হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
গিৰিজা শ্বেট্টাৰ
গিৰিজা শ্বেট্টাৰ (ইংৰাজী: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
গীতা বাছৰা
গীতা বাছৰা (ইংৰাজী: Geeta Basra; জন্ম: ১৩ মাৰ্চ, ১৯৮৪) এগৰাকী ইংৰাজ প্ৰাক্তন অভিনেত্ৰী যিয়ে বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৬ চনত তেওঁ বলিউডত অভিনয় জীৱনৰ পাতনি মেলিছিল।
-
গোহৰ মামাজীৱালা
গোহৰ মামাজীৱালা বা গৌহৰ বা সম্পূৰ্ণ নাম: গোহৰ আব্দুল কায়ুম মামাজীৱালা (Gohar Mamajiwala; ১৯১০-১৯৮৫) ১৯১০ চনত ব্ৰিটিছ ভাৰতৰ লাহোৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু প্ৰযোজক আছিল। ১৯২৫-ৰ পৰা ১৯৪০-লৈ মিচ গোহৰ নামেৰে জনাজাত এই গৰাকী ব্যক্তি অভিনেত্ৰীৰূপে জনপ্ৰিয়তাৰ তুংগত আছিল।
-
গ্ৰেচী সিং
গ্ৰেচী সিং (ইংৰাজী: Gracy Singh; জন্ম: ২০ জুলাই ১৯৮০) সিং এজন প্ৰশিক্ষিত ভাৰতনট্যম আৰু ওডিছি নৃত্যশিল্পীও।
-
ছমী আলী
ছমী আলী (উৰ্দু: سومی علی; জন্ম ২৫ মাৰ্চ ১৯৭৬) এগৰাকী পাকিস্তানী-আমেৰিকান অভিনেত্ৰী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা, মডেল আৰু সমাজকৰ্মী, যিয়ে বলিউড চলচ্চিত্ৰত কাম কৰিছে। তেওঁ ২০০৭ চনৰপৰা “ন' ম'ৰ টিয়েৰ্চ” নামৰ এটা অলাভজনক সংস্থা পৰিচালনা কৰি আহিছে।
-
ছিমৰন কৌৰ মুণ্ডী
ছিমৰন কৌৰ মুণ্ডী (ইংৰাজী: Simran Kaur Mundi) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ ২০০৮ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৮-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ছোনিয়া ৰাথি
ছোনিয়া ৰাথি (জন্ম ২৫ ডিচেম্বৰ ১৯৯৬) হৈছে এগৰাকী ভাৰতীয়-আমেৰিকান অভিনেত্ৰী, মডেল, আৰু নৃত্যশিল্পী। তেওঁ মূলতে ভাৰতীয় টেলিভিছন আৰু চলচ্চিত্ৰত কাৰ্য্য কৰে।
-
জয়শ্ৰী গড়কৰ
জয়শ্ৰী গড়কৰ (ইংৰাজী: Jayshree Gadkar; জন্ম: ২১ ফেব্ৰুৱাৰী ১৯৪২ – ২৯ আগষ্ট ২০০৮) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মাৰাঠী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁক মাৰাঠী চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ তাৰকা হিচাপে গণ্য কৰা হয়।
-
জয়শ্ৰী টি.
জয়শ্ৰী তলপড়ে (ইংৰাজী: Jayshree Talpade) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী যিয়ে প্ৰধানকৈ হিন্দী চলচ্চিত্ৰ প্ৰডাকচন আৰু কেইটামান টেলিভিছন প্ৰডাকচনত কাম কৰে।
-
জাৰা এছ খান
জাৰা এছ খান (ইংৰাজী: Zahrah S. Khan) এগৰাকী ভাৰতত কৰ্মৰত ব্ৰিটিছ অভিনেত্ৰী আৰু নেপথ্য গায়িকা। তেওঁ অভিনেত্ৰী আৰু গায়িকা হিচাপে বলিউডলৈ অৱদান আগবঢ়াইছে।
-
ডিম্পল হায়াথি
ডিম্পল হায়াথি (জন্ম ২১ আগষ্ট ১৯৯৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মুখ্যতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে।
-
নম্ৰতা শিৰোদকৰ
নম্ৰতা শিৰোদকৰ (জন্ম: ২২ জানুৱাৰী ১৯৭২) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ শিৰোপাধাৰী, যিয়ে ১৯৯৩ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল। তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
নাথালিয়া কৌৰ
নাথালিয়া পিনহেইৰো ফেলিপ মাৰ্টিন্স (জন্ম: ১৫ আগষ্ট ১৯৯৩), যি নাথালিয়া কৌৰ নামেৰে অধিক পৰিচিত, এগৰাকী ব্ৰাজিলিয়ান মডেল আৰু অভিনেত্ৰী যিয়ে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ বিশেষকৈ বলিউড আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত আইটেম চং আৰু অভিনয়ৰ বাবে পৰিচিত।
-
নাৰ্গিছ বাঘেৰী
নাৰ্গিছ বাঘেৰী এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু গায়িকা, যিয়ে বলীউড আৰু কলিউড ছবিত অভিনয় কৰিছিল আৰু বলীউডৰ এখন ছবিৰ বাবে গীত গাইছিল। তেওঁক বলীউডৰ এগৰাকী আগশাৰীৰ অভিনেত্ৰীৰ দৰে একে নাৰ্গিছ নামেৰে জনা যায়। বাঘেৰীৰ ঘৰ পুনেত। ২০০৫ চনত মুক্তি পোৱা গৰম মছলা আছিল তেওঁৰ প্ৰথম ছবি।
-
নিধি আগৰৱাল
নিধি আগৰৱাল এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। ২০১৪ চনৰ মিছ ডিভা ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত আগৰৱালে হিন্দী ছবি মুন্না মাইকেল (২০১৭)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ জি চিনে বঁটা শ্ৰেষ্ঠ মহিলা অভিষেক লাভ কৰে।
-
নিম্মী
নিম্মী (জন্ম:নবাব বানো; Nimmi; ১৮ ফেব্ৰুৱাৰী ১৯৩৩ – ২৫ মাৰ্চ ২০২০), হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী যুগৰ" অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে গণ্য কৰা নিম্মি ১৯৫০ দশকৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
নীতু চন্দ্ৰা
নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী, তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত।
-
পলোমি ঘোষ
পলোমি ঘোষ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলত হিন্দী, কোংকণী আৰু ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কোংকণী সংগীত নাটক 'নাচোম-ইয়া কুম্পাছাৰ'ৰ বাবে জাতীয় চলচ্চিত্ৰ বঁটা – বিশেষ উল্লেখ লাভ কৰিছে।
-
পাখী হেগড়ে
পাখী হেগড়ে (ইংৰাজী: Pakkhi Hegde; জন্ম: ৭ জুন ১৯৭০) মুম্বাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ধাৰাবাহিকৰ লগতে, ভোজপুৰী, তুলু মাৰাঠী, হিন্দী, পঞ্জাবী আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে।
-
পায়েল ঘোষ
পায়েল ঘোষ (জন্ম ১৯৮৯) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ মুখ্যতঃ তেলেগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)ৰ মহিলা শাখাৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
পিয়া বাজপেয়ী
পিয়া বাজপেয়ী এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে মূলতঃ তামিল আৰু হিন্দী ছবিত অভিনয় কৰে। ভেংকট প্ৰভুৰ কমেডী ছবি "গোৱা" আৰু কে ভি আনন্দৰ ৰাজনৈতিক থ্ৰিলাৰ "কো"ত অভিনয়ৰ কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত হয়।
-
প্ৰনূতন বাহল
প্ৰণূতন বাহল (জন্ম ১০ মাৰ্চ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পেছাদাৰী আইনজীৱী, যিয়ে মূলত হিন্দী চলচ্চিত্ৰত কাম কৰে। অভিনেতা মোহনীশ বাহল আৰু একতা সোহণীৰ কন্যা, বাহলে ২০১৯ চনত নোটবুক চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে, যাৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ নবাগত অভিনেত্ৰী বঁটা লাভৰ বাবে…
-
প্ৰিয়ংকা বোস
প্ৰিয়ংকা বোস (ইংৰাজী: Priyanka Bose; জন্ম: ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। মঞ্চ আৰু চলচ্চিত্ৰত সক্ৰিয় প্ৰিয়ংকাক বিশেষকৈ ইটালীৰ কথাছবি গংগোৰত কৰা অভিনয়ৰ বাবে জনা যায়।
-
প্ৰীতি ঝাংগিয়ানী
প্ৰীতি ঝাংগিয়ানী (ইংৰাজী: Preeti Jhangiani; জন্ম: ১৮ আগষ্ট ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ মালয়ালম চলচ্চিত্ৰ মাঝাভিল্লু (১৯৯৯)ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে আৰু বহুঅভিনেতা অভিনীত ৰোমাণ্টিক হিন্দী চলচ্চিত্ৰ মহব্বতে’ন (২০০০)ৰ জৰিয়তে…
-
বনানী চৌধুৰী (অভিনেত্ৰী)
বনানী চৌধুৰী (১৯২৪ - ৫ জানুৱাৰী ১৯৯৫) বাংলা চিনেমাৰ প্ৰথমগৰাকী মুছলমান অভিনেত্ৰী। তৎকালীন সমাজত মুছলমান মহিলাক ঘৰৰ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছিল। কিন্তু শত বাধা অতিক্ৰমি তেওঁ এক নজিৰ সৃষ্টি কৰিছিল আৰু পৰৱৰ্তীকালত মুছলমান অভিনেত্ৰীৰ বাবে চিনামাত অভিনয় কৰাৰ পথ প্ৰশস্ত কৰি তুলিছিল।
-
বনিতা সান্ধু
বনিতা সান্ধু (Banita Sandhu; জন্ম: ২২ জুন ১৯৯৭) এগৰাকী ৱেলছ অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত, অক্টোবৰ নামৰ হিন্দী ছবি এখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
বসুন্ধৰা দাস
বসুন্ধৰা দাস (জন্ম ২৭ অক্টোবৰ ১৯৭৭) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ অভিনয় জীৱনত হে ৰাম (তামিল/হিন্দী), মনচুন ৱেডিং (ইংৰাজী), চিটিজেন (তামিল), ৰাৱনা প্ৰভু (মালয়ালম), লংকেশ পাত্ৰিকে (কন্নড়) আদি চলচ্চিত্ৰ অন্তৰ্ভুক্ত।
-
বিবেকা বাবাজী
বিবেকা বাবাজী (২৭ মে’ ১৯৭৩ – ২৫ জুন ২০১০) এগৰাকী মৰিছাছৰ অভিনেত্ৰী, ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী আছিল। তেওঁ মিছ মৰিছাছ ৱাৰ্ল্ড ১৯৯৩ আৰু মিছ মৰিছাছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ লাভ কৰিছিল।
-
বেগম খুৰ্ছিদ মিৰ্জা
বেগম খুৰ্ছিদ মিৰ্জা ( Begum Khurshid Mirza; ৪ মাৰ্চ ১৯১৮ – ৮ ফেব্ৰুৱাৰী ১৯৮৯), এগৰাকী পাকিস্তানী টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ কৰ্মজীৱন ভাৰত বিভাজনৰ পূৰ্বৰ পৰা ১৯৮০ চনলৈকে ব্যপ্ত। তেওঁক পৰ্দাৰ নাম ৰেণুকা দেৱী বুলিও জনা যায়।
-
বেলা বোস
বেলা বোস (ইংৰাজী: Bela Bose; ১৮ এপ্ৰিল ১৯৪১ – ২০ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু অভিনেত্ৰী আছিল যিয়ে ১৯৬০ আৰু ১৯৭০-ৰ দশকত হিন্দী চলচ্চিত্ৰত সক্ৰিয় আছিল।