অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাগ্যশ্ৰী

ভাগ্যশ্ৰী পটৱৰ্ধন (भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।

হালনাগাদ: ২৩ জুলাই ২০২৬ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ভাগ্যশ্ৰী পটৱৰ্ধন (भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯)১ হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।

১৯৮৯ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'মেইনে প্যাৰ কিয়া'ৰ জৰিয়তে ভাগ্যশ্ৰীয়ে পোনপ্ৰথমে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। তেখেতৰ চৰিত্ৰটোৰ নাম আছিল 'সুমন'। এই বিশেষ চৰিত্ৰটোৰ দ্বাৰা তেখেতে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰে। আনহাতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ বঁটা লাভ কৰে। ছবিখনত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল ছলমান খানে। উল্লেখযোগ্য যে, এইখন ছবিত কৰা অভিনয়ৰ বাবে ভাগ্যশ্ৰী আজিও জনপ্ৰিয় আৰু সমাদৃত। এইখন তেখেতৰ সফল ছবি হিচাপেও পৰিগণিত।২নবৈৰ দশকত তেখেতে 'ত্যাগী', 'ৰানা'ৰ দৰে ছবি দুখনমানতহে অভিনয় কৰে। ১৯৯০ চনত হিমালয়া দশানীৰ লগত তেখেতে বৈবাহিক জীৱন আৰম্ভ কৰে।৩৪৫

একবিংশ শতিকাৰ প্ৰথমভাগৰ পৰা ভাগ্যশ্ৰীক পুনৰ পৰ্দাত দেখিবলৈ পোৱা যায়। ২০০২ চনৰ ছবি 'শত্ৰু ধ্বংস', ২০০৬ চনৰ ছবি 'উথাইলা ঘুংগতা ছান্দ দেখলে' আছিল তাৰে ভিতৰত দুখন। ২০০৬ চনতে তেখেতে 'হামকো দিৱানা কৰ গয়ে'তো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।৬ ২০১৪ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'টু ষ্টেটছ্'ৰ তেলুগু ভাষাৰ ৰিমেকৰ বাবে তেখেত এতিয়া সাজু হৈছে।৭

ছবিত অভিনয় কৰাৰ লগতে, ভাগ্যশ্ৰীয়ে ২০০৫ চনত 'ষ্টুডিঅ ওৱান' নামৰ টেলিভিছিন চিৰিজটোও পৰিচালনা কৰে। ২০১৪-১৫ বৰ্ষত 'লৌট আও তৃষা'ৰ বাবে ভাগ্যশ্ৰীয়ে 'ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ড'ৰ বাবে মনোনয়ন লাভ কৰে।৮ ভাগ্যশ্ৰী এগৰাকী সমাজকৰ্মীও। ২০১৫ চনৰ মাৰ্চত, ভাগ্যশ্ৰী 'ভাগ্যশ্ৰী স্কিম'ৰ ব্ৰেণ্ড এম্বাচাদৰ হিচাপে নিযুক্ত হয়। যিটো আছিল মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা আৰম্ভ হোৱা এটা বিশেষ আঁচনি।৯ দৰিদ্ৰ সীমা ৰেখাৰ তলত স্থানপ্ৰাপ্ত কন্যা শিশুৰ শিক্ষাৰ বাবে ভাগ্যশ্ৰী আঁচনিয়ে সহায়ৰ হাত আগবঢ়ায়।১০

১৯৯৩ চনত ভাগ্যশ্ৰীয়ে অভিনাশ ৱাধৱানৰ ছবি 'ঘৰ আয়া মেৰা পৰদেশী'ত অভিনয় কৰে।১১ নবৈৰ দশকত এইখনেই হৈছে ভাগ্যশ্ৰীৰ অন্তিমখন হিন্দী ছবি। ইয়াৰ পিছত তেখেতে দুখনমান তামিল, তেলুগু আৰু কন্নড় ভাষাৰ ছবিত অভিনয় কৰে। ভাগ্যশ্ৰীয়ে অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি আছিল 'য়ুৱাৰত্ন ৰাণা'। ছবিখনে মুক্তি লাভ কৰিছিল ১৯৯৮ চনত। ভাৰতৰ জনপ্ৰিয় টেলিভিছন অপৰাধমূলক ধাৰাবাহিক 'চিআইডি'ৰ কেইটামান খণ্ডতো ভাগ্যশ্ৰীয়ে ভূমুকি মাৰে। ইয়াৰ লগতে 'কভি কভি' নামৰ টিভি চিৰিজটোতো তেখেতক দেখিবলৈ পোৱা যায়।১২১৩

তথ্যসূত্ৰ

  1. ↑ (23 February 2020). Happy birthday Bhagyashree; The 'Maine Pyaar Kiya' actress quit films for this shocking reason - OrissaPOST. OrissaPOST
  2. ↑ I'm happy to be known as 'Maine Pyar Kiya' girl: Bhagyashree. Yahoo!
  3. ↑ Khan, Faizan. (3 July 2019). Bhagyashree's husband Himalaya Dasani arrested by Amboli police in gambling racket. Mid Day
  4. ↑ IANS. (13 July 2014). I never went away from my fans: Bhagyashree. The Indian Express
  5. ↑ (27 February 2020). Bhagyashree reveals she was separated from husband Himalaya for 1.5 years: I still get scared. India Today
  6. ↑ (14 August 2007). Bhagyashree back on the big screen. Manchester Evening News
  7. ↑ Paul, Papri. (14 March 2018). Bhagyashree to make a comeback with 2 States Telugu remake. The Times of India
  8. ↑ IANS. (17 June 2014). Bhagyashree Patwardhan back to screens with Laut Aao Trisha. news.biharprabha.com
  9. ↑ (11 March 2015). Maharashtra Government launches Bhagyashree Scheme for girl child, to be linked with Beti Bachao, Beti Padhao Scheme. India Today
  10. ↑ PTI. (24 January 2018). ‘Bhagyashree’ scheme for girls in Maharashtra. @businessline
  11. ↑ (6 July 2018). सलमान ख़ान की 29 साल पुरानी हीरोइन भाग्यश्री जब इस अंदाज़ में सिनेमा हॉल पहुंची, देखें तस्वीरें. Dainik Jagran
  12. ↑ www.imdb.com/title/tt2154157/
  13. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীফিল্মফেয়াৰ বঁটা বিজয়ীসমাজকৰ্মীভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগ্যশ্ৰী” প্ৰবন্ধৰ সংশোধন ৬১৮৯৩১ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।