অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিমলা ৰমন

বিমলা ৰমন ( Vimala Raman) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী তথা প্ৰাক্তন মডেল, যিয়ে ভাৰতীয় চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মালয়ালম, তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ৰমনে ২০০৬ চনত তামিল ছবি “পই”ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ১২ মাৰ্চ ২০২৫ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বিমলা ৰমন ( Vimala Raman) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী তথা প্ৰাক্তন মডেল, যিয়ে ভাৰতীয় চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মালয়ালম, তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ৰমনে ২০০৬ চনত তামিল ছবি “পই”ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে। তেওঁ এগৰাকী প্ৰতিষ্ঠিত ভাৰতনাট্যম নৃত্যশিল্পী আৰু ছিডনীৰ নিউ চাউথ ৱেলছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক। ২০০৪ চনত তেওঁ মিচ ইণ্ডিয়া অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰে।১

কেৰিয়াৰ

২০০৬ চনত কে. বালাচন্দৰৰ পৰিচালনাত নিৰ্মিত তামিল ছবি “পই”ৰ জৰিয়তে ৰমনে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁৰ প্ৰথম মালয়ালম ছবি আছিল সুৰেশ গোপীৰ সৈতে “টাইম”। ২০০৭ চনত “প্ৰাণায়াকালাম“ত আজমল আমিৰৰ সৈতে আৰু “ছুৰিয়ান“ত জয়ৰামৰ সৈতে যোৰ বান্ধিছিল। সেই বছৰতে “নাচৰানী“ত মামুটিৰ সৈতে আৰু “ৰোমিঅ’ “ত দিলীপৰ সৈতেও অভিনয় কৰে। ২০০৮ চনত মোহনলালৰ সৈতে “কলেজ কুমাৰন“ত আৰু দিলীপৰ সৈতে “কলকাতা নিউজ“ত অভিনয় কৰা বিমলা ৰমনে অষ্ট্ৰেলিয়াৰ ছিডনীস্থিত নটনালয় ডান্স একাডেমীত অধ্যয়ন কৰিছিল। তেওঁ জয়লক্ষ্মী কন্দিয়াৰ তত্ত্বাৱধানত নৃত্যৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁৰ মাতৃভাষা তামিল।২৩

২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত অভিনেতা মোহনলালৰ সৈতে মালয়ালম ছবি “অপ্পাম“ত অভিনয় কৰে।৪৫

তথ্যসূত্ৰ

  1. ↑ (28 October 2004). Vimala Raman crowned Miss India Australia. The Tribune
  2. ↑ (23 January 2019). 'Evaraina Epudaina' fame Vimala Raman looks stunning on Instagram and we have proof. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (22 July 2020). Forgotten Actress' Surfaces in Hot Avatar
  4. ↑ (5 February 2016). Vimala Raman as Mohanlal's heroine. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ (24 January 2017). Vimala Raman as Mohanlal's heroine. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিমলা ৰমন” প্ৰবন্ধৰ সংশোধন ৪৯০৮৪০ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।