ The Telegraph - Calcutta (Kolkata) · Nation · Shatabdi takes to playing teacher. The Telegraph (India)
  11. ↑ My Weekend - Satabdi Roy. telegraph.com

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীপশ্চিম বংগৰ ৰাজনীতিত মহিলাপশ্চিমবংগ তৃণমূল কংগ্ৰেছৰ ৰাজনীতিবিদভাৰতীয় অভিনয় শিল্পীভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীচলচ্চিত্ৰ পৰিচালকলোকসভাৰ সাংসদভাৰতৰ মহিলা সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শতাব্দী ৰয়” প্ৰবন্ধৰ সংশোধন ৬৩৭৭৩৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।