মানুষী ছিল্লাৰ (Manushi Chhillar; জন্ম ১৪ মে' ১৯৯৭) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাকী ভাৰতীয় মহিলা। ইয়াৰদ্বাৰা ভাৰতে ভেনিজুৱেলাৰ লগত আটাইতকৈ বেছি সংখ্যক অৰ্থাৎ ৬ বাৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ জয় কৰা দেশ হৈ পৰিল। ১৭ বছৰ আগতে ২০০০ চনৰ মিছ ৱৰ্ল্ডৰ খিতাপ প্ৰিয়ংকা চোপ্ৰায়ে পঞ্চম বাৰৰ বাবে ভাৰতলৈ আজুৰি আনিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৯৭ চনৰ ১৪ মে তাৰিখে মানুষীৰ হাৰিয়ানাৰ এক সুশিক্ষিত পৰিয়ালত জন্ম হৈছিল। তেওঁৰ পিতৃ ড॰ মিত্ৰ বসু চিল্লাৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ বিজ্ঞানী আৰু মাতৃ ড॰ নীলম চিল্লাৰ মানৱ ব্যৱহাৰ সম্বন্ধ বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক তথা স্নায়ৱিক ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী।১
তেওঁ চেইণ্ট থমাছ'ছ স্কুলত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে আৰু বৰ্তমান হাৰিয়ানাৰ ভগৎ ফুল সিং মহিলা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা বিজ্ঞান পঢ়ি আছে।২৩ তেওঁ এগৰাকী কুচিপুড়ি নৃত্য পটীয়সী তথা বিখ্যাত ৰাজা আৰু ৰাধা ৰেড্ডীৰ পৰা তেওঁ নৃত্য শিক্ষা গ্ৰহণ কৰিছে।
তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়তো শিক্ষা লাভ কৰিছিল।৪
সৌন্দৰ্য প্ৰতিযোগিতা
২০১৭ চনৰ ২৫ জুন তাৰিখে মানুষীয়ে তেওঁৰ ৰাজ্য হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ত অংশগ্ৰহণ কৰে।৫ এই প্ৰতিযোগিতাত তেওঁ মিছ ফটোজেনিক খিতাপ জয় কৰাৰ লগতে চূড়ান্ত প্ৰতিযোগিতাৰ খিতাপ নিজৰ দখললৈ আনে। মিছ ইণ্ডিয়া ২০১৭ জয় কৰাৰ বাবে তেওঁ মিছ ৱৰ্ল্ড ২০১৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়।৬৭৮৯
মিছ ৱৰ্ল্ড ২০১৭ প্ৰতিযোগিতাততেও টপ মডেল, পিপলছ চইছ আৰু মাল্টি মিডিয়া প্ৰতিযোগিতাত চেমি ফাইনেলিষ্ট আৰু বিউটি ৱিথ পাৰপছত সহঃ ৱবিজয়ীৰ খিতাপ লাভ কৰে। তেওঁৰ বিউটি ৱিথ পাৰপছৰ প্ৰকল্প আছিল প্ৰকল্প শক্তি। এই প্ৰকল্পত মহিলা সকলক ঋতুচক্ৰৰ সময়ত লবলগীয়া চাফ-চিকুণতাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।১০ প্ৰকল্পৰ বাবে তেওঁ প্ৰায় ২০খন গাঁও ভ্ৰমণ কৰি প্ৰায় ৫০০০ মহিলাক সামৰিলে।১১ ২০১৭ চনৰ ১৮ নৱেম্বৰ তাৰিখে চীন দেশৰ চনায়াত অনুষ্ঠিত চূড়ান্ত প্ৰতিযোগিতাত মানুষী ছিল্লাৰক চূড়ান্ত বিজয়ী ঘোষণা কৰা হয়। মিছ ৱৰ্ল্ড বিজয়ী তেওঁ ষষ্ঠ গৰাকী ভাৰতীয়।১২১৩
তথ্যসূত্ৰ
- ↑ (July 6, 2017). DRDO, friends and family celebrate Manushi Chillar's Miss India victory. Indiatimes
- ↑ (June 25, 2017). Femina Miss India World 2017: Haryana girl Manushi Chhillar walks away with crown, title. First Post
- ↑ (June 25, 2017). Haryana girl Manushi Chhillar is Femina Miss India World 2017. Hindustan Times
- ↑ (April 17, 2017). 5 unknown facts about Miss India Haryana 2017. Indiatimes
- ↑ (Jun 8, 2017). Haryana is a state of farmers and fighters: Manushi Chhillar. Indiatimes
- ↑ (June 26, 2017). Leaving Behind 29 Contestants, Haryana Girl Manushi Chhillar Wins 54th Femina Miss India Title. Times Of India
- ↑ (June 26, 2017). Manushi Chhillar from Haryana wins the title of Miss India 2017. Yahoo
- ↑ (June 28, 2017). My idol is Reita Faria: Miss India World Winner Manushi chhillar. Eastern Mirror
- ↑ (June 25, 2017). Manushi Chhillar from Haryana wins the title of Miss India 2017. India Today
- ↑ (July 2, 2017). Miss India World 2017 Manushi Chhillar on her mission. Gulf News
- ↑ (October 22, 2017). I am going to make sure that the world remembers India: Manushi Chhillar. Indiatimes
- ↑ Ranjan, Richa. (18 November 2017). Manushi Chhillar crowned as Miss World 2017. Femina
- ↑ India's Manushi Chillar crowned ‘Miss World 2017’
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানুষী ছিল্লাৰ” প্ৰবন্ধৰ সংশোধন ৫৩১৩৯৯ (১০ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।