মমতা কুলকাৰ্ণী (Mamta Kulkarni; জন্ম: ২০ এপ্ৰিল ১৯৭২) হিন্দী চলচ্চিত্ৰৰ এগৰাকী পৰিচিত অভিনেত্ৰী আৰু মডেল। আছিক আৱাৰা (১৯৯৩), ৱক্ত হামাৰা হায় (১৯৯৩), ক্ৰান্তিবীৰ (১৯৯৪), কৰণ অৰ্জুন (১৯৯৫), সবছে বড়া খিলাড়ী (১৯৯৫), আন্দোলন (১৯৯৫), বাজী (১৯৯৬), চাইনা গেট (১৯৯৮), চুপা ৰুস্তম: এ মিউজিকেল থ্ৰিলাৰ (২০০১) আদি ব্যৱসায় সফল ছবিত তেওঁ অভিনয় কৰিছে। আছিক আৱাৰা (১৯৯৩) ছবিৰ বাবে তেওঁ ১৯৯৪ চনৰ ‘লাক্স নিউ ফেচ অৱ দ্য ইয়েৰ’ শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। ৰাকেশ ৰোশন পৰিচালিত ব্লকবাষ্টাৰ ছবি কৰণ অৰ্জুনcত (১৯৯৫) কুলকাৰ্ণীয়ে ছলমন খানৰ বিপৰীতে অভিনয় কৰিছিল। কভি তুম কভি হম'' ছবিত অভিনয় কৰাৰ পিছত তেওঁ চলচ্চিত্ৰ জগত ত্যাগ কৰে।
কৰ্মজীৱন
১৯৯২ চনত তিৰংগা ছবিৰ জৰিয়তে কুলকাৰ্ণীয়ে চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ১৯৯৩ চনত আছিক আৱাৰা ছবিত অভিনয় কৰি ‘লাক্স নিউ ফেচ অৱ দ্য ইয়েৰ’ শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী পৰ্যায়ত তেওঁ ৱক্ত হামাৰা হায় (১৯৯৩), ক্ৰান্তিবীৰ (১৯৯৪), কৰণ অৰ্জুন (১৯৯৫), সবছে বড়া খিলাড়ী (১৯৯৫), বাজী (১৯৯৫) আদি বহু জনপ্ৰিয় ছবিত অভিনয় কৰে। এই সকলোবোৰ ছবিতে তেওঁ বেছিভাগেই মুখ্য অভিনেতাৰ প্ৰেমাস্পদৰ ভূমিকাত অভিনয় কৰিছিল।
চেভেন চামুৰাইৰ আধাৰত ৰাজকুমাৰ সন্তোষীয়ে নিৰ্মাণ কৰা অভিলাষী ছবি চাইনা গেটত নায়িকাৰ চৰিত্ৰত কুলকাৰ্ণীক বাচনি কৰা হয়। সন্তোষীৰ পূৰ্বৰ ছবি ঘাটক: লেথালৰ (১৯৯৬) এটা গীতত তেওঁ কেমিঅ’চৰিত্ৰ এটা অভিনয় কৰিছিল। অৱশ্যে পৰিকল্পনা অনুসৰি কাম নহ’ল। সন্তোষী আৰু কুলকাৰ্ণীৰ সম্পৰ্কত ফাট মেলে। তেওঁক ছবিখনৰ পৰা বাদ দিয়াৰ উৰাবাতৰি প্ৰচাৰ হ'বলৈ ধৰে আৰু তেওঁৰ হৈ গেংষ্টাৰ ছোটা ৰাজনে হস্তক্ষেপ কৰাৰ পিছতহে কুলকাৰ্ণীক ছবিখনত পুনৰ স্থান দিয়া হ’ল।১ অৱশেষত যেতিয়া ছবিখনে মুক্তি পায়, তেতিয়া ই সাধাৰণ ব্যৱসায়হে কৰিবলৈ সক্ষম হয়। তদুপৰি ছবিখনৰ একমাত্ৰ গীত ‘চম্মা চম্মা’ আইটেম নম্বৰটোত উৰ্মিলা মাটোণ্ডকাৰৰ দ্বাৰাহে চিত্ৰিত কৰা হয়; যদিও কুলকাৰ্ণী এনে আইটেম চঙত সিদ্ধহস্ত আছিল আৰু ইয়াৰ দ্বাৰা তেওঁ সুনাম গঢ়ি তুলিছিল। গীতটো চাৰ্টবাষ্টাৰ হিচাপে পৰিগণিত হয়, যাৰ ফলত মাটোণ্ডকাৰৰ জনপ্ৰিয়তা বহু পৰিমাণে বৃদ্ধি পায়।
এনে পট পৰিৱৰ্তনত ক্ষুব্ধ আৰু হতাশ হৈ কুলকাৰ্ণীয়ে সন্তোষীক তীব্ৰ সমালোচনা কৰে আৰু সন্তোষীৰ কথাত সহমত নোহোৱাৰ বাবে তেওঁৰ স্ক্ৰীণ-টাইম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰে।২ অৱশ্যে সন্তোষীয়ে ছবিখনৰ সৈতে জড়িত সকলো উৰাবাতৰি অস্বীকাৰ কৰে। বিষয়টোক নিৰৱে গাপ দিয়া হয়। কিন্তু এয়াই কুলকাৰ্ণীৰ কেৰিয়াৰৰ মৃত্যুৰ ঘণ্টাধ্বনি বুলি প্ৰমাণিত হ’ল। পৰৱৰ্তী সময়ত তেওঁ মাত্ৰ মুষ্টিমেয় ছবিতহে অভিনয় কৰিছিল আৰু নতুনকৈ তেওঁক চুক্তিবদ্ধ কৰা হোৱা নাছিল। তেওঁৰ শেষৰখন সফল ছবি আছিল চুপা ৰুস্তম: এ মিউজিকেল থ্ৰিলাৰ (২০০১)। ২০০২ চনৰ কভি তুম কভি হম ছবিৰ পিছত তেওঁ চলচ্চিত্ৰ জগত ত্যাগ কৰে। তেওঁ কন্নড় ভাষা, তামিল ভাষা, তেলুগু ভাষা, বঙালী ভাষা আৰু মালয়ালম ভাষা ভাষাৰ কেইখনমান ছবিতো অভিনয় কৰিছিল।৩৪
তথ্যসূত্ৰ
- ↑ (27 December 1997). The predator as prey. Rediff India
- ↑ (4 March 2005). J'accuse!. The Telegraph
- ↑ Once Bollywood 'Hot'Shots: Where Are They? – Features-Features & Events-Indiatimes – Movies . Movies.indiatimes.com. Retrieved 20 July 2013
- ↑ Do you know how Chhupa Rustam did at the Box Office?
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মমতা কুলকাৰ্ণী” প্ৰবন্ধৰ সংশোধন ৪১৩৮৩৫ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।